গুৱাহাটীত অ'প্পো'ৰ ভাৰতৰ প্ৰথমটো এক্সক্লুছিভ "মিনি শ্ব'ৰূম" উদ্বোধন অভিনেত্ৰী য়াংকী পৰাশৰৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 December 2023

গুৱাহাটীত অ'প্পো'ৰ ভাৰতৰ প্ৰথমটো এক্সক্লুছিভ "মিনি শ্ব'ৰূম" উদ্বোধন অভিনেত্ৰী য়াংকী পৰাশৰৰ


 


W7s news,,,,গুৱাহাটী ১৫ ডিচেম্বৰ:  প্ৰতিশ্ৰুতিৰ প্ৰতি দায়বদ্ধ আৰু মেক ইন ইণ্ডিয়াৰ সংজ্ঞাৰে অ'প্পো ইণ্ডিয়াই উত্তৰ প্ৰদেশৰ নয়ডাত স্থানীয় উৎপাদন গোটৰ জৰিয়তে সমগ্ৰ দেশ পৰিচালিত কৰি আহিছে। এতিয়া ইয়াৰ ডিলাৰসকলক আৰু অধিক সুযোগ প্ৰদানৰ লক্ষ্যৰে  ব্ৰেণ্ডটোৱে "কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ কানেক্টিং পিপল" শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ পানবজাৰৰ লাখটকীয়া মাৰ্কেটত মুকলি কৰা হৈছে অ'প্পোৰ ভাৰত'ত প্ৰথমটো "মিনি শ্ব'ৰূম"। গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ গঢ়ি তোলা শ্ব'ৰূমটোৰ অংশীদাৰ জয় প্ৰকাশ জাজু, নাৰায়ণ জাজু আৰু ৰবি জাজুৰ উপস্থিতিত অভিনেত্ৰী য়াংকী পৰাশৰে অনুষ্ঠানিক ভাবে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কোম্পানীৰ জোনেল চেলছ মেনেজাৰ  অনীশুজ জামান, শ্ব'ৰূমৰ এল এফ আৰ হেড সন্দীপ চৌধুৰী, জে পি অংকুৰৰ লগতে এৰিয়া ডিষ্ট্ৰিবিউটৰ "ৰাম মেন বিজনেছ এণ্টাৰপ্ৰাইজেছ"ৰ মাৰ্কেটিং এণ্ড ব্ৰেণ্ডিং দল উপস্থিত থাকে। অনুষ্ঠানটোত জোনেল চেলছ মেনেজাৰ  অনিশুজ জামানে কয় যে এই উদ্যোগৰ অংশ হিচাপে অ'প্পো ইণ্ডিয়াই স্মাৰ্টফোন ডিলাৰসকলক তেওঁলোকৰ ব্যৱসায়ক স্থানীয় ফ্ৰেঞ্চাইজিলৈ ৰূপান্তৰ কৰাৰ সুযোগ প্ৰদান কৰিব।একেদৰে অ'প্পো ইণ্ডিয়াই প্ৰিমিয়াম ডিজাইনৰ ৰূপত শ্ব'ৰূ'মৰ ছেটআপত গ্ৰাহকৰ সৈতে সম্পৰ্ক স্থাপন কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াব।অ'প্পো ইণ্ডিয়াৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে  "অহা বছৰত অ'প্পো ইণ্ডিয়াই ৩০০ তকৈও অধিক মিনি শ্ব'ৰূম  খোলাৰ পৰিকল্পনা কৰিছে। সমগ্ৰ দেশৰ স্মাৰ্টফোন ব্যৱসায়ীসকলে এই কাৰ্যসূচীৰ বিষয়ে জানিবলৈ তেওঁলোকৰ আঞ্চলিক অপ্পো কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here