ইন্দ্ৰীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ হুইস্কীবোৰৰ ভিতৰৰ এবিধ হিচাপে জয়লাভ কৰি আহিছে; প্ৰেষ্টিজিয়াছ ভাইনপেয়াৰৰ দ্বাৰা বেষ্ট ‘নিউ ৱৰ্ল্ড’ হুইস্কী হিচাপে নিৰ্বাচিত কৰা হৈছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 February 2024

ইন্দ্ৰীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ হুইস্কীবোৰৰ ভিতৰৰ এবিধ হিচাপে জয়লাভ কৰি আহিছে; প্ৰেষ্টিজিয়াছ ভাইনপেয়াৰৰ দ্বাৰা বেষ্ট ‘নিউ ৱৰ্ল্ড’ হুইস্কী হিচাপে নিৰ্বাচিত কৰা হৈছে


 

আমেৰিকা যুক্তৰাষ্ট্ৰ আধাৰিত ভাইনপেয়াৰৰ দ্বাৰা ২০২৪ বৰ্ষৰ বেষ্ট হুইস্কি টু ড্ৰিংকৰ আটাইতকৈ আকাংক্ষিত তালিকাত স্থান লাভ কৰা ‘একমাত্ৰ ভাৰতীয় ব্ৰেণ্ড’ হৈ পৰিছে ইন্দ্ৰী


W7s news,,,নতুন দিল্লী, ১২ ফেব্ৰুৱাৰী, ২০২৪: হাউছ অৱ পিকাডিলি ডিষ্টিলেৰীজৰ পৰা ভাৰতৰ গৌৰৱ ঘৰতে উৎপাদিত একমাত্ৰ মল্ট ব্ৰেণ্ড ইন্দ্ৰী আকৌ এবাৰ বিশ্বৰ শ্ৰেষ্ঠ হুইস্কীসমূহৰ মাজত স্থান লাভ কৰিছে৷ ভাৰতৰ প্ৰথমটো ট্ৰিপল কেস্ক চিংগল মল্ট ইন্দ্ৰী-ট্ৰিনিয়ে আমেৰিকাৰ বিখ্যাত এলকো-বেভ প্লেটফৰ্ম ভাইনপেয়াৰ-ৰ দ্বাৰা শ্ৰেষ্ঠ ‘নিউ ৱৰ্ল্ড’ হুইস্কীৰ খিতাপ লাভ কৰিছে৷ এই স্বীকৃতিয়ে ভাৰত আৰু বিদেশ উভয়তে দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতীয় একক মল্ট ব্ৰেণ্ডৰ ভিতৰত অন্যতম হিচাপে ইন্দ্ৰীৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছে৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হুইস্কীজ অৱ দ্য ৱৰ্ল্ড এৱাৰ্ডছত ‘‘বেষ্ট ইন শ্ব’, ডাবল গোল্ড’’ বঁটা লাভ কৰি বিশ্বৰ শ্ৰেষ্ঠ হুইস্কীৰ মুকুট পিন্ধা ইন্দ্ৰী দীৱালী কলেক্টৰ’ছ সংস্কৰণৰ পিছত এই সুনাম আহিছে৷ ২০২১ চনত মুকলি হোৱাৰ পিছৰে পৰা ইন্দ্ৰী-ট্ৰিনিয়ে ১৪টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি ভাৰতক প্ৰিমিয়াম চিংগল মল্টৰ ক্ষেত্ৰখনৰ অতুলনীয় উচ্চতালৈ আগুৱাই লৈ গৈছে৷যোৱা ১২ মাহৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ-শ হুইস্কীৰ উপভোক্তা-ভিত্তিক সোৱাদ গ্ৰহণৰ ভিত্তিত ভাইনপেয়াৰে প্ৰতিটো শ্ৰেণীৰ হুইস্কীৰ মাজৰ পৰা এটাকৈ অসাধাৰণ বটল নিৰ্বাচন কৰে৷ সেইবোৰৰ নিজ নিজ মূল্য বিন্দুত প্ৰতিটোৰ সোৱাদ, ভাৰসাম্য, গভীৰতা আৰু মিশ্ৰণক বিবেচনা কৰি লৈ চূড়ান্ত ৰেংকিং প্ৰদান কৰি প্লেটফৰ্মখনে প্ৰতি বছৰৰ আৰম্ভণিতে বিশ্বৰ শ্ৰেষ্ঠ হুইস্কীৰ এখন তালিকা প্ৰকাশ কৰে৷ এইবাৰ তালিকাখনত ইন্দ্ৰী ট্ৰিনীক শ্ৰেষ্ঠ ‘নিউ ৱৰ্ল্ড’ হুইস্কীৰ লগতে ৱাইল্ডাৰ্নেছ ট্ৰেইল স্মল বেচ্চ হাই ৰাই বাৰ্বউনক শ্ৰেষ্ঠ বাৰ্বউন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে; শ্ৰেষ্ঠ ৰাই হিচাপে জেক ডেনিয়েলৰ বণ্ডেড ৰাই; গ্লেনলাছউ চেণ্ডেণ্ড হাইলেণ্ড চিংগল মল্ট হুইস্কীক শ্ৰেষ্ঠ চিংগল মল্ট স্কচ্চ হিচাপে; টিলিং আইৰিছ হুইস্কীক শ্ৰেষ্ঠ আইৰিছ হুইস্কী হিচাপে; মাৰ্চ ‘দ্য লাকী কেট মে এণ্ড লুনা’ শ্ৰেষ্ঠ জাপানীজ হিচাপে; আৰু এলবাৰ্টা প্ৰিমিয়াম কেস্ক ষ্ট্ৰেংথ ৰাইক দ্য বেষ্ট কানাডিয়ান হুইস্কী হিচাপে আনবোৰৰ লগতে তালিকাবদ্ধ কৰা হয়৷ এই আকাংক্ষিত তালিকাখনত ইন্দ্ৰী একমাত্ৰ ভাৰতীয় ব্ৰেণ্ড।এই কৃতিত্বৰ ওপৰত ভাষণ দি পিকাডিলি ডিষ্টিলেৰীজৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শৰ্মা-য়ে কয়, ‘‘ভাৰতীয় হুইস্কী উদ্যোগৰ গৌৰৱময়ভাৱে উত্থান ঘটিবলৈ ধৰিছে আৰু ইন্দ্ৰীয়ে এই পৰিৱৰ্তনৰ ক্ষেত্ৰত আগশাৰীত উপৱিষ্ট হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছে৷ বিশ্বজুৰি উপভোক্তা আৰু সমালোচকসকলৰ মাজত ভাৰতীয় একক মল্ট আৰু ইন্দ্ৰীৰ এই জনপ্ৰিয়তাৰ উত্থান এটাতকৈ অধিক দিশত স্পষ্ট হৈ পৰাৰ প্ৰমান হৈ পৰিছে৷ ভাইনপেয়াৰৰ দ্বাৰা প্ৰদান কৰা এই শেহতীয়া প্ৰশংসা আমাৰ পিঠিত থপৰিয়াই দিয়া আন এটা চাব্বাচি৷ একমাত্ৰ ভাৰতীয় একক মল্ট হুইস্কী হিচাপে স্বীকৃতি পোৱাটোৱে সুখপ্ৰদ হোৱাৰ লগতে উচ্চমানৰ হুইস্কী তৈয়াৰ কৰাৰ আমাৰ সংকল্পক শক্তিশালী কৰি তোলে যিটো উপভোক্তাসকলৰ বাবে আটাইতকৈ অগ্ৰাধিকাৰ দিয়া পছন্দ৷’’হাৰিয়ানাৰ ইন্দ্ৰী গাঁৱৰ ডিষ্টিলেৰীত উৎপাদিত ভাৰতৰ প্ৰথম ট্ৰিপল কেস্ক চিংগল মল্ট হুইস্কী হিচাপে ইন্দ্ৰী-ট্ৰিনি ভুমুকি মাৰিছে৷ ‘‘ট্ৰিনি’’ নামটোৱে হুইস্কিটো পৰিপক্ক হোৱা তিনিটা লোভনীয় কেস্কৰ ত্ৰয়ক সন্মান জনায় – এক্স-বাৰ্বউন, এক্স-ফ্ৰেঞ্চ ৱাইন আৰু পিএক্স চেৰী৷ এই ট্ৰিপল কেস্কসমূহে এক অনন্য সোৱাদৰ প্ৰফাইল প্ৰদান কৰে, কেৰামেলাইজড পাইনএপল, ভেনিলা, ব্লেক টি, ৰেইজিন, হানী আৰু মিঠা ফলৰ সোৱাদসমূহৰ এটা দীৰ্ঘস্থায়ী আফটাৰটেষ্টৰ আনন্দদায়ক স্পৰ্শ উন্মোচন কৰে৷ ৰাজস্থানৰ পৰা অহা ৬-শাৰীৰ উন্নতমানৰ ভাৰতীয় যৱ ব্যৱহাৰ কৰি বিশেষভাৱে নিৰ্মিত এইবিধে অঞ্চলটোৰ সময়োপযোগী পৰম্পৰাসমূহক শ্ৰদ্ধাঞ্জলি জনায়৷

 

ভাৰতৰ ১৯খন ৰাজ্য আৰু বিদেশৰ ১৮খন দেশত ইন্দ্ৰী-ট্ৰিনি উপলব্ধ৷

২০২৪ বৰ্ষত পান কৰিবলৈ ভাইনপেয়াৰ শ্ৰেষ্ঠ হুইস্কীৰ সম্পূৰ্ণ ৰাউণ্ডআপ ইয়াত বিচাৰি ল'ব পৰে৷

ষ্টক টিকাৰ: (PICCADIL | 530305 | INE546C01010)

https://www.bseindia.com/stock-share-price/piccadily-agro-industries-ltd/piccadily-agro-inds/530305/


অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে

অভিষেক হেৰিছন – a.haryson@piccadily.com | +91 9891356547

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here