‘ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও’ অভিযানক আধাৰ হিচাপে লৈ আপষ্টক্সে আগবঢ়াইছে অভিনৱ সুবিধা, অত্যাধুনিক বিনিয়োগ সমাধানৰ সৈতে শক্তিশালী কৰি তুলিছে গ্ৰাহকক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 December 2023

‘ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও’ অভিযানক আধাৰ হিচাপে লৈ আপষ্টক্সে আগবঢ়াইছে অভিনৱ সুবিধা, অত্যাধুনিক বিনিয়োগ সমাধানৰ সৈতে শক্তিশালী কৰি তুলিছে গ্ৰাহকক




W7s news গুৱাহাটী: দেশৰ অন্যতম আগশাৰীৰ বিনিয়োগ প্লেটফৰ্ম আপষ্টক্সে (আৰকেএছভি ছিকিউৰিটিজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড বুলিও জনা যায়) নিজৰ এপত বহুতো নৱীকৃত বৈশিষ্ট্য আগবঢ়াইছে, যিয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে বিনিয়োগক অতি সৰল কৰি তুলিব। বিনিয়োগকাৰীৰ অভিজ্ঞতাৰ কথা বিশেষভাৱে বিবেচনা কৰি আপষ্টক্সে বিনিয়োগ প্ৰক্ৰিয়াটোক নিৰৱচ্ছিন্ন, স্বজ্ঞাত আৰু বহুতো সুবিধাৰে আকৰ্ষণীয় কৰি তোলাৰ লক্ষ্য বান্ধি লৈছে।এই নতুনকৈ সজাই তোলা বিশেষ সুবিধা(ফিচাৰ চ্যুট)সমূহ হৈছে আপষ্টক্সৰ মূল অভিযানৰ এটা গুৰুত্বপূৰ্ণ অংশ। এই 'ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও' অভিযান হৈছে সকলো ব্যৱহাৰকাৰী বা গ্ৰাহকক নিষ্ক্ৰিয় বিনিয়োগৰ শক্তি আৰু সূচকাংক পুঁজি(ইণ্ডেক্স ফাণ্ড)ত এছআইপিৰ জৰিয়তে এক শৃংখলাবদ্ধ বিনিয়োগ পদ্ধতিৰ দিশত নিজৰ যাত্ৰা কেনেদৰে আৰম্ভ কৰিব লাগে সেই বিষয়ে সজাগ কৰি তোলা এক অভিযান। ইয়াৰ অন্তৰ্নিহিত বিশ্বাস হ’ল যে ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠানবোৰ সমৃদ্ধ হোৱাৰ লগে লগে বিনিয়োগকাৰীয়ে ইকুইটি বজাৰত অংশগ্ৰহণৰ সময়ত নিজৰ সম্পদো সমৃদ্ধ হ'ব।লগতে এইটো উপলব্ধি কৰে যে নতুন বিনিয়োগকাৰীসকলে প্ৰায়ে ক'ত, কেনেকৈ, কিয়, কি বিনিয়োগ কৰিব লাগে ধৰণৰ সাধাৰণ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলগীয়া হয়, আপষ্টক্সে ১০,০০০ৰো অধিক অধিক মিউচুৱেল ফাণ্ড আঁচনি বিশ্লেষণ কৰাৰ গুৰুত্বপূৰ্ণ কাম হাতত লৈছে আৰু বিপদাশংকা(ৰিস্ক) আৰু ৰিটাৰ্ণ মেট্ৰিকৰ ওপৰত আধাৰিত কৰি উন্নত-প্ৰদৰ্শনকাৰী স্কিমবোৰক তালিকাভুক্ত কৰিছে। এইবোৰক আপষ্টক্সৰ নতুনকৈ পুনৰ্নিৰ্মাণ কৰা মিউচুৱেল ফাণ্ড ছেকচনত 'টপ ফাণ্ড' হিচাপে তালিকাভুক্ত কৰা হৈছে। কোম্পানীটোৱে ব্যৱহাৰকাৰীক এক সামগ্ৰিক বিনিয়োগৰ দৃশ্যপট প্ৰদান কৰিবলৈ নিজৰ এপত ষ্টক এছআইপি, ৱেলথ ট্ৰেকাৰ, গোল্ড আৰু ফিক্সড ইনকামৰ দৰে সুবিধাসমূহো মুকলি কৰিছে।বিনিয়োগকাৰীসকলক সজাগ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আপষ্টক্সে আগবঢ়াইছে "ট্ৰুথ অৱ ইনভেষ্টিং", যি হৈছে পুনৰুজ্জীৱিত মিউচুৱেল ফাণ্ড শাখাৰ ভিতৰত উপলব্ধ এক সংক্ষিপ্ত শৈক্ষিক সম্পদ। উদাহৰণ স্বৰূপে, মাত্ৰ ৫,০০০ টকাৰ সৈতে এক প্ৰণালীবদ্ধ ইনভেষ্টনেণ্ট স্কিম (এছআইপি) আৰম্ভ কৰি ১২.৫% ৰিটাৰ্ণ প্ৰদান  আৰু গ্ৰাহকে একেৰাহে ২৫ বছৰ ধৰি বিনিয়োগ কৰি থাকিলে নিজৰ বিনিয়োগ কোটি টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যিয়ে কম্পাউণ্ডিঙ(যৌগিককৰণ)ৰ প্ৰভাৱশালী আচৰণক উজ্জ্বল কৰি তুলিছে। আপষ্টক্সে আন বিভিন্ন জ্ঞানবৰ্ধক সত্য উপস্থাপন কৰিছে, যিবোৰ বুজিবলৈ আৰু ৰূপায়ণ কৰিবলৈ অতি সহজ।

ইয়াৰ লগতে প্ৰতিষ্ঠানটোৱে নিজৰ ব্যৱহাৰকাৰীক এক "সৰলীকৃত ষ্টক বিশ্লেষণ পৃষ্ঠা বা চিমপ্লিফাইড ষ্টক এনালাইচিছ পেজ" আগবঢ়ায় য'ত বিশ্লেষক ৰেটিং, চেকলিষ্ট, আৰু ঘনীভূত(কণ্ডেনছ) তথ্যসম্ভাৰ থাকে যাতে ব্যৱহাৰকাৰীসকলক আত্মবিশ্বাসী ষ্টক বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত শক্তিশালী কৰিব পাৰি। এই বছৰ আপষ্টক্সৰ আন এক উল্লেখযোগ্য শুভাৰম্ভণি হৈছে "আপলাৰ্ণ", যিয়ে সমগ্ৰ ভাৰতৰ সকলো স্তৰত শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মিত সহজে বুজিব পৰা শৈক্ষিক সামগ্ৰী প্ৰদান কৰে।

২০২৩ চনৰ বিশ্বকাপৰ অফিচিয়েল স্পনচৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) হিচাপে 'ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও' অভিযানৰ সৈতে আপষ্টক্সে ব্যৱহাৰকাৰীক বিশ্বকাপৰ সময়ছোৱাত নিজৰ বিনিয়োগ যাত্ৰা আৰম্ভৰ বাবে উদগণি দিবলৈ "খাতা খোলা ক্যা?" নামৰ এক সামাজিক মাধ্যম কেম্পেইন আৰম্ভ কৰিছিল। গ্ৰাহক-কেন্দ্ৰিক মনোনিৱেশ আৰু ইকুইটিৰ সমাৱেশ বৃদ্ধিৰ ওপৰত অহৰহ প্ৰচেষ্টাৰে এতিয়া আপষ্টক্স হৈ পৰিছে ১৩ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীৰ ঘৰ। আপষ্টক্সৰ বাবে এই সমৃদ্ধিৰ পৃষ্ঠাত অসম হৈছে অন্যতম। আপষ্টক্সৰ বৈচিত্ৰ্যময় ব্যৱহাৰকাৰী আধাৰত সহস্ৰাব্দৰ ব্ৰেকেট আৰু টায়াৰ ২-৩ চহৰৰ এক বিশিষ্ট প্ৰতিনিধিত্ব বা বিভিন্নজনক অন্তৰ্ভুক্ত কৰা হৈছে। বৈচিত্ৰ্যময় গ্ৰাহকৰ ভিত্তিত অন্যান্য গোটৰ লগতে ব্যৱসায়ী, চৰকাৰী কৰ্মচাৰী আৰু গৃহিণীও অন্তৰ্ভুক্ত।আপষ্টক্সৰ সঞ্চালক অমিত লালনে কয় যে, "সমগ্ৰ দেশজুৰি বিত্তীয় বিনিয়োগৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা ভালদৰে ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ বাবে মই কৃতজ্ঞ। আমি সদায়ে ইতিবাচক যে, বিভিন্ন বিত্তীয় বিনিয়োগৰ সংস্কৃতি চলাই নিয়াৰ আমাৰ প্ৰধান দৃষ্টিভংগীয়ে আমাক নতুন দিগন্তত উপনীত হোৱাত সহায় কৰিব আৰু আমাক আমাৰ গ্ৰাহকৰ বাবে পছন্দৰ অংশীদাৰ কৰি তুলিব। এবাৰত অন্ততঃ এজন গ্ৰাহকক হ'লেও আমি ভাৰতত ইকুইটি অংশগ্ৰহণ উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"


আৰু এখোজ আগুৱাই আপষ্টক্সৰ লক্ষ্য হৈছে মানুহক বিনিয়োগৰ বাবে এক সামগ্ৰিক ৩৬০ ডিগ্ৰী পদ্ধতি প্ৰদান কৰা, যাতে ব্যৱহাৰকাৰীসকলে এক সহজ, নিৰ্ভৰযোগ্য আৰু স্বচ্ছ প্লেটফৰ্মৰ জৰিয়তে শিক্ষণ আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, লগতে বিনিয়োগ আৰু ব্যৱসায় কৰিব পাৰে। আপষ্টক্সে প্ৰতিজন নাগৰিকক নিজৰ বিনিয়োগ আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় জ্ঞান আৰু আত্মবিশ্বাস দিব বিচাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here