২৯ ফেব্ৰুৱাৰীলৈ অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বহুপ্ৰত্যাশিত ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 28 January 2024

২৯ ফেব্ৰুৱাৰীলৈ অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বহুপ্ৰত্যাশিত ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪

 


W7s news,,গুৱাহাটী; ২৮ জানুৱাৰী, ২০২৪: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বহুপ্ৰত্যাশিত ভাৰত ষ্টীম বয়লাৰ এক্সপ’, ২০২৪। বয়লাৰ পৰিদৰ্শন বিভাগ, অসমৰ উদ্যোগত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক প্ৰদৰ্শনীখনি। অসমৰ মুখ্য বয়লাৰ পৰিদৰ্শক শ্ৰী এন বৰা, ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ অধীনস্থ গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰবন্ধক (এমএছ, এল এণ্ড ডি) শ্ৰীমতী সীতা বৰুৱা আৰু নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক (নিগম সম্পৰ্ক) নলিনী বুঢ়াগোহাঁইৰ উপস্থিতিত এক্সপ’ৰ বিষয়ে ঘোষণা কৰা হয়।


এই যুগান্তকাৰী অনুষ্ঠানটোৱে ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড (আইঅ'চিএল), অইল ইণ্ডিয়া লিমিটেড (অইল), নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল), ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল), অসম পেট্ৰ’ কেমিকেলছ আৰু এন টি পি চি লিমিটেডকে ধৰি উদ্যোগৰ নেতৃবৃন্দৰ সৈতে এক গতিশীল সহযোগিতা প্ৰতিফলিত কৰে। এই এক্সপ’ত দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ নিৰ্মাতা, সুনামধন্য বিশেষজ্ঞ আৰু উদ্যোগ ব্যৱহাৰকাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, প্ৰথম ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪ কেৱল এটা অনুষ্ঠানেই নহয়; এয়া হৈছে ভাৰতৰ ঔদ্যোগিক দৃশ্যপটত বয়লাৰসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ অনন্য উদযাপনো। বিভিন্ন উদ্যোগক সামৰি লোৱা উৎপাদন ইউনিটৰ প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰা বয়লাৰসমূহ হৈছে উৎপাদন আৰু উদ্ভাৱন উভয়কে পৰিচালিত কৰা অখ্যাত নায়ক সদৃশ।এই পদক্ষেপৰ মূলতে আছে বয়লাৰ উদ্যোগত সুৰক্ষা আৰু কাৰ্যক্ষমতা নিশ্চিত কৰাৰ বাবে উৎসৰ্গিত এক শতিকা পুৰণি কাঠামোস্বৰূপ ভাৰতীয় বয়লাৰ আইন। এই শক্তিশালী ভেঁটিৰে অসমে আত্মবিশ্বাসেৰে ঔদ্যোগীকৰণৰ এক নতুন যুগত প্ৰৱেশ কৰিছে আৰু আমাৰ স্থানীয় কৰ্মশক্তিৰ বাবে কৰ্মসংস্থাপনৰ সুযোগৰ পৰিসৰ বৃদ্ধিৰ সম্ভাৱনা আগবঢ়াইছে।এক্সপ’ৰ প্ৰধান উদ্দেশ্য হৈছে ষ্টীম বয়লাৰ ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগৰ বিকাশ আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰা, জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰা আৰু অংশীদাৰসকলৰ মাজত নেটৱৰ্কিং তথা ব্যৱসায়িক সুযোগ প্ৰসাৰ কৰা।

অনুষ্ঠানটোত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ষ্টীম বয়লাৰ নিৰ্মাতা, আনুষংগিক যোগানকাৰী, সেৱা আৰু ৰক্ষণাবেক্ষণ পেছাদাৰী আৰু ষ্টীম বয়লাৰৰ ওপৰত নিৰ্ভৰশীল খণ্ড, যেনে- বিদ্যুৎ কেন্দ্ৰ, বস্ত্ৰ উদ্যোগ, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, ৰাসায়নিক উৎপাদনকাৰী আৰু অন্যান্যৰ প্ৰতিনিধিকে আদি কৰি বিভিন্ন অংশগ্ৰহণকাৰী উপস্থিত থাকিব বুলি আশা কৰা হৈছে, যাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে:এক্সপ’ত পণ্য আৰু প্ৰযুক্তিৰ এক বিস্তৃত প্ৰদৰ্শন কৰা হ’ব, য'ত অত্যাধুনিক বয়লাৰ ডিজাইন, ইন্ধন কাৰ্যক্ষমতাৰ ক্ষেত্ৰত নৱ- উদ্ভাৱন, প্ৰদূষণ নিয়ন্ত্ৰণৰ সঁজুলি আৰু স্বয়ংক্ৰিয়কৰণ আৰু সুৰক্ষা সমাধান অন্তৰ্ভুক্ত হৈ আছে।অনুষ্ঠানৰ সময়ছোৱাত উদ্যোগ বিশেষজ্ঞসকলে উন্নত ৰক্ষণাবেক্ষণ পদ্ধতি, নিয়ন্ত্ৰণ অনুসৰণ আৰু সুৰক্ষা মানদণ্ড, বয়লাৰ প্ৰযুক্তিৰ বিকাশশীল ধাৰা আদি বিভিন্ন বিষয়ৰ ওপৰত ধাৰাবাহিক আলোচনাচক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰিব।এই এক্সপ’ই পাৰস্পৰিক ব্যৱসায়িক বৈঠক আৰু সহযোগিতা, নতুন প্ৰযুক্তি গ্ৰহণৰ বাবে চৰকাৰী ৰাজসাহায্য আৰু বিত্তীয় সাহায্যৰ বিষয়ে অন্তৰ্দৃষ্টি, ৰপ্তানি বজাৰৰ অন্বেষণ আদি বিষয়সমূহৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব।    উদ্যোগৰ নিয়মাৱলী, সুৰক্ষা, আৰু পাৰিপাৰ্শ্বিক অনুপালন তদাৰকীৰ বাবে দায়বদ্ধ বিভিন্ন চৰকাৰী সংস্থাৰ পৰা সক্ৰিয় অংশগ্ৰহণ ভাৰত ষ্টীম বয়লাৰ এক্সপ’ ২০২৪ৰ তৰফৰ পৰা আশা কৰা হৈছে।এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী তথা চাহ জনজাতি কল্যাণ মন্ত্ৰী  সঞ্জয় কিষান ডাঙৰীয়াই কয়,"অসমৰ ঔদ্যোগিক পৰিৱেশক পুনৰ সংজ্ঞায়িত কৰিব পৰা এক অনুষ্ঠান উন্মোচন কৰি আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ। ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪ত সৰ্বাংগীন, বহনক্ষম, আৰু প্ৰগতিশীল উন্নয়নৰ বাবে আমাৰ দৃষ্টিভংগীক মূৰ্ত কৰি তোলা হৈছে। এই পৰিৱৰ্তনশীল যাত্ৰাত আমাৰ সৈতে যোগদান কৰক।""এক্সপ' হৈছে খণ্ডটোৰ পেছাদাৰী আৰু শ্ৰমিকসকলৰ বাবে এক সমবেত আহ্বান। আমি দক্ষতা বিকাশক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত। আমাৰ লক্ষ্য হৈছে আমাৰ বিকশিত ঔদ্যোগিক পৰিৱেশত উন্মোচিত হোৱা ৰোমাঞ্চকৰ সুযোগসমূহৰ বাবে অসমৰ কৰ্মশক্তি সাজু হোৱাটো নিশ্চিত কৰা।" অসম চৰকাৰৰ  প্ৰধান সচিব ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে কয়।অসমৰ মুখ্য বয়লাৰ পৰিদৰ্শক  এন বৰাই মন্তব্য প্ৰকাশ কৰি কয়"এই ঐতিহাসিক অনুষ্ঠানটো আৰম্ভ কৰাৰ সময়ত আমি বয়লাৰ উদ্যোগৰ ভিতৰত সুৰক্ষা, দক্ষতা আৰু প্ৰগতিৰ প্ৰতি আমাৰ সমৰ্পণৰ কথা দোহাৰিছোঁ। এই এক্সপ’ কেৱল মাথো এক প্ৰদৰ্শনী নহয়; এয়া অসমৰ সামৰ্থ্য আৰু সম্ভাৱনাৰো প্ৰমাণ।" সহ-আয়োজকৰ বাৰ্তা (ইণ্ডিয়ান অইল, অইল ইণ্ডিয়া, এন আৰ এল, বি চি পি এল, অসম পেট্ৰ’ কেমিকেলচ, এন টি পি চি): "সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে আমি বয়লাৰ উদ্যোগত উদ্ভাৱন আৰু স্থিৰতাৰ পথ প্ৰশস্ত কৰিছোঁ। এই এক্সপ’খনে এই অপৰিহাৰ্য খণ্ডটোৰ দক্ষতা আৰু প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিবলৈ আমাৰ সামূহিক মঞ্চ হিচাপে কাম কৰিব।"ভাৰত ষ্টীম বয়লাৰ এক্সপ' ২০২৪ৰ আয়োজকসকলে সংবাদ মাধ্যম, উদ্যোগৰ অৱদানকাৰী আৰু সকলো অংশীদাৰক এই গুৰুত্বপূৰ্ণ তথা উদ্যোগ গঢ় দিয়া অনুষ্ঠানত যোগদান কৰিবলৈ উষ্ম আমন্ত্ৰণ জনায়। পাৰস্পৰিক সমিলমিলতাৰে আমাৰ উদ্যোগৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ ওলোৱা এই গুৰুত্বপূৰ্ণ মুহূৰ্তত আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ’ল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here