আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ 'চেলেঞ্জ' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 February 2024

আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ 'চেলেঞ্জ'


 

W7s news,,,,গুৱাহাটী: অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত 'চেলেঞ্জ' শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে।ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁ এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যুটি বান্ধিব। অভিনেত্ৰীগৰাকীৰ সবিশেষ অতি সোনকালে ঘোষণা কৰা হ’ব। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে।এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া 'চেলেঞ্জ' ৰ কাহিনী - চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ। সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ। ছবিখনৰ বাবে পৰিকল্পিত পাঁচটা সুমধুৰ গীতত অসমৰ লগতে বলিউডৰ বহু নামজ্বলা কন্ঠশিল্পীয়ে কণ্ঠদান কৰিব বুলি প্ৰকাশ কৰা হৈছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে গ’গ’ই আৰু একশ্বনৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজেশ কান্নানে (দক্ষিণাত্যৰ)। অসমৰ উপৰিও দিল্লী , লক্ষ্ণৌ আৰু হায়দৰাবাদস্থিত ৰাম'জী ষ্টুডিঅ'ত চিত্ৰগ্ৰহণ হ'ব লগীয়া ছবিখনৰ সহ:প্ৰযোজনাৰ দায়িত্বত আছে চৈয়দ হাফিজুল ইছলাম। মে' মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here