ৰন্ধন-কলাত টেৰা মায়াৰ ১১ বছৰীয়া উদযাপন: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 December 2023

ৰন্ধন-কলাত টেৰা মায়াৰ ১১ বছৰীয়া উদযাপন:

 


 

২০২৪ চনৰ বাবে খাদ্য-তালিকা উন্মোচন 


W7s news গুৱাহাটী: ৰন্ধন-কলা জগতত একাদশ প্ৰতিষ্ঠা-দিৱস উপলক্ষে দেশৰ আগশাৰীৰ ৰন্ধন প্ৰতিষ্ঠান টেৰা মায়াই তেওঁলোকৰ এখন নতুন উদ্ভাৱনসম্পন্ন আৰু মনোৰম খাদ্য-তালিকা উন্মোচন কৰাৰ কথা ঘোষণা কৰিছে। এই খাদ্য-তালিকা উন্মোচন কৰে ভাৰতৰ বহুতো সম্ভ্ৰান্ত খাদ্য প্ৰতিষ্ঠানলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা আৰু দেশজুৰি বহু বিখ্যাত ৰেষ্টুৰাঁক বিশেষ মৰ্যাদা প্ৰদান কৰা স্বনামধন্য খাদ্য বিশেষজ্ঞ চেফ বিৰাফ লিম পেটেলে।


এই নতুন চমৎকাৰ খাদ্য-তালিকা উন্মোচন কৰি চেফ বিৰাফ লিম পেটেলে কয়, "বিশ্বৰ বিভিন্ন দেশৰ খাদ্য প্ৰণালীৰ সুদীৰ্ঘ কাল আৰু পৰ্যবেক্ষণ কৰি প্ৰস্তুত কৰা টেৰা মায়াৰ খাদ্য-তালিকাসমূহত ইউৰোপকে আদি কৰি পৃথিৱীৰ ভিনভিন সুস্বাদু খাদ্যাভাস প্ৰতিফলিত হৈছে। বিশেষকৈ সৰু সৰু প্লে'টৰ কাৰণে প্ৰস্তুত কৰা মেনুৱে বিশেষ গ্ৰাহকসকলক উল্লেখনীয়ভাৱে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ প্ৰতিবিধ ৰন্ধন-প্ৰকৰণ একোটা বিশেষ বিশেষ অভিজ্ঞতাৰ চানেকি বুলিও ইতিমধ্যে স্বীকৃত হৈছে, যি ভোজন-ৰসিকসকলক ভিনভিন খাদ্যৰ জুতি দিয়াত সহায়ক হৈছে।"


এই উপলক্ষতে প্ৰতিষ্ঠানটোৰ পানীয়সমূহ নিপুণতাৰে প্ৰস্তত কৰা মূল ব্যক্তি টেৰা মায়াৰ পৰিচালন অংশীদাৰ ৰচিত ছাবুৱে কয়, "আমাৰ এই বিশেষ দিনটোত উন্মোচন হোৱা নতুন মেনুত আধুনিক তথা সমসাময়িক  ভোজন-জুতিৰ ভিনভিন কৌশল প্ৰয়োগ কৰাৰ লগতে বিভিন্ন ফলৰ ঘৰতে তৈয়াৰ কৰা ৰসৰো সংযোজন ঘটোৱা হৈছে। ইউ-ভি গ্ল'ৱিং ককটেইলৰ পৰা ফ্লায়িং হিলিয়াম বাবলছলৈকে আমাৰ প্ৰতিবিধ নতুন পানীয়ই ভোজন-ৰসিকজনক খাদ্য গ্ৰহণক এটা উৎসৱৰ পৰ্যায়লৈ লৈ যাব। সেয়ে আমি সকলো খাদ্য-ৰসিকক আমাৰ এই বিশেষ  বাৰ্ষিকী উদযাপনলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছো।"


উল্লেখযোগ্য যে যোৱা তিনিবছৰ ধৰি টেৰা মায়াক এটি স্বাধীনচিতীয়া বিচাৰক মণ্ডলীয়ে দেশৰ পঞ্চাছখন শীৰ্ষস্থানীয় বাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। বিখ্যাত চেফ বিৰাফ লিম পেটেলৰ নিজৰ কাফে জ' নামৰ খাদ্যবিপনীৰ উপৰিও দেশৰ বিভিন্ন ঠাইৰ আগশাৰীৰ ৰেষ্টুৰাঁ আৰু অন্য ডাইনিং প্ৰতিষ্ঠানে তেওঁৰ দ্বাৰা প্ৰস্তুত ৰন্ধন-প্ৰকৰণ পৰিবেশন কৰে। সেইসমূহৰ ভিতৰত দিল্লীৰ স্ম'ক হাউছ গ্ৰিল, মুম্বাইৰ ডেল্টালিয়া, দি টে'ষ্টিং ৰূম তথা ছল্টৱাটাৰ কাফে, আৰু পুনেৰ ষ্ট'ন ৱাটাৰ গ্ৰিল অন্যতম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here