W7s news,, আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা অপ্পোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে নতুন অ'প্পো ৰেনো১১ চিৰিজৰ মোবাইল। বিশেষ অতিথি হিচাপে উপস্থিত থকা জনপ্ৰিয় ইউটিউবাৰ ৰিপুন, পূজা আৰু দৰ্শনাই আজিচিটি চেণ্টাৰৰ তৃতীয় মহলাত থকা "অপ্পো এক্সক্লুছিভ শ্ব'ৰূমত ৰেনো ১১চিৰিজৰ মোবাইল অনুষ্ঠানিক ভাবে মুকলি কৰে। আজিৰ অনুষ্ঠানত জোনেল চেলছ মেনেজাৰ অনিশুজ জামান, শ্ব'ৰূম আৰু এলএফ আৰ হেড সন্দীপ চৌধুৰীৰ লগতে অ'প্পো শ্ব'ৰুম দলটো উপস্থিত থাকে।
মুকলি অনুষ্ঠানত বক্তব্য ৰাখি দুয়োজন ইউটিউবাৰে কয় যে অ'প্পো সদায়ে স্মাৰ্ট ফোন আৰু আইঅ'টি সামগ্ৰীৰ আটাইতকৈ প্ৰিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ড।
অ'প্পো ৰেনো১১ শৃংখলা দুটা ভিভিয়েণ্টত আহিছে এটা ৰেনো ১১প্ৰ' আৰু এটা ৰেনো১১ছিৰিজৰ।এই মোবাইলত উৎকৃষ্ট সুবিধা উপলদ্ধ কৰা হৈছে বিশেষকৈ নেচাৰেল এস্থেটিক ডিজাইন, ৩২ মেগাপিক্সেল টেলিফটো পোট্ৰেইট কেমেৰা, ৮০ ৱাডৰ চুপাৰ ভি অ' অ চি ফ্লেছ চাৰ্জ আৰু ব্ৰেণ্ড নিউ কালাৰ অ'এছ ১৪।
পোট্ৰেইটত ফটোগ্ৰাফী ভাল পোৱা যুৱক যুৱতী সকলৰ বাবে এইটো এটা নিখুঁত সংমিশ্ৰণ। মই আশা কৰোঁ অসম আৰু উত্তৰ-পূবৰ লোকসকলে এই ফোনটো আকোৱালি লব।
অনুষ্ঠানটোত বক্তব্য ৰাখি জোনেল চেলছ মেনেজাৰ আনিশুজ জামানে কয় যে ৰেনো১১ শৃংখলাৰ অৰ্থ হৈছে ৰেনো চিৰিজে প্ৰতিশ্ৰুতি দিয়া সকলো মূল্য আৰু অ'প্পোৱে উন্নত ডিজাইন আৰু প্ৰযুক্তিৰ সৈতে আপোনাক অধিক মূল্য দিবলৈ সক্ষম। ৰেনো বিশেষভাৱে প্ৰথম এডভান্স টেকন'লজী ৮০ৱাড চুপাৰ ভি অ অ চিৰ বাবে জনাজাত।আনহাতে ১২জিবি ৰেম ২৫৬ জিবি ৰম, চনি আইএমএক্স৭০৯ টেলিফটো লেন্স কেমেৰা উপলব্ধ। কেৱল ৰিটেইল ষ্ট'ৰ আৰু এক্সক্লুছিভ শ্ব'ৰুমত ৩৯,৯৯৯ টকাত উপলব্ধ হব এই মোবাইল।শ্ব'ৰূম আৰু এলএফআৰ মুৰব্বী সন্দ্বীপ চৌধুৰীয়ে লগতে কয় যে ৰেনো ১১প্ৰ' আৰু ৰেনো ১১ ক্ৰয় কৰাৰ পিছত গ্ৰাহকে আগশাৰীৰ আইচিআইচিআই, কোটাক, এছবিআই কাৰ্ডৰ জড়িয়তে৪০০০ টকালৈকে কেছ বেক আৰু বহুতো আকৰ্ষণীয় অফাৰ লাভ কৰিব পাৰে। লগতে ৯ মাহলৈকে নো কষ্ট ইএমআই। প্ৰাৰম্ভিক গ্ৰাহকসকলৰ বাবে অন্যান্য আকৰ্ষণীয় উপহাৰো আছে। লগতে অ'প্পোৱে ৰেনো ১১ চিৰিজ ৫জিৰ সৈতে আইঅটি প্ৰডাক্ট ক্ৰয় কৰিলে গ্ৰাহকে এনকো এয়াৰ২ প্ৰ'ৰ লগতে ৫০০টকাৰ আকৰ্ষণীয় বাণ্ডলিং ৰেহাই লাভ কৰিব।এই অফাৰবোৰ সীমিত সময়ৰ বাবে।
No comments:
Post a Comment