শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি 'অগ্নিবাণ’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 February 2024

শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি 'অগ্নিবাণ’




'


W7s news,,,গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰে দৰ্শকৰ মাজত প্ৰৱেশৰ প্ৰস্তুতি চলাইছে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে তাৰকা অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে 'অগ্নিবাণ’। ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক সন্ত্ৰাস।ব্যয়বহুল এই অসমীয়া ছবিখনত যতীন বৰাৰ উপৰিও কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনা, কংকনা চক্ৰৱৰ্তী (কলকাতা)ৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। ইয়াৰোপৰি এই ছবিখনত দেখা পোৱা যাব উত্তৰ-পূবৰ আন বহু কেইগৰাকী নবীন-প্ৰবীণ কলা-কুশলীকো। উত্তৰ-পূব ভাৰতক বিধ্বস্ত কৰি পেলোৱা মাদক সন্ত্ৰাসৰ অন্ধকাৰ দিশটোক এই ছবিখনৰ জৰিয়তে তুলি ধৰা হৈছে।  অগ্নিবাণ’ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা যতীন বৰাই কয়, ‘অগ্নিবাণৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু ব্যয়বহুল প্ৰকল্পৰ অংশ হ’বলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। এই ছবিখনৰ কাহিনী আৰু আমাৰ উপস্থাপনশৈলী ছবিপ্ৰেমী দৰ্শকে ভাল পাব বুলি মই নিশ্চিত। আমি শীঘ্ৰে এই ছবিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ছবিপ্ৰেমীসকলক এখন ব্লকবাষ্টাৰ ছবি উপহাৰ দিম।’উল্লেখ্য যে, ৰবি শৰ্মা অভিনীত 'শ্ৰী ৰঘুপতি’ৰ দৰে বাণিজ্যিকভাৱে সফল ছবিৰে অসমীয়া বোলছবি জগতত এক নতুন যুগৰ সূচনা কৰা প্ৰযোজক শৈলেন শৰ্মাই তেওঁৰ এই নতুন ছবিখনতো নিজৰ সৰ্বস্ব উজাৰি দিছে। 'অগ্নিবাণ’ ছবিখনে যাতে অসমীয়া চিনেমাত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰে, তাৰ বাবে সৰ্বোতপ্ৰকাৰে প্ৰচেষ্টা চলাইছে প্ৰযোজক শৰ্মাই।ইফালে ছবিখন পৰিচালনা কৰা যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াই কয়, ''অগ্নিবাণ’ কেৱল এখন ছবিয়েই নহয়, এয়া আমাৰ সমাজৰ এক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলনো। ছবিখনত উপস্থাপন কৰা কাহিনীৰ জৰিয়তে আমি মাদক সন্ত্ৰাসৰ ভয়াবহতা আৰু আমাৰ সমাজত ইয়াৰ বিধ্বংসী প্ৰভাৱক দৰ্শকৰ সন্মুখলৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ।’’উত্তৰ-পূবৰ পটভূমিত নিৰ্মাণ কৰা 'অগ্নিবাণ’ৰ জৰিয়তে প্ৰেম, থ্ৰিলাৰ, ছাচপেন্স, ড্ৰামা আৰু একশ্যনৰ প্ৰহেলিকাময় যাত্ৰা উপভোগ কৰিবলৈ সক্ষম হ’ব ছবিপ্ৰেমী দৰ্শকে। এই নতুন অসমীয়া চলচ্চিত্ৰখন দৰ্শকৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজক-পৰিচালক আৰু কলা-কুশলীসকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here