মডাৰ্ণ ইংলিছ স্কুলত প্ৰাক ভোগালী বিহু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 January 2024

মডাৰ্ণ ইংলিছ স্কুলত প্ৰাক ভোগালী বিহু


  



W7s news,,কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত আজি ১২ জানুৱাৰীৰ পুৱাৰ প্ৰাৰ্থনা সভাত উলহ মালহেৰে প্ৰাক ভোগালী বিহু পালন কৰে। প্ৰাৰ্থনাৰ অন্তত পোনতে স্কুলৰ মাননীয় নিৰ্দেশক  পংকজ দাসে বিহুৰ ঐতিহ্য-পৰম্পৰা বিষয়ত নিজা মন্তব্য আগবঢ়ায়। তিনিগৰাকী ছাত্ৰী ক্ৰমে আয়ুসী দেৱ, তনুশ্ৰী ডেকা আৰু অভিলাশা দাসে ক্ৰমে ইংৰাজী আৰু  অসমীয়াত ভোগালী বিহু আৰু তাৰ তাৎপৰ্য্য সম্পৰ্কত চমু বক্তব্য ৰাখে। নিৰ্দেশক শ্ৰীযুত দাসৰ লগতে উপাধ্যক্ষ অনন্ত কলিতাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰা 'মাঘ বিহুৰ সংক্ৰান্তি' নামৰ প্ৰাচীৰ পত্ৰিকা এখন উন্মোচন কৰে।  ইয়াৰ পাছত বাঁহ-খেৰেৰে নিৰ্মিত মেজিত যথা ৰীতি সেৱা-সৎকাৰ কৰি নিৰ্দেশক, অধ্যক্ষা, উপাধ্যক্ষা মহোদয়ে প্ৰজ্বলন কৰি ছাত্ৰ-ছাত্ৰী সকলক ভোগালী বিহুৰ এক আদৰ্শ প্ৰদৰ্শন কৰে। বিদ্যালয়ৰ সংগীত বিভাগৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলৰ একাংশই বিহু গীত-নৃত্য পৰিৱেশন কৰি অনুষ্ঠান অধিক জীপাল কৰি তোলে। 

তাৰ পাছত সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত পিঠা, লাডু বিতৰণ কৰি ভোগালী বিহুৰ শুভকামনা আগঢ়ায় অনুষ্ঠানৰ সামৰণি মৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here