*
W7s news,,,বিগত ৯ ফেব্ৰুৱাৰীত মুম্বাইৰ নীতা আম্বানি কালচাৰেল চেণ্টাৰে আয়োজন কৰে 'সত্ৰীয়া প্ৰৱাহ' শীৰ্ষক এক সত্ৰীয়া নৃত্যৰ অনুষ্ঠান। নীতা আম্বানি কালচাৰেল চেণ্টাৰৰ 'দ্যা কিউব' নামৰ প্ৰেক্ষাগৃহত আয়োজিত ডেৰ ঘণ্টীয়া এই সত্ৰীয়া নৃত্যানুষ্ঠানত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত হয় ওস্তাদ বিছমিল্লা খান যুৱ বঁটা প্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা। দৰ্শকেৰে পৰিপূৰ্ণ অনুষ্ঠানটোত দীপজ্যোতি-দীপাংকৰে সূত্ৰধাৰী নৃত্যৰে নিজৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰকাশেৰে 'কীৰ্ত্তনীয়া সদা হৰি' শীৰ্ষক এক সংৰচনা পৰিৱেশন কৰে। ইয়াৰ পিছত ক্ৰমে ভগৱান ৰামচন্দ্ৰৰ কাহিনী বৰ্ণোৱা 'ৰঘুনাথ শৰণম', ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ বৰ্ণনাৰে 'কৃষ্ণ কথা' আৰু শেষত দশাৱতাৰ নৃত্যৰে তেওঁলোকৰ অনুষ্ঠান সামৰে। দীপজ্যোতি-দীপাংকৰে নিজৰ নৃত্য প্ৰতিভাৰে প্ৰক্ষাগৃহত উপস্থিত প্ৰতিজন কলাপ্ৰেমী দৰ্শকক অভিভূত কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
No comments:
Post a Comment