উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ক্লাইমেট ক্লক এচেম্বলি (জলবায়ু ঘড়ী সমাবেশ) অনুষ্ঠানে পৰিৱেশ সক্ৰিয়তাৰ এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শনত ৫০ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীক একত্ৰিত কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 December 2023

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ক্লাইমেট ক্লক এচেম্বলি (জলবায়ু ঘড়ী সমাবেশ) অনুষ্ঠানে পৰিৱেশ সক্ৰিয়তাৰ এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শনত ৫০ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীক একত্ৰিত কৰে


 


W7s news,,,গুৱাহাটী, ১৩ ডিচেম্বৰ,২০২৩:- য়েচআৰ্থ য়ুথ কৰ্পছে ( YesEarth Youth Corps) পৰিৱেশৰ পোষকতা কৰি উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ক্লাইমেট ক্লক এচেম্বলি (জলবায়ু ঘড়ী সমাবেশ) অনুষ্ঠান সফলভাৱে সমাপ্ত কৰাৰ কথা গৌৰৱেৰে ঘোষণা কৰে। য’ত মুঠ ৫০ খন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হয়। এই যুগান্তকাৰী পদক্ষেপটো হৈছে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ গ্ল’বেল ক্লাইমেট ক্লক এচেম্বলি আৰু প্ৰদৰ্শনী অনুষ্ঠান, যিয়ে যুৱক-যুৱতীসকলক অংশগ্ৰহণৰ শক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে তেওঁলোকৰ সামূহিক প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানসমূহৰ পৰা ১০ জনীয়া এটা দলে জলবায়ু ঘড়ীটো একত্ৰিত কৰাৰ সুযোগ পাব, যিটো তেওঁলোকে অনুষ্ঠানৰ পিছত উভতাই লৈ যাব পাৰিব আৰু শিক্ষানুষ্ঠান চৌহদত গৌৰৱেৰে প্ৰদৰ্শন কৰিব পাৰিব।জলবায়ু কাৰ্য্যসূচীত ছাত্ৰ--ছাত্ৰীসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম কৰাটোৱেই এই অভিযানৰ উদ্দেশ্য। এয়া কেৱল তেওঁলোকৰ ভৱিষ্যতৰ বিনিয়োগ নহয়, আজিৰ ইতিবাচক পৰিৱৰ্তনৰ প্ৰেৰণাৰ উৎস। ছাত্ৰ-ছাত্ৰী সকলক হাতে কামে নিয়োজিত হোৱাৰ পোষকতা কৰি এটা প্ৰজন্মক পৰিৱেশৰ প্ৰবন্ধক, সমস্যা সমাধানকাৰী, আৰু বহনক্ষম পদ্ধতিৰ সমৰ্থক হ’বলৈ অনুপ্ৰাণিত কৰা হয়।। সামূহিক প্ৰকল্পৰ জৰিয়তে হওক, নৱীকৰণযোগ্য শক্তিৰ পদক্ষেপৰ জৰিয়তেই হওক, বা শিক্ষামূলক অভিযানৰ জৰিয়তে হওক, জলবায়ু কাৰ্য্যৰ স্পষ্ট দিশসমূহৰ সৈতে ছাত্ৰ—ছাত্ৰীসকলক জড়িত কৰিলে দায়িত্ব আৰু নিজস্বতাৰ ভাৱ জগাই তোলে। লগতে  তেওঁলোকৰ শক্তি আৰু উদ্ভাৱনৰ সৈতে ইতিবাচক পৰিৱেশ  প্ৰভাৱৰ বাবে এক শক্তিশালী শক্তিক বিকশিত কৰিব পাৰা যায় আৰু এনে এটা ভৱিষ্যত গঢ় দিব পাৰা যায় য’ত প্ৰতিটো কাৰ্য্যই গুৰুত্বপূৰ্ণ আৰু প্ৰতিজন ছাত্ৰই অধিক বহনক্ষম পৃথিৱী গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। য়েছআৰ্থ ইউথ কৰ্পছৰ উদ্যোগত আৰু এনাৰ্জি স্বৰাজ ফাউণ্ডেশ্যন, এএছটিইচি (অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰ্য্যাৱৰন পৰিষদ), এইডিএ (অসম শক্তি উন্নয়ন সংস্থা), ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২৪০ আৰু এনচিচি (নেচনেল কেডেট কৰ্পছ)ৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠান ১৩ ডিচেম্বৰত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত শুভাৰম্ভণি কৰা হয়। 


য়েছআৰ্থৰ চি ই অ' অভিজিত শৰ্মাই কয় যে "জলবায়ু ঘড়ীৰ টিক টিক কৰা কটাবোৰে আমাৰ সামূহিক দায়িত্বৰ তৎকালীনতাক আলোকপাত কৰে। কথা বা চিন্তাবোৰক নতুন আকাৰ দিয়া, বহনক্ষম পৰিৱৰ্তনক আগুৱাই নিয়া, আৰু এটা সুৰক্ষিত ভবিষ্যত গঢ় দিয়াটোও আমাৰ হাতত। জলবায়ুৰ ঘড়ীয়ে আগুৱাই যোৱাত আমাক প্ৰেৰণা দিয়ে।  কেৱল কি হেৰুৱাবলগীয়া আছে তাৰ সোঁৱৰণী হিচাপে নহয়, কিন্তু এখন স্থিতিস্থাপক আৰু বহনক্ষম পৃথিৱীৰ প্ৰতি আমাৰ দায়বদ্ধতাক ক্ষীপ্ৰ কৰাৰ আহ্বান হিচাপেও প্ৰেৰণা দি আহিছে।


য়েছআৰ্থ ইউথ কৰ্পছ ক্লাইমেট লিডাৰশ্বিপ প্ৰ’গ্ৰামে পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ লক্ষ্য হৈছে যুৱ নেতাসকলক পৰিৱেশ বিষয়সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষিত আৰু শক্তিশালী কৰা। য়েছআৰ্থে আমাৰ গ্ৰহটোক জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে এক সহযোগিতামূলক পদ্ধতি গ্ৰহণ কৰিছে। এই অনুষ্ঠানৰ সফলতাৰ ওপৰত য়েছআৰ্থে চিন্তা-চৰ্চা কৰাৰ লগে লগে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে সৃষ্টি কৰা গতিবেগৰ ওপৰত  মনোনিৱেশ কৰা হৈছে, যাৰ ফলত তেওঁলোকক নিজ নিজ সম্প্ৰদায়ত বহনক্ষম পদ্ধতি আৰু পৰিৱেশ সচেতনতাৰ পোষকতা অব্যাহত ৰাখিবলৈ শক্তিশালী কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here