অসমৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ খেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 February 2024

অসমৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ খেল

 



গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: আসন্ন চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ ৰ যি ১৫ বিধ খেল গুৱাহাটীত অনুষ্ঠিত হ’ব ইয়াৰে প্ৰতিটো ক্ৰীড়াস্থলীয়ে অত্যাধুনিক সা-সুবিধা থকা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়াম৷ ইয়াৰ পূৰ্বে মহানগৰীৰ এইসমুহ ক্ৰীড়াস্থলীত কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে আৰু দেশী-বিদেশী খেলুৱৈ তথা সংগঠকে গুৱাহাটীৰ বিশ্ব মানদণ্ডৰ ক্ৰীড়া আন্তঃগাঁ‌থনিক উচ্চ প্ৰশংসা কৰিছে৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ ল’বলৈ অহা দেশৰ খেলুৱৈসকলেও গুৱাহাটীৰ সামগ্ৰিক আন্তৰ্জাতিক স্তৰৰ ক্ৰীড়া আন্তঃগাঁ‌থনিৰ লগত পৰিচয় হৈ নতুন অভিজ্ঞতা অৰ্জন কৰিব৷

উল্লেখযোগ্য যে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বহু কেইটা ইভেণ্ট অনুষ্ঠিত হ’ব সৰুসজাই ক্ৰীড়া প্ৰকল্পত৷ ইয়াৰে ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক এথলেটিকছ প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত হৈ গৈছে৷ তদুপৰি ফিফা ১৭ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেল, ছাফ গেমছ, ৰাষ্ট্ৰীয় ক্ৰীড়া, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আদি এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷ ইফালে, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত এতিয়ালৈ পাঁচ-ছয়বিধ খেলৰ ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে৷ বেডমিণ্টনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ লগতে পি বি এল, বি ডব্লিউ এফ ১০০ ছিৰিজ অনুষ্ঠিত হোৱাৰ লগতে বক্সিঙৰ ইণ্ডিয়া অপেন, মহিলা যুৱ বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷


একেদৰে সৰুসজাইৰ ডাঃ জাকিৰ হুছেইন সাঁতোৰ প্ৰকল্পত দক্ষিণ এছিয়ান গেমছ আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীডাৰ লগতে ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে৷ ইফালে, উলুবাৰীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত কেইবাখনো আন্তৰ্জতিক ক্ৰিকেট খেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল ধাৰাবাহিকভাবে অনুষ্ঠিত হৈ আহিছে৷ আনহাতে, এই স্থানত থকা দেশভক্ত তৰুনৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ২০০৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাছৰে পৰাই ধাৰাবাহিক ৰূপত বিভিন্ন খেলৰ ৰাষ্ট্ৰীয়-আন্তজাৰ্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ টেনিছ ইভেণ্ট হ’বলগীয়া চচল টেনিছ কমপ্লেক্সত বছৰ বছৰ ধৰি আইটিএফৰ কেইবাটাও ইভেণ্ট অনুষ্ঠিত হৈ আহিছে৷ আনহাতে, কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ, ভেটাপাৰা হকী ষ্টেডিয়াম, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামতো ছাফ গেমছৰ লগতে কেবাখনো ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ ইফালে, চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বেডমিণ্টন ইভেণ্টৰ স্থলী আমিনগাঁৱৰ ইনড’ৰ ষ্টেডিয়ামত পূৰ্বে আন্তৰ্জতিক প্ৰতিযোগিতা হোৱাৰ লগতে বৰ্তমান এছিয়াৰ অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষণ কেন্দ্ৰ৷


উল্লেখযোগ্য যে অসম চৰকাৰে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যাপক বিনিয়োগ কৰি আহিছে৷ যোৱা মাহত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ক্ৰীড়া প্ৰকল্পত উচ্চমানসম্পন্ন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ উদ্বোধন কৰিছে৷¸ যোৰহাটতো অনুৰূপ এটা কেন্দ্ৰ মুকলি কৰা হৈছে৷ ইফালে, খেল মহাৰণ আয়োজনেৰে অসমত তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্ৰতিভা চিনাক্ত আৰু বিকাশৰ অভিলাসী আঁচনিও চৰকাৰে সফলতাৰে কৰিছে৷ এনেধৰণৰ পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰাজ্যখনৰ পদকৰ সংখ্যা এবছৰৰ ভিতৰত দুগুণ বৃদ্ধি পাইছে৷ ২০২২ চনত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়া অসমে ২৮টা পদক পাইছিল৷ এইবাৰ গোৱাত অসমে অভিলেখ গঢ়ি ৫৬ টা পদক লাভ কৰিবলৈ সক্ষম হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here