আই টি চি চানৰাইজ পিয়'ৰে অসমীয়া মহিলা উদ্যোগীসকলক লৈ আৰম্ভ কৰিছে "অগ্রগামিনী"অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 December 2023

আই টি চি চানৰাইজ পিয়'ৰে অসমীয়া মহিলা উদ্যোগীসকলক লৈ আৰম্ভ কৰিছে "অগ্রগামিনী"অভিযান

 


W7s news গুৱাহাটী : আই টি চি চানৰাইজ গিয়'ৰে মহিলাসকলক উৎসাহিত আৰু সৱলীকৰণৰ বাবে তেওঁলোকৰ বেওৰ আঁওতাৰ লগত সংগতি ৰাখি অসমীয়া মহিলা উদ্যোগীসকলৰ প্ৰতিষ্ঠা আৰু স্বীকৃতি প্ৰদান কৰিবলৈ অসম ষ্টার্টআপ আৰু এ আই আই ডি চি (অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম) ৰ সৈতে সহযোগিতা কৰিছে।

সংগঠনটোৰ এটা অংশ হিচাপে চানৰাইজ পিয়'ৰে "অগ্রগামিনী" আৰম্ভ কৰিছে, ইয়াৰ সহায়ত অসমৰ দহগৰাকী মহিলা উদ্যোগীক স্বীকৃতি দিব যিসকলে নিজৰ স্হান সুৰক্ষিত কৰাৰ ওপৰিও আনৰ বাবে জীবিকা সৃষ্টিত অৱদান আগবঢ়াইছে। কিউৰেটেড ভিডিঅ' শৃঙ্খলাটোৱে এইসকল চুপাৰ উইমেনৰ প্ৰেৰণাদায়ক যাত্ৰাবোৰ স্পষ্টভাবে ধৰি ৰাখিছে, দূৰদৰ্শী ধাৰণাবোৰৰ সহায়েৰে কিদৰে উদ্যোগীক দৃশ্যপট সলনি কৰিছে তাৰ ওপৰতো আলোকপাত কৰিছে। ভিডিঅ' শৃঙ্খলাটোৱে সেই চুপাৰ উইমেনসকলৰ অনুপ্ৰেৰণামূলক যাত্রা সংবহন কৰিছে, যিসকল স্থিতিস্থাপকতা, কঠোৰ পৰিশ্ৰম আৰু প্ৰতিশ্রুতিৰ এক প্রতীক।

অসম চৰকাৰৰ উদ্যোগ, বানিজ্য আৰু পি ই বিভাগৰ মন্ত্রী বিমল বৰাৰ অনুগ্রহপূর্বক উপস্থিতিত এই ভিডিঅ' শৃঙ্খলাটো ঘোষণা কৰা হৈছিল। উক্ত অনুষ্ঠানটোত  মন্ত্ৰীগৰাকীয়ে ব্যবসায়ী মহিলাসকলৰ বিষয়ে আলোকপাত কৰে আৰু মহিলা উদ্যোগীসকলক অধিক উৎসাহিত কৰিবলৈ উদ্যোগ বিভাগৰ প্ৰতি চৰকাৰৰ সমর্থনৰ বিষয়টো দৃষ্টিগোচৰ কৰে।

সংযোজিত এই বেণ্ডটোৱে উদীয়মান উদ্যোগীসকলক ষ্টার্টআপ প্রতিযোগিতাৰ জৰিয়তে তেওঁলোকৰ ব্যবসায় ধাৰণা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰিব। শীর্ষত থকা তিনিটা ব্যবসায়/ধাৰণাক এক লক্ষ টকালাকে পুৰষ্কাৰ প্ৰদান কৰা হ'ব। ইয়াৰোপৰি উদ্যোগীসকলক তেওঁলোকৰ ব্যবসায় প্ৰসাৰিত কৰাৰ লগতে যিকোনো প্রত্যাহ্বান অতিক্রমণ কৰিবলৈ অসম ষ্টার্টআপ চেলৰ পৰা সমর্থন লাভ কৰিব।


অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি চানৰাইজ পিয়'ৰ ব্যবসায়িক প্রতিষ্ঠানৰ মুৰব্বী  পীযুষ মিশ্রই কয়, "বিশেষ বেও হিচাপে আমি আমাৰ সামগ্রী তথা পদক্ষেপৰ জৰিয়তে মহিলাসকলক সমৃদ্ধিশালী কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈছো। এই অভিযান আৰম্ভ কৰি আনন্দিত বোধ কৰিছো, কিয়নো কেৱল মহিলা উদ্যোগীসকলক সফল কৰাই নহয়, উচ্চাকাঙ্ক্ষী ব্যবসায়ী মহিলাসকলৰ বাবেও প্ৰেৰণাদায়ক উৎস হিচাপে আমি কাম কৰিবলৈ সক্ষম হৈছো। অসম ষ্টার্টআপ চেল আৰু এ আই আই ডি চিৰ সৈতে আমাৰ সহযোগিতাই উদ্যোগীক সমর্থন আৰু তেওঁলোকৰ অপৰিসীম প্ৰতিভাৰ লগতে সম্ভাবনা প্ৰদৰ্শন কৰাৰ বিষয়ে আমাৰ প্রতিশ্রুতি সমৃদ্ধ।

মুঠতে দহটা খণ্ডৰ এই ভিডিঅ' শৃঙ্গালাটোৱে প্ৰত্যাহ্বানবোৰ অতিক্ৰমণ কৰাৰ ওপৰিও অন্যান্য লোককো অনুপ্ৰাণিত কৰাৰ উপায় প্রশস্ত কৰি জীবন জীবিকাৰ পথ প্ৰদৰ্শন কৰা মহিলাসকলৰ অকথিত কথা বোৰৰ বিষয়েও গুৰুত্ব আৰোপ কৰে। প্ৰতিটো খণ্ডতে এগৰাকী সফল মহিলা উদ্যোগী প্ৰদৰ্শন কৰা হ'ব, যিয়ে তেওঁৰ ব্যবসায়ীক যাত্রা, সফলতাৰ সমান্তৰালকৈ ব্যবসায়ে সৃষ্টি কৰা যোগাত্মক প্ৰভাৱ প্ৰদৰ্শন কৰিব। ষ্টার্টআপৰ পৰা প্রতিষ্ঠিত উদ্যোগীলৈকে শৃঙ্খলাটোৱে বিভিন্ন ধৰণৰ উদ্যোগ সামৰি ল'ব। অসমীয়া মহিলাসকলে কেনেদৰে ব্যবসায়িক পার্থক্য আনিছে দৰ্শকৰ বাবে ইয়াৰ ওপৰতো এক বিস্তাৰিত ছবি দাঙি ধৰিব। এই শৃঙ্গালাটো চানৰাইজ পিয়'ৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here