ডঃ পাৰ্থসাৰথি মহন্ত পৰিচালিত অসম আৰক্ষীৰ 'ফেঁহুজালি' প্রশংসিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 February 2024

ডঃ পাৰ্থসাৰথি মহন্ত পৰিচালিত অসম আৰক্ষীৰ 'ফেঁহুজালি' প্রশংসিত

 জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত 

 

 W7SNews:


গুৱাহাটী: ৰাজস্থানৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত প্রদর্শিত অসম আৰক্ষীৰ 'ফেঁহুজালি' নামৰ চুটি ছবিখন বাৰুকৈয়ে প্রশংসিত হৈছে। ৯ ফেব্ৰুৱাৰীত  প্রদর্শিত এই ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত 'বেষ্ট ছৰ্ট ডকুমেন্টৰী' বঁটা লাভ কৰিছে। ১৬ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত এইবেলি ৮২ খন দেশে ২,৯৭১ খন ছবিৰে অংশগ্রহণ কৰিছে। ইয়াৰে ভিতৰত ৬৭ খন দেশৰ ৩২৬ খন ছবিয়ে পৰবৰ্তী পর্যায়লৈ 'নমিনেচন' লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱখনত শেষত ১৯ খন দেশৰ ৭১ খন ছবিহে বাছনিত উঠে। ইয়াৰে ভিতৰত স্থান পাইছে অসম আৰক্ষীৰ 'ফেঁহুজালি'য়ে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙৰ প্রযোজনা আৰু উপ মহা পৰিদৰ্শক ডঃ পার্থসাৰথি মহন্তৰ পৰিচালনাৰে নির্মিত 'ফেঁহুজালি'ত ভুৱা প্রলোভনৰ চিকাৰ হৈ অবাটে যোৱা এচাম যুৱকে সন্ত্রাসবাদী সংগঠনত যোগদান কৰাৰ পিচৰ অধ্যায় দাঙি ধৰা হৈছে। ৯ ফেব্ৰুৱাৰীত  প্রদর্শিত এই ছবিখন উপভোগ কৰি পদ্মশ্রী ডঃ মায়া টেগুন প্রমুখ্যে কথাছবি সমালোচকসকলে প্রশংসা কৰে। ফেঁহুজালিৰ এই সফলতা অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here