'বন্ধু' শীৰ্ষক গীতৰ শুভমুক্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 December 2023

'বন্ধু' শীৰ্ষক গীতৰ শুভমুক্তি



W7s news গুৱাহাটী: গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত বৃহস্পতিবাৰে

'বন্ধু' শীৰ্ষক এটা গীতৰ শুভমুক্তি দিয়া হয়। গীতটো মুকলি কৰি  জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ,  বিশিষ্ট শিল্পী বিদ্যা সাগৰে কয়-বন্ধু গীতটোৰ জৰিয়তে

অতীত বিচাৰি পাওঁ। বন্ধুৰ সৈতে নানা স্মৃতি বিজড়িত হৈ থাকে । এই গীতটোৰ জৰিয়তে বন্ধুৰ লগত থকা সম্পৰ্ক, কলেজীয়া জীৱনৰ স্মৃতি, আবেগ ফুটি উঠিছে। ৰাইজে এই গীতটো  ভাল পাব। সোণালী দিনৰ স্মৃতি ৰোমন্হন কৰা বাবে গীতটো গোৱা হৈছে। জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰে আঁত ধৰা সভাখনত সুৰকাৰ, সংগীতকাৰ বি ভৰত,ব্যৱসায়ী, সমাজকৰ্মী বিমল দত্ত উপস্থিত থাকে।জ্যোতি চিত্ৰবনৰ

উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ এই সম্পৰ্কে কয়-'বন্ধু' গীতটোৰ কথা মোৰ। সুৰ, সংগীতেৰে সজাইছে

বি ভৰতে। আমি কানৈ কলেজৰ প্রাক্তন ছাত্র। কানৈ কলেজৰ প্রাক্তন শিক্ষাৰ্থীকলৈ ৯ ডিচেম্বৰত  মিলন সমাৰোহ অনুষ্ঠিত হ'ব। এই উপলক্ষে।ৰোমন্থন শীর্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গীতটো জ্যোতি চিত্ৰবনৰ অধ্যক্ষ, বিশিষ্ট শিল্পী  বিদ্যাসাগৰে কন্ঠ দিছে। গীতটো ইউটিউবত উপলব্ধ হ'ব। গীতটো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ।'


গীতৰ মুকলি অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here