ভোগালীৰ ওলগ জনাই ২০২৪ বৰ্ষত দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে উচ্চাভিলাসী পৰিকল্পনা প্ৰকাশ পূৰবী ডেইৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 January 2024

ভোগালীৰ ওলগ জনাই ২০২৪ বৰ্ষত দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে উচ্চাভিলাসী পৰিকল্পনা প্ৰকাশ পূৰবী ডেইৰীৰ

 



W7s news গুৱাহাটী :  অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উছাহসনা উথপ্‌থপৰ মাজতে সকলোকে বিহুৰ শুভচ্ছা জনাই ২০২৪ চনৰ বাবে ৰাজ্যৰ দুগ্ধ খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত এক অভিলাষী পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে  পূৰবী ডেইৰী ব্ৰেণ্ড পৰিচালনা কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড চমুকৈ ৱামুল-এ।

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰী চৌহদত ভোগৰ উৎসৱ ভোগালী বিহু উদযাপনৰ প্ৰাক্‌মুহূৰ্তত সংবাদ মাধ্যমক সম্বোধন কৰি ৱামুলৰ পৰিচালন সঞ্চালক এছ বি বসুৱে দুগ্ধ সমবায়খনে বছৰ বছৰ ধৰি লাভ কৰা পৰ্যাপ্ত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। ৰাজ্যৰ অসংখ্য দুগ্ধপালকৰ জীৱিকা বৃদ্ধিৰ ক্ষেত্ৰত ৱামুলে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে পৰিচালন সঞ্চালকগৰাকীয়ে।

ৱামুলৰ পৰিচালন সঞ্চালক এছ বি বসুৱে কয়, "বছৰ বছৰ ধৰি দুগ্ধ সমবায়খনে লাভ কৰা উল্লেখযোগ্য উত্থান অভিজ্ঞতাৰ ফলত ৰাজ্যখনৰ হাজাৰ হাজাৰ দুগ্ধপালকৰ জীৱিকাৰ যথেষ্ট উন্নতি সম্ভৱ হৈছে। এন ডি ডি বি আৰু অসম চৰকাৰৰ বহুমূলীয়া সহযোগত ৱামুলৰ হস্তক্ষেপেৰে দুগ্ধপালকৰ এখন ক্ৰমবৰ্ধমান সমাজ লাভাম্বিত হোৱা দেখি অতিশয় গৌৰৱাম্বিত আৰু সুখী অনুভৱ কৰিছোঁ।’’

তেওঁ লগতে কয়, "এইবাৰ আমি অভিলেখ সংখ্যক দুগ্ধ পালকক পূৰবী পৰিয়াললৈ আদৰণি জনোৱাৰ লগতে আমাৰ মূল্যৱান গ্ৰাহকসকলক বিভিন্ন সামগ্ৰীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্য লৈছো। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয়ৰ দুগুণ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ সৈতে আমাৰ এই পদক্ষেপৰ মিল আছে। এনে প্ৰচেষ্টাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এক শক্তিশালী আৰু সমৃদ্ধিশালী গ্ৰাম্য অৰ্থনীতিৰ সৃষ্টিত অৰিহণা যোগাব।’’

ৱামুলৰ দ্বাৰা গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি শীৰ্ষ বিষয়াগৰাকীয়ে গাখীৰ ক্ৰয়ত হোৱা ১৫ শতাংশ বৃদ্ধি আৰু গাখীৰ বিক্ৰীত হোৱা ২১ শতাংশ আকৰ্ষণীয় বৃদ্ধিৰ কথা উল্লেখ কৰে। লক্ষণীয়ভাৱে, আগৰ বছৰৰ তুলনাত মূল্য-সংযোজিত দুগ্ধজাত সামগ্ৰীৰ উৎপাদনত ৩৫ শতাংশৰো অধিক বৃদ্ধি ঘটা বুলি জানিবলৈ দিয়ে পৰিচালন সঞ্চালক বসুৱে।

বিগত বছৰত ব্ৰেণ্ড পূৰবীয়ে কৃষকসকলক অতিৰিক্ত আয়ৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে পূৰবী মৌৰ দৰে পৰিপূৰক সামগ্ৰীৰ প্ৰচলন কৰি এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল। অসমৰ স্থানীয় মৌ-পালকৰ পৰা মৌ আহৰণ কৰি দুগ্ধ সমবায়খনে মৌ-পালনৰ জৰিয়তে কৃষকসকলক তেওঁলোকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত সবলীকৰণৰ বাবে বিভিন্ন কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰি আহিছে।

মাঘ বিহুৰ বতৰতে গ্ৰাহকসকলক ইতিবাচক বাৰ্তা প্ৰদান কৰি ৰাজ্যৰ জনপ্ৰিয় দুগ্ধ সমবায়খনে গুৱাহাটীৰ পাঞ্জাবাৰীত থকা তেওঁলোকৰ নতুন উদ্যোগত আইচক্ৰীম, সোৱাদযুক্ত গাখীৰ আৰু মিঠাইকে ধৰি বিভিন্ন নতুন সামগ্ৰী মুকলিৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছে। এই সম্প্ৰসাৰণে গাখীৰ যোগান শৃংখলত অধিক মূল্য সংযোজন কৰাৰ লগতে ইয়াৰ সৈতে জড়িত সুবিধাসমূহ কৃষকসকলক প্ৰদান কৰি এক বহনক্ষম আৰু সমৃদ্ধিশালী কৃষি পৰিৱেশতন্ত্ৰ সুনিশ্চিত কৰিব।

এই নতুন সামগ্ৰীসমূহৰ প্ৰৱৰ্তনে গ্ৰাহকৰ বাবে এক সুখদায়ক উপহাৰৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, স্থানীয় কৃষকসকলক সহায় কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য অগ্ৰগতিৰ ইংগিত প্ৰদান কৰে। পূৰবী ডেইৰীয়ে নিজৰ সামগ্ৰীৰ প্ৰস্তাৱৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে সামগ্ৰীৰ গুণগত মান, সমাজৰ কল্যাণ আৰু অসমৰ দুগ্ধ উদ্যোগৰ সামগ্ৰিক উন্নতিৰ প্ৰতি নিজৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখিছে। এই ৰোমাঞ্চকৰ উন্নয়নে গ্ৰাহক আৰু কৃষক উভয়ৰে বাবে এক নতুন যুগৰ সূচনা কৰিছে, যিয়ে সমগ্ৰ দুগ্ধ মূল্য শৃংখলত এক উচ্চ মানসম্পন্ন প্ৰভাৱ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here