তিনি বছৰত বি টি আৰত সংঘটিত হোৱা নাই এটাও হিংসাত্মক ঘটনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 December 2023

তিনি বছৰত বি টি আৰত সংঘটিত হোৱা নাই এটাও হিংসাত্মক ঘটনা


 


সফলতাৰ খটিয়ান দাঙি ধৰি বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ ঘোষণা


W7s news,,,গুৱাহাটী, ১৬ ডিচেম্বৰ ঃ বি টি আৰ প্ৰধান প্ৰমোদ বড়োই সফলতাৰে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে৷ বি টি আৰত শান্তি, স্মাৰ্ট আৰু সেউজ বড়োভূমি গঢ়াৰ লক্ষ্যৰে শপত গ্ৰহণ কৰা প্ৰমোদ বড়োই আজি তিনি বছৰীয়া কাৰ্যকালৰ সফলতাৰ খটিয়ান দাঙি ধৰে৷ গুৱাহাটীৰ লিলি হোটেলত আজি আয়োজিত এক সংবাদমেলত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে ১৯৫৭ ৰ পৰা বড়োভূমিত ৫০০০ লোকে শ্বহীদবৰণ কৰিলে৷ এটা সময়ত বি টি আৰত এক ভয়াৱহ পৰিৱেশ আছিল৷ কিন্তু এতিয়া সেই পৰিৱেশ সলনি হৈছে৷ বি টি আৰত ক্ৰমান্বয়ে শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ বড়োভূমিত হিংসা নাইকিয়া কৰি সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰা তথা শান্তি, স্মাৰ্ট আৰু সেউজ বড়োভূমি হিচাপে গঢ়ি তোলাৰ মূল লক্ষ্য বান্ধি লোৱা হৈছে৷ বিগত তিনিটা বছৰত বি টি আৰত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বড়োভূমিত ইউ পি পি এল, বিজেপি আৰু জি এছ পি তিনিটা দল মিলি বিভিন্ন জাতি-জনগোষ্ঠীক ঐক্যতাৰে আগবঢ়াই নিয়াৰ প্ৰয়াস চলোৱা হৈছে৷ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বি টি আৰৰসাধাৰণ জনতাই শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে৷ সেই শংকা এতিয়া নাই৷ নিশাৰ ভাগলৈকেও ৰাইজে মুকলিকৈ চলন-ফুৰণ কৰিব পাৰে৷ তিনি বছৰত বড়ো-অবড়োৰ মাজত হোৱা নাই কোনো ধৰণৰ সংঘাত৷ সকলোৱে একেলগে আগবাঢ়ি গৈছে৷ প্ৰমোদ বড়োই আৰু কয় যে ১৭ বছৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিছিল৷ ১৭ বছৰত সেইসকল লোকে বি টি আৰবাসীৰ মাজত তিনিহাজাৰ কোটি টকাৰ ধাৰ জাপি দিছিল৷ কিন্তু এই তিনি বছৰত এই ধাৰৰ পৰিমাণ ১২০০ কোটি টকালৈ নামি আহিছে৷ তেওঁ কয় যে বি টি আৰৰ জনসংখ্যা ৩৫ লাখ৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে৷ যুৱক-যুৱতীয়ে, খেতিয়কে কি কৰিব, কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত বিভাগে বিভাগে সমীক্ষা চলাবলৈ পৰিকল্পনা হাতত লোৱা হৈছে৷ তেওঁ লগতে কয় যে ২০২০ চনত বি টি আৰ চুক্তিত স্বাক্ষৰিত হৈছিল৷ বি টি আৰ চুক্তিৰ ৮০-৯০ শতাংশ কাৰ্যকৰী হৈছে৷ শেহতীয়াকৈ ২০ টা ফেল’শ্বিপ প্ৰগ্ৰেম হাতত লোৱা হৈছে৷ বি টি আৰত ১০৬০ কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে৷ তিনি বছৰীয়া উন্নয়নৰ খটিয়ান দাঙি ধৰি বি টি আৰ প্ৰধানগৰাকীয়ে আৰু কয় যে বি পি এফে ১৭ বছৰত ৩৯ হাজাৰ গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু বিগত তিনিটা বছৰত বি টি আৰত ৰ,৬৯,০৭৩ টা গৃহ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ একেদৰে অংগৱাড়ী, বিদ্যালয়সমূহত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে৷ বি টি আৰ ভূমি নথি এশ শতাংশ ডিজিটেলাইজেশ্যন কৰা হৈছে৷ সেউজ বড়োভূমি গঢ়াৰ লক্ষ্যৰে বি টি আৰত জ্ঝ,২১,৭৩০ গছপুলি ৰোপণ কৰা হৈছে৷ অহা তিনি বছৰত এক কোটি গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ বি টি আৰত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে আৰু কয় যে বড়োভূমিত পাঁচহাজাৰ লোক বাহিৰত কৰ্মসংস্থাপন লাভ কৰিছে৷ বি টি আৰত এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ যাতে বি টি আৰৰ লোকসকলে কৰ্মসংস্থাপন লাভ কৰে আৰু অৰ্থনৈতিকভাৱে সবল হয়৷ ইপিনে, বি টি আৰৰ ৪০ টা পাৰিষদীয় সমষ্টিৰ প্ৰতিটো সমষ্টিটেই  এক কোটি টকা ব্যয়ৰে এটাকৈ অডিটৰিয়াম নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে৷ আনহাতে প্ৰতিটো সমষ্টিত পাঁচ কোটি টকা ব্যয়ৰে এটাকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ ৪২০ টা ভি চি ডিত এটাকৈ নলেজ চেণ্টাৰ গঢ়ি তোলা হ’ব৷ পূৰ্বৰ চৰকাৰৰ দিনত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ সেয়েহে সেই ভুক্তভোগী লোক, বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ মূৰব্বীসকলক লৈ অহা এক জানুৱাৰীৰ পৰা চিৰাঙত ইণ্টাৰনেচনেল পীচ এণ্ড হেপিনেছ প্ৰগ্ৰেমৰ আয়োজন কৰা হৈছে৷ এই কাৰ্যসূচীৰ জৰিয়তে সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্যতা আৰু শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হ’ব৷ বি টি আৰৰ চাৰিশ হাস্পতালত ইতিমধ্যে চলাৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বি টি আৰক আৰু অধিক শক্তিশালী কৰা হ’ব৷ শেহতীয়াকৈ ছয়াবিন মিছনৰ কাম হাতত লোৱা হৈছে৷ ১৮০ হেক্টৰ ভূমিত ছয়াবিনৰ খেতি কৰা হৈছে৷ পিক মিছনৰ জৰিয়তে দৈনিক এক লাখ কেজি মাংস উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷ এহেজাৰ কৃষকক কাঠফুলাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছুপাৰ ৪০১ জৰিয়তে এক বিশেষ পদক্ষেপ হাতত লোৱা হৈছে৷ এই ছুপাৰ ৪০ ৰ পৰাই ২৫ জন এ পি এছ চিৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ এইবাৰ ১৫০ যুৱক-যুৱতীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ দিল্লীত ৫০, গুৱাহাটীত ৫০ গৰাকীক আই আই টিৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে৷ অহা বছৰৰ পৰা বি টি আৰত নিজাববীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা হাতত ল’ব বুলি তেওঁ উল্লেখ কৰে৷ বিগত তিনিটা বছৰত ১২০০ বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হৈছে আৰু ২০২৪ ৰ ভিতৰত সকলো বিদ্যালয় নতুন ৰূপত গঢ় দিয়া হ’ব৷ আনহাতে, বি টি আৰৰ দুখন জিলাত কৃষকৰ দাদাবেজ সম্পূৰ্ণ কৰা হৈছে৷ সেই জিলা দুখনৰ কৃষকসকলৰ যাৱতীয় নথি-পত্ৰ অনলাইনত উপলব্ধ হৈছে৷ বি টি আৰক প্লাষ্টিকমুক্ত কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে বৰিঙৰ পানীৰ ব্যৱহাৰ নাইকিয়া কৰিব৷ প্ৰাকৃতিকভাৱে যি উৎস থাকে, তাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হ’ব৷ ১১০০০ পৰিয়ালে ইতিমধ্যে বন অধিকাৰ এক্টৰ অধীনত অধিকাৰ লাভ কৰিছে৷ ইপিনে, মূলসুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ কৰ্মসংস্থাপনৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷ ইতিমধ্যে সেই সদস্যসকলক পাঁচ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ সকলোৱে এতিয়া সমবায়ৰ জৰিয়তে স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে সহযোগিতা আগবঢ়াইছে৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনি বি টি আৰত ৰূপায়িত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া আৰু আগৰ পৰিৱেশ নাই৷ সম্পূৰ্ণ সলনি হৈছে৷ ৭২ হাজাৰ পৰিয়ালৰ ভূমিৰ সমস্যা নাইকিয়া কৰা হৈছে৷ স্বাধীনতাৰ ৫০ বছৰ ধৰি বি টি আৰত এক অস্থিৰতা আছিল৷ এতিয়া সেই অস্থিৰতা নাইকিয়া হৈছে৷ কেলেংকাৰীৰ আন এক প্ৰসংগ উত্থাপন কৰি কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বি টি আৰত ১৫০০ কোটিৰ কেলেংকাৰী সংঘটিত হৈছিল৷ ধন গৈছে, কিন্তু বিত্তীয় অনুমোদনেই নাছিল৷ অডিটত ইতিমধ্যে ধৰা পৰিছে কেলেংকাৰী৷ যোৱা বছৰ এই কেলেংকাৰীৰ চি বি আই তদন্তৰ বাবে পাৰিষদত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে৷ ইপিনে, ভূমিৰ অধিকাৰৰ প্ৰসংগ সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে ভূমিৰ অধিকাৰ পাবলৈ হ’লে ভাৰতীয় নাগৰিক হ’ব লাগিব৷ বি টি আৰত ২০০৩ ৰ আগৰ সকলো জাতি-জনগোষ্ঠীৰ লোকেই ভূমিৰ অধিকাৰ লাভ কৰিব৷ কোনো জাতি-জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নহ’ব৷ ইতিমধ্যে বি টি আৰত পি জি আৰ, বি জি আৰত কিমান লোক আছে তাৰ তথ্য সংগ্ৰহ কৰি থকা হৈছে৷ আজিৰ সংবাদমেলত পাৰিষদ ঘনশ্যাম দাস, গৌতম দাস, বি টি আৰ সচিব প্ৰধান আকাশদ্বীপৰ লগতে কেবাজনো বিষয়া উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here