বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ সাত গৰাকীকৈ সাংবাদিকক বটা আৰু সন্মান প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 February 2024

বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ সাত গৰাকীকৈ সাংবাদিকক বটা আৰু সন্মান প্ৰদান

 যুৱ সাংবাদিক সন্থা অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস


'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাক 'সংবাদ শিৰোমণি বঁটা প্ৰদান







W7s news গুৱাহাটী: যুৱ সাংবাদিক সন্থা অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁবৰণি সভা কক্ষত অনুষ্ঠিত হয়।সংগঠনটোৰ মূখ্য উপদেষ্টা বুবুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে৷ পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চন্দন দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে৷ তাৰ পাছত অনুষ্ঠিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীক ‘জীৱনযোৰা সাধনা বঁটা’, ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক ‘সংবাদ শিৰোমণি সন্মান’, নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ- সম্পাদক ৰূপাংকৰ ডেকাক 'শ্ৰেষ্ঠ বাতৰি সম্পাদনা সন্মান’, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকক ‘শ্ৰেষ্ঠ প্ৰিন্ট মিডিয়া সন্মান’, ডিৱাই ৩৬৫ ৰ মৃদুস্মিতা ভূঞাক ‘শ্ৰেষ্ঠ ইলেক্ট্ৰনিক মিডিয়া সন্মান’ ,প্ৰতিদিন টাইমৰ বাতৰি পৰিৱেশিকা জুবি শইকীয়াক ‘শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান’ আৰু নিউজ লাইভৰ স্বপ্নশ্ৰী গোস্বামীক ‘শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা সন্মান’ প্ৰদান কৰা হয়৷ বটাপ্ৰাপক সকলক ফুলাম গামোছা, স্মাৰক, ফুলাম জাপি, মানপত্ৰ প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীয়ে কয়-সাংবাদিকৰ বাবে ৱেজ বোর্ডৰ দাবী কৰাৰ কোনো অৰ্থ নোহোৱা হৈছে এতিয়া। তুলনামুকলভাৱে শিক্ষিতৰ হাৰ যিমান বাঢ়িছে সেই অনুসৰি বাতৰি কাকতৰ প্ৰচলন বঢ়া নাই।নতুন প্ৰজন্মৰ বাতৰিকাকতৰ প্রতি আকৰ্ষণ কমি যোৱাটো উদ্বেগৰ বিষয়। এজন সাংবাদিকে ওৰে জীৱন মানসিকভাৱে সাংবাদিক হিচাপে থাকে। এতিয়া মহাসংকটৰ মাজেৰে প্ৰিন্ট মিডিয়া আগবাঢ়িছে।' বঁটা গ্ৰহণ কৰি 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ গৌতম শর্মাই কয়- সন্থাৰ মৰম গ্ৰহণ কৰিলোঁ। সাংবাদিকতা মই নৱম শ্ৰেণীতে আৰম্ভ কৰিছিলোঁ। ১৯৯৭ চনত মই 'আমাৰ অসম'ত কাকতত যোগদান কৰোঁ।সাংবাদিক হিচাপে মই  সুখী।এজন মানুহ ভাল হ'ব পাৰে জনপ্ৰিয় নহ'বও পাৰে ।  কেৱলজনপ্ৰিয়তা  থাকিলে নহ'ব ভাল সাংবাদিক দক্ষ নহলে কনিষ্ঠ সকলে অনুসৰণ নকৰে। দক্ষতা থাকিলেহে সাংবাদিকতাৰ ক্ষেত্ৰখন উন্নত হ'ব। অদক্ষতা আৰু দুৰ্নীতিগ্ৰস্ততা সাংবাদিকতাৰ হেঙাৰ। অসমীয়া ভাষা নাজনিলে অসমীয়া কাকত, চেনেল চলি নাথাকিব। সাংবাদিকতাৰ ভাল দিন ভাল হৈ থাকক। আমি অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব। সততা আৰু দক্ষতাৰে কাম কৰিব লাগিব।  ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি সকলোৱে দায়বদ্ধ হওঁক।সুস্থভাৱে সাংবাদিকতা বৰ্তি  থাকক। সন্থাৰ এই প্ৰচেষ্টা শলাগ ল'বলগীয়া। সন্থাক মোৰ শক্তি অনুসৰি সহায় কৰি যাম।'ভাষণত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই কয়-নতুন প্ৰজন্মৰ পঢ়ূৱৈৰ সৃষ্টিৰ ক্ষেত্ৰত সকলোবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তথ্য প্ৰযুক্তিৰ দিশত সংবাদ মাধ‍্যম যথেষ্ট প্ৰসাৰিত হৈছে। ছপা মাধ্যমৰ গুৰুত্ব কমিছে বুলি নাভাবোঁ। লগতে বঁটা প্ৰাপক সকলক শুভেচ্ছা জনালোঁ।' অনুষ্ঠানত

গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে কয়-যি পদক্ষেপ লৈ আগবাঢ়ি অহা বাবে ধবাবাদ জনালোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে সংগঠিত হৈছে। সাধাৰণতে কেৱল জ্যেষ্ঠজনকহে আগবঢ়াই নিয়া দেখা যায়। নতুন প্ৰজন্মৰ সাংবাদিকখিনিক আগবঢ়াই নিয়াত সহায় কৰিব লাগে। এই  ক্ষেত্ৰত সন্থাই আগভাগ লোৱা উচিত।'অনুষ্ঠানত অন্যান্য বঁটা প্ৰাপকসকলে চমু বক্তব্য আগবঢ়োৱাৰ লগতে সন্থাক ধন্যবাদ জনায়।এই অনুষ্ঠানত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ণ কুমাৰ গগৈ, সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্হাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক পিঞ্জুমনি শইকীয়া, বিশ্ব হিন্দু মহাসংঘৰ উত্তৰ পূৱৰ প্ৰভাৰী লীমা মহন্ত,জ্যেষ্ঠ ফটো সাংবাদিক মহেশ চৌধুৰী,  সাংবাদিক হেমন্ত বৰা, বনজিৎ ঠাকুৰীয়া,অনুপমা ডেকা, ৰঞ্জিত পাটগিৰীৰ লগতেকেইবাগৰাকী উপস্থিত বিশিষ্ট ব্যক্তিক ফুলাম গামোছা, স্মাৰক, ফুলৰ থোপা আদিৰে সম্ভাষণ জনায়। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ  সভাপতি চন্দন দাসে৷ অনুষ্ঠানত আশ্বাস আয়ুসমানে এটি গীত পৰিবেশন কৰে।


অনুষ্ঠানত সন্থাৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here