২-১১ ফেব্ৰুৱাৰীলৈ ৰেডিচন ব্লু গুৱাহাটীত কাশ্মীৰী ফুড ফিষ্টৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 31 January 2024

২-১১ ফেব্ৰুৱাৰীলৈ ৰেডিচন ব্লু গুৱাহাটীত কাশ্মীৰী ফুড ফিষ্টৰ আয়োজন




উপভোগ কৰক কাশ্মীৰ উপত্যকাৰ বিশেষ খাদ্যসম্ভাৰ



W7s news গুৱাহাটী: খাদ্যৰসিকসকলক সুস্বাদু কাশ্মীৰী খাদ্যৰ অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ অহা ২ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ পঞ্চ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লু গুৱাহাটীত আয়োজন কৰা হৈছে ''কাশ্মীৰী ফুড ফিষ্ট’’ শীৰ্ষক এক মনোমুগ্ধকৰ ৰন্ধন অনুষ্ঠানৰ।


কাশ্মীৰ উপত্যকাৰ সুস্বাদ্য খাদ্যসম্ভাৰৰ লগতে বিবিধ ব্যঞ্জনৰ জুতি ল’বলৈ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ বিলাসী ভোজন কেন্দ্ৰ ৰেডিছন ব্লুৰ এই ৰান্ধনীশালৰ যাত্ৰালৈ আমন্ত্ৰণ জনোৱা হৈছে খাদ্যপ্ৰেমীসকলক।


এই অনুষ্ঠানৰ বাবে কাশ্মীৰৰ নান্দনিক চহৰ পহলগামৰ প্ৰখ্যাত চেফ শ্বাব্বিৰে উপত্যকাখনৰ আটাইতকৈ জনপ্ৰিয় খাদ্যসম্ভাৰ প্ৰদৰ্শন কৰি প্ৰস্তুত কৰিছে এক বিশেষ মেন্যু। সুস্বাদু মাটন ৰিষ্টা, গুস্তাবা, টাবাক মাজ, ৱাজা কোকুৰ, লাহাবি কাবাব, নাদৰু যখনি আৰু এৰ’মেটিক কাভাৰ দৰে অনন্য খাদ্যসম্ভাৰৰ বাছনি কৰি খাদ্যপ্ৰেমীসকলে এই অনুষ্ঠানত কাশ্মীৰী খাদ্যৰ প্ৰকৃত সোৱাদ উপভোগ কৰিবলৈ সক্ষম হ’ব।


ৰেডিচন ব্লু গুৱাহাটীৰ কাৰ্যবাহী চেফ কে কাৰ্তিকেয়ানে কয় “কাশ্মীৰী ফুড ফিষ্ট’ অনুষ্ঠানৰ জৰিয়তে আমাৰ খাদ্যৰসিক অতিথিসকলক কাশ্মীৰৰ জুতি লগা সোৱাদৰ সৈতে পৰিচয় কৰাই দি আমি অতিশয় আনন্দিত হৈছো। চেফ শ্বাব্বিৰৰ ৰন্ধন দক্ষতাৰ লগতে কাশ্মীৰী ৰন্ধনপ্ৰণালীৰ প্ৰকৃত সাৰমৰ্মই খাদ্যৰসিকসকলৰ বাবে এক ব্যতিক্ৰমী ভোজনৰ অভিজ্ঞতা নিশ্চিত কৰে। ৰেডিচন ব্লু গুৱাহাটীত আমি সদায় আমাৰ অতিথিসকলৰ বাবে স্মৰণীয় মুহূৰ্ত সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই ৰন্ধনশালাৰ যাত্ৰাই আমাৰ সেই প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰে।’’ 


খাদ্য উৎসৱত আগবঢ়োৱা বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন সন্দৰ্ভত নিজৰ উৎসাহ ব্যক্ত কৰি চেফ শ্বাব্বিৰে কয়, “এই উৎসৱৰ জৰিয়তে উত্তৰ-পূব ভাৰতলৈ কাশ্মীৰৰ মনোৰম প্ৰামাণিক সোৱাদ বোৱাই আনিবলৈ পাই আনন্দিত হৈছো। খাদ্যপ্ৰেমীসকলৰ মাজত কাশ্মীৰী খাদ্যৰ প্ৰতি থকা অনস্বীকাৰ্য ভালপোৱা সঁচাকৈয়ে সন্তোষজনক, আৰু মই আমাৰ অতিথিসকলৰ বাবে এক অবিস্মৰণীয় ভোজনৰ অভিজ্ঞতা প্ৰস্তুত কৰাৰ আকাংক্ষা কৰিছো।”


অনুষ্ঠানৰ সৱিশেষ:

তাৰিখ: ২০২৪ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ

সময়: নিশা ৭:০০ বজাৰ পৰা ১১:৩০ বজালৈ


ৰেডিচন ব্লু গুৱাহাটীত ব্যতিক্ৰম ৰন্ধনশালাৰ যাত্ৰাৰ প্ৰতিশ্ৰুতি দিয়া চেফ শ্বাব্বিৰৰ সৈতে উপভোগ কৰক কাশ্মীৰৰ উষ্ণতা আৰু অনন্য সোৱাদ।


আসন সংৰক্ষণ আৰু সবিশেষ তথ্যৰ বাবে অনুগ্ৰহ কৰি ৮৮১১০ ৯৯৩৬৯ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here