গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল (বিভিএফএফ)ৰ অষ্টম সংস্কৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 December 2023

গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল (বিভিএফএফ)ৰ অষ্টম সংস্কৰণ

 




 W7s news গুৱাহাটী : ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল (বিভিএফএফ)ৰ  অষ্টম সংস্কৰণ ১৪-১৭ ডিচেম্বৰলৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰৱনত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বিভিএফএফৰ প্ৰতিষ্ঠাপক আৰু মহোৎসৱ সঞ্চালিকা তনুশ্ৰী হাজৰিকাই। তেওঁ লগতে কয়-এই মহোৎসবত ৩০ খন পূৰ্ণদৈঘ্যৰ চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰা হ'ব।বিভিএফএফে ইতিমধ্যে আমাজন প্ৰাইম ভিডিঅ'ৰ সৈতে নিজৰ সহযোগিতা ঘোষণা কৰিছে, যাৰ ফলত চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ সৃষ্টিসমূহ পোনপটীয়াকৈ আগশাৰীৰ অ'টিটি মঞ্চত উপস্থাপন কৰাৰ সুযোগ পাব।বিভিএফএফে ২০০ ৰো অধিক চলচ্চিত্ৰ লাভ কৰিছে যাৰ ভিতৰত প্ৰায় ১২০ খন উত্তৰ-পূবৰ আৰু বাকীবোৰ সমগ্ৰ ভাৰতৰ। এই মহোসৱৰ ১৪ ডিচেম্বৰৰ বিয়লি ৩ বজাত  উদ্বোধনী অনুষ্ঠান আৰু ১৭ ডিচেম্বৰৰ বিয়লি ৩ বজাত বঁটা প্ৰদান অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এইবাৰ দুখন স্ক্ৰীণত চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হ'ব। চুটি ছবি আৰু তথ্য চিত্র এখন স্ক্ৰীণত আৰু আনখন 

স্ক্ৰীণত পূৰ্ণদৈঘৰ চলচ্চিত্ৰ সমূহ প্ৰদৰ্শন কৰা হ'ব।

এইবাৰ দহটা ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব।'

সংবাদ মেলত বিভিএফএফৰ প্ৰ’গ্ৰামিং সঞ্চালক পল্লৱী চুমকি বৰুৱাই কয়-এই মহোৎসৱত “কৃষ্ণ ডিকে, কেতকী পণ্ডিত, প্ৰকাশ ঝা, তনুজা চন্দ্ৰ, লীনা যাদৱ, আদিল হুছেইন, ৰনি লাহিড়ী, হৰ্ষদ নালাৱাদে, মিৰানছা নায়েক, পৱন হাওবাম কুমাৰ, সঞ্জয় ভুটিয়ানি আদিসকলৰ দৰে বহুকেইগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকিব।বিভিএফএফ ২০২৩ত দাখিল কৰা ২০০ৰো অধিক প্ৰৱেশপত্ৰৰ ভিতৰত ৩০খন নিৰ্বাচিত চিনেমাৰ প্ৰদৰ্শন, পেনেল আলোচনা, ফায়াৰছাইড চেট, মাষ্টাৰক্লাছ, আৰু ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, পুনেৰ সহযোগত অনুষ্ঠিত হ’ব চলচ্চিত্ৰ নিৰ্মাণৰ পৰিচয়ৰ বিষয়ক এখন কৰ্মশালা। এইবাৰ জুৰীত সংযোজিত হৈ আছে তছবীৰৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক ৰীতা মেহেৰ, স্বতন্ত্ৰ চলচ্চিত্ৰ সমালোচক আৰু সাংবাদিক মুৰ্তাজা আলী খান, লেখক, চলচ্চিত্ৰ নিৰ্মাতা তথা সমালোচক উৎপল দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰদৰ্শন কলা আৰু সংস্কৃতি কেন্দ্ৰৰ অধ্যাপক তথা সঞ্চালক ড০ আশা কোঠাৰী চৌধুৰী।' সংবাদ মেলত


বিভিএফএফৰ কাৰিকৰী সঞ্চালক সমুজ্জল কাশ্যপে  চমু বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here