গুৱাহাটীত আই৩ডি গ্ৰুপৰ ডিজিটেল দন্ত চিকিৎসা সামগ্ৰী মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 29 January 2024

গুৱাহাটীত আই৩ডি গ্ৰুপৰ ডিজিটেল দন্ত চিকিৎসা সামগ্ৰী মুকলি


 


W7s news,,গুৱাহাটী, ২৯ জানুৱাৰী: সমগ্ৰ বিশ্বতে নিজৰ ডিজিটেল দন্ত চিকিৎসা সমাধান সাফল্যপূৰ্বক প্ৰসাৰৰ পিছত এইবাৰ উত্তৰ-পূবত নিজৰ প্ৰিমিয়াম প্ৰডাক্ট ছেগমেণ্ট ''আই৩ডি লাইনাৰ- দ্য ক্লিয়াৰ এলাইনাৰ’ মুকলি কৰিবলৈ সাজু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয় উদ্যোগ আই৩ডি গ্ৰুপ-এ।বিগত বছৰবোৰত কৰা বিস্তৃত গৱেষণা, বিকাশ আৰু পৰীক্ষণৰ অন্তত এতিয়া দন্ত চিকিৎসা পেছাদাৰীসকলৰ সৈতে সংযোগ স্থাপন কৰি ৰোগীসকলক দাঁতৰ প্ৰান্তিককৰণৰ সমাধান প্ৰদানৰ ক্ষেত্ৰত নৈতিক পদ্ধতি অনুসৰণ কৰা এখন সমাজ গঢ় দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে উদ্যোগটোৱে।বিশ্বব্যাপী উদ্ভাৱন আৰু বজাৰৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ সৈতে গুৱাহাটীভিত্তিক এটা বিকাশশীল উদ্যোগে অত্যাধুনিক প্ৰযুক্তি আৰু জনশক্তিৰ সমৰ্থনত দন্ত চিকিৎসকৰ চিকিৎসা প্ৰক্ৰিয়াত ফলপ্ৰসূ সমাধান আনিব পৰাটো সঁচাকৈয়ে প্ৰশংসনীয়।আই৩ডি গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সুদীপ পালে কয়, “মই যোৱা ১৫ বছৰ ধৰি ডিজিটেল দন্ত চিকিৎসাৰ ৰোমাঞ্চকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছো। ডিজিটাইজেচনৰ জৰিয়তে দন্ত চিকিৎসক আৰু ৰোগী উভয়ৰে বাবে চিকিৎসা ব্যৱস্থা সৰল কৰি তুলিবলৈ উদ্যোগটো দ্ৰুতগতিত অগ্ৰসৰ হৈছে। সেৱা প্ৰদানকাৰী হিচাপে আমি নান্দনিক আৰু অনুমানযোগ্য ফলাফল বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোঁ। ইয়াৰ উপৰিও মন কৰিবলগীয়া যে, ২০২২ চনত সমগ্ৰ বিশ্বৰ বজাৰত ক্লিয়াৰ এলাইনাৰৰ চি এ জি আৰ পৰিসৰ হৈছে প্ৰায় ৫.১৩ বিলিয়ন ডলাৰ আৰু ভাৰতীয় বজাৰত ৯৬ মিলিয়ন ডলাৰ, যিটো ২০৩০ চনৰ ভিতৰত ৩৪% বৃদ্ধিৰ আশা কৰা হৈছে।”মুখ্য কাৰ্যবাহী বিষয়া পালে লগতে কয়, ''ডিজিটেল দন্ত চিকিৎসাৰ ক্ষেত্ৰখনত “প্ৰথমটো উত্তৰ-পূবৰ কোম্পানী” হিচাপে আমাৰ বজাৰ মুকলি কৰাৰ কথা ঘোষণা কৰি আমি ৰোমাঞ্চিত হৈ পৰিছোঁ। এই কৃতিত্বই আমাক অপৰিসীম গৌৰৱেৰে উপচাই পেলাইছে। ইয়ে নিশ্চিতভাৱে ৰোগীৰ যত্ন আৰু দন্ত চিকিৎসাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল যাত্ৰা প্ৰদান কৰিব আৰু লগতে অসমৰ ষ্টাৰ্টআপ সংস্কৃতিত এক সুষম পৰিৱেশতন্ত্ৰৰ বীজ ৰোপণ কৰিব।’’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here