• ভাৰতত চাহ পর্যটনৰ প্ৰসাৰত অৱদান আগবঢ়াব আয়ুর্বেদ আৰু যোগে: সর্বানন্দ সোণোৱাল
• ভাৰতত চাহৰ প্ৰামাণিক স্বাস্থ্য উপকাৰিতা সন্দৰ্ভত প্ৰচাৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ
• ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তত আয়ুস স্বাস্থ্য ব্যৱস্থাৰ ধাৰণাৰ প্ৰসাৰৰ উদ্দেশ্যে ডাক টিকট মুকলি: সোণোৱাল
W7s news,,,নতুন দিল্লী, ২১ ডিচেম্বৰ: এ আই আই এ, গোৱাৰ প্রথম বর্ষপূর্তি উপলক্ষে স্মাৰক ডাক টিকট মুকলি কৰে কেন্দ্রীয় আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে। এই অনুষ্ঠানত উপস্থিত থাকে আয়ুস আৰু নাৰী তথা শিশু কল্যাণ বিভাগৰ বাজ্য মন্ত্রী ডাঃ মুজাপাৰা মহেন্দ্রভাই, আয়ুস মন্ত্ৰ্যালয়ৰ সচিব বৈদ্য বাজেশ কটেচা। এই অনুষ্ঠানত চাহৰ বিভিন্ন ধৰণৰ উপকাৰিতা আৰু মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ উপকাৰিতা সন্দর্ভত গৱেষণা চলোৱাৰ বাবে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত এ আই আই এ, দিল্লী আৰু এ ৱাই চি এল (এন্ড্রিউ য়ুল এন্ড কোম্পানী)ৰ মাজত এই বুজাবুজিৰ চুক্তি সম্পাদন হয়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে যোগচর্চা আৰু আয়ুর্বেদৰ ক্ষেত্ৰত চাহৰ উপকাৰিতাই ভাৰতত চাহ পর্যটনকো এক নতুন গতি প্রদান কৰিব। 'প্রধানমন্ত্রী মোডীৰ দিক নির্দেশনাত আমি ২০৪৭ চনৰ ভিতৰত শীর্ষ তিনিখন দেশৰ তালিকাত অন্তর্ভুক্ত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছো আৰু আমি এখন আত্মনির্ভৰশীল দেশ হিচাপে পৰিগণিত হ'ম।
এখন বিকশিত দেশলৈ ৰূপান্তৰ হোৱাৰ ক্ষেত্রত আমি সকলো পদক্ষেপ গ্রহণ কৰিছো। সর্বোত্তম পদ্ধতিৰ জৰিয়তে শ্রেষ্ঠত্ব অর্জনৰ বাবে আমি বদ্ধপৰিকৰ। সর্বাংগীণ স্বাস্থ্য সেৱা ব্যৱস্থাৰ বাবে গুণমান নির্ধাৰণ কৰা হয় আৰু এ আই আই এয়েও ভাল কাম কৰি আছে। ডাক টিকটৰ জৰিয়তে এ আই আই এয়ে বিশ্বস্তৰত শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে ৷'- কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়। মহেন্দ্রভাই মুজাপাৰাই কয় যে এবছৰ সম্পূর্ণ কৰা এ আই আই এ, গোৱাই বিশ্বস্তৰত আয়ুর্বেদৰ ক্ষেত্ৰত সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্রত বুজাবুজিৰ চুক্তিয়ে ইতিবাচক ভূমিকা পালন কৰিব বুলিও তেওঁ উল্লেখ কৰে। বৈদ্য বাজেশ কটেচাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ শক্তিশালী নেতৃত্বত আয়ুস মন্ত্ৰ্যালয়ে সকলো ক্ষেত্রত আগুৱাই যাবলৈ সক্ষম হৈছে। উল্লেখ্য যে 'অল ইন্ডিয়া ইনষ্টিটিউট অব্ আয়ুর্বেদ' (এ আই আই এ) আৰু ইণ্ডিয়া প'ষ্টৰ যুটীয়া উদ্যোগত কালি নতুন দিল্লীৰ ট্রেনছপৰ্ট ভৱনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত আয়ুস মন্ত্ৰ্যালয়ৰ আয়ুর্বেদৰ উপদেষ্টা বৈদ্য মনোজ নেছাৰী, এ আই আই এৰ সঞ্চালক অধ্যাপক (ডাঃ) তনুজা মনোজ নেছাৰী আৰু ইণ্ডিয়া পষ্টৰ ডি জি স্মিতা কুমাৰেও অংশগ্রহণ কৰে। অধ্যাপক তনুজা নেছাৰীয়ে স্মাৰক ডাক টিকট মুকলি অনুষ্ঠানটোত এ আই আই এ, গোৱাৰ বাবে এক গৌৰৱৰ মুহূর্ত বুলি উল্লেখ কৰে ৷
No comments:
Post a Comment