• এই অষ্টম সংস্কৰণৰ লক্ষ্য পশু আশ্ৰয় শিৱিৰ, জীৱ-জন্তুৰ বৃদ্ধাৱস্থাৰ নিৰাপত্তা আৰু জীৱ-জন্তক তুলি লোৱাৰ বাবে সজাগতা সৃষ্টি
• এন ই আই এফ ডব্লিউৰ প্ৰাৰম্ভিক বিষয়বস্তু হৈছে “সকলোৰে বাবে ফেশ্বন”
W7s news,,,গুৱাহাটী: ২০২৪ বৰ্ষৰ ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ বহু প্ৰত্যাশিত ফেশ্বন শ্ব’ নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ)– ২০২৪ৰ অষ্টম সংস্কৰণ। গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুলৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। উল্লেখ্য যে, নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক ধাৰাবাহিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে বিবেচিত হৈ অহাৰ লগতে ভাৰত তথা সমগ্ৰ বিশ্বৰ উচ্চাকাংক্ষী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰসকলক আকৰ্ষণ কৰি আহিছে। এই ফেশ্বন উইকতে এক উদাৰ লক্ষ্যৰে অংশগ্ৰহণকাৰীসকলে একত্ৰিত হৈ নিজৰ অনন্য ডিজাইন প্ৰদৰ্শন কৰি আহিছে।
এন ই আই এফ ডব্লিউৰ প্ৰাৰম্ভিক বিষয়বস্তু হৈছে "সকলোৰে বাবে ফেশ্বন", যাৰ অৰ্থ হৈছে ডিজাইনাৰৰ বাহিৰেও ফেশ্বনৰ প্ৰতি আগ্ৰহী শিশু, কিশোৰ আৰু মহিলাসকলৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰা। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেশ্বন অনুৰাগীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এনইআইএফডব্লিউ কেৱল আন এটা ফেশ্বন অনুষ্ঠানেই নহয়, বৰং সামাজিক উদ্দেশ্যৰ বাবেও এয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে। অনুষ্ঠানটোৰ সামাজিক বিষয়বস্তু পূৰ্বে আছিল বৃদ্ধাশ্ৰমৰ বাবে, চকু আৰু অংগ দান, বৃক্ষ ৰোপণ আৰু পৰিৱেশ সুৰক্ষা, আন্তৰ্জাতিক বেচৰকাৰী সংস্থা পি ই টি এ তথা অন্য একাধিক পশু কল্যাণ সংগঠনৰ সহযোগত জীৱ-জন্তুক আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰা। আনহাতে, এইবাৰ অনুষ্ঠিত হ’বলগীয়া অষ্টম সংস্কৰণটিৰ সামাজিক উদ্দেশ্য হৈছে পশুক আশ্ৰয় প্ৰদান, জীৱ-জন্তুৰ বৃদ্ধাৱস্থাত নিৰাপত্তা প্ৰদান কৰা আৰু জীৱ-জন্তুক তুলি লোৱাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা।
এই বছৰৰ নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ) অধিক ৰোমাঞ্চকৰ আৰু আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। উত্তৰ-পূবৰ চহকী হস্ততাঁত শিল্পৰ ঐতিহ্যক বিশ্বৰ আগত তুলি ধৰাৰ ক্ষেত্ৰত আগভাগ লৈ অহা প্ৰশান্ত ঘোষে অভিনৱ উপায়েৰে সামাজিক সজাগতা বিয়পোৱাৰ লক্ষ্যৰে ফেশ্বনক এক অনন্য মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু হৈছে।
২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ পৰা অহা উচ্চাকাংক্ষী ফেশ্বন ডিজাইনাৰসকলৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰিও সমগ্ৰ ভাৰতৰ উল্লেখযোগ্য ডিজাইনাৰসকলৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰ দৰে চুবুৰীয়া দেশৰ প্ৰতিভাসম্পন্ন আগন্তুকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উত্তৰ-পূব ভাৰতৰ অন্যতম শীৰ্ষ ফেশ্বন ডিজাইনাৰ আৰু কৰিঅ’গ্ৰাফাৰ হিচাপে খ্যাত প্ৰশান্ত ঘোষৰ নেতৃত্বত এই দৰ্শনীয় অনুষ্ঠানটোৰ আয়োজন আৰু পৰিচালনা কৰিছে ক্ৰিয়েটিভ পিপলৰ দলে।
No comments:
Post a Comment