জেচিআই এচিভাৰ্ছৰ নতুন সভাপতিৰ দৈয়াত্য গ্ৰহন সুমিত পদ্দাৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 December 2023

জেচিআই এচিভাৰ্ছৰ নতুন সভাপতিৰ দৈয়াত্য গ্ৰহন সুমিত পদ্দাৰে


 

W7s news,,,গুৱাহাটী, ২৪ ডিচেম্বৰ।  জেচিআই গুৱাহাটী এচিভাৰ্ছৰ নতুন কাৰ্যবাহীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰীয় উপ সভাপতি জে এফ এছ অংকুৰ ঝুনঝুনৱালা, বিশেষ অতিথি হিচাপে মণ্ডল সভাপতি (নিৰ্বাচিত) শুভম আগৰৱালা, বিশেষ আমন্ত্ৰিত অতিথি হিচাপে মণ্ডল-২৫ৰ উপ সভাপতি ঈশা গংগৱাল উপস্থিত থাকে। আগাজ নামেৰে আয়োজিত অনুস্থানত আগন্তুক ২০২৪ৰ বৰ্ষৰ বাবে সভাপতি হিচাপে সুমিত পোদ্দাৰক মুখ্য অতিথি অংকুৰ ঝুনঝুনৱালাই কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। নতুন কাৰ্যকালৰ বাৱে সম্পাদক হিচাপে কৰণ আগৰৱালা, কোষাধ্যক্ষ জয় কিশন অজিতসৰীয়াকে ধৰি অন্যান্য কাৰ্যবাহী সদস্যসকলেও শপত গ্ৰহণ কৰে।

সভাপতিত্বৰ ভাষণত নৱনিযুক্ত সভাপতি সুমিত পদ্দাৰে সংগঠনটোৰ সকলো সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁৰ কাৰ্যকালত ক্লাবটোক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব, যাৰ বাবে তেওঁক সকলোৰে সম্পূৰ্ণ সহযোগিতা প্ৰয়োজন সদস্যসকলক।

ইয়াৰ পূৰ্বে সকলোকে আদৰণি জনাই অনুষ্ঠানটো উদ্বোধন কৰে জেচিআই এচিভাৰ্ছৰ সভাপতি মৃদুল ডেকাই। এই সময়ছোৱাত তেওঁ নিজৰ কাৰ্যকালত লাভ কৰা সহযোগিতাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সদস্যসকলক স্মৃতিগ্ৰন্থ প্ৰদান কৰে। আগাজ নামৰ শপত গ্ৰহণ অনুষ্ঠানটো সফল কৰি তোলাত জেচিআই এচিভাৰ্ছৰ সকলো সদস্যৰ সম্পূৰ্ণ সহযোগ আছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here