সম্পূৰ্ণ নতুন এছ১এক্স+ ৰ সৈতে #EndICEAge ত্বৰান্বিত কৰিব অ’লাই, এতিয়া মাত্ৰ ৮৯,৯৯৯ টকাত উপলব্ধ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 December 2023

সম্পূৰ্ণ নতুন এছ১এক্স+ ৰ সৈতে #EndICEAge ত্বৰান্বিত কৰিব অ’লাই, এতিয়া মাত্ৰ ৮৯,৯৯৯ টকাত উপলব্ধ

 

সমগ্ৰ দেশতে আৰম্ভ হৈছে এছ১এক্স+ ৰ যোগান



ইয়াৰ ‘ডিচেম্বৰ টু ৰিমেম্বাৰ’ অভিযানৰ জৰিয়তে আগবঢ়াইছে ৰোমাঞ্চকৰ অফাৰ


W7s news গুৱাহাটী,: ভাৰতৰ সৰ্ববৃহৎ বৈদ্যুতিক  বাহন নিৰ্মাতা প্ৰতিষ্ঠান অ'লা ইলেক্ট্ৰিকে আগলৈও #EndICEAge অভিযান ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আজি ‘ডিচেম্বৰ টু ৰিমেম্বাৰ’ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । এই অভিযানৰ অধীনত এতিয়া সম্পূৰ্ণ নতুন এছ১এক্স+ ত ২০,০০০ টকা  ৰেহাই আগবঢ়োৱা হৈছে, যাৰ ফলত এছ১এক্স+  ৰ মূল্য হৈছেগৈ মাত্ৰ ৮৯,৯৯৯  টকা। ইয়ে বৈদ্যুতিক বাহন গ্ৰহণৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানক  নেওচি এছ১এক্স+ ক আটাইতকৈ সুলভ দুচকীয়া বৈদ্যুতিক  স্কুটাৰসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে । ইতিমধ্যে সমগ্ৰ দেশতে আৰম্ভ হৈছে এছ১এক্স+ ৰ যোগান প্ৰক্ৰিয়া আৰু স্কুটাৰখনে অভূতপূৰ্ব চাহিদা লাভ কৰিবলৈ  সক্ষম হৈছে।


এছ১এক্স+ এ সুলভ মূল্যত শীৰ্ষ-মানৰ প্ৰদৰ্শন, উন্নত টেক বৈশিষ্ট্য আৰু উচ্চমানৰ ৰাইডৰ মান প্ৰদান কৰে । ইয়াত 3kWh বেটাৰী সংযুক্ত আছে আৰু ইয়াৰ প্ৰমাণিত ৰেঞ্জ হৈছে ১৫১ কিলোমিটাৰ। 6kW মটৰৰ দ্বাৰা চালিত এছ১এক্স+ এ ৩.৩ ছেকেণ্ডত ০-৪০ কিলোমিটাৰ স্পৰ্শ কৰিব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ গতিবেগ  হৈছে  প্ৰতি ঘন্টাত  ৯০ কিলোমিটাৰ।


ভাৰতত আগলৈ বৈদ্যুতিক বাহনৰ গ্ৰহণযোগ্যতা অধিক বৃদ্ধি কৰিবলৈ প্ৰতিষ্ঠানটোৱে আকৰ্ষণীয় অফাৰ আৰু ৰেহাই আঁচনিৰ সৈতে ৩ ডিচেম্বৰৰ পৰা ‘ডিচেম্বৰ টু ৰিমেম্বাৰ’ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ।


অ’লাৰ  মুখ্য বিপণন বিষয়া অংশুল খাণ্ডেলৱালে কয়, “অ’লা ইলেক্ট্ৰিকে নৱেম্বৰ মাহত  অভিলেখ সংখ্যক ৩০,০০০  বাহন বিক্ৰীৰে উদ্যোগৰ এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। বৈদ্যুতিক বাহনৰ গ্ৰহণক আৰু অধিক ত্বৰান্বিত কৰিবলৈ আৰু ই ভিক মূলসুঁতিলৈ আনিবলৈ, আজি আমি আমাৰ নতুন এছ১ এক্স+ৰ সৈতে গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত  দেখা দিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছো । আগশাৰীৰ আই চি ই স্কুটাৰৰ সমতুল্য মূল্যৰ সৈতে  #EndICEAgeৰ বাবে এছ১ এক্স+ সম্পূৰ্ণৰূপে  সাজু হৈ উঠিছে বুলি  আমি নিশ্চিত  হৈছোঁ । আকৰ্ষণীয় মূল্যত আমাৰ স্কুটাৰৰ বিস্তৃত  ৰেঞ্জ আগবঢ়োৱাত আমাৰ দৃঢ় বিশ্বাস যে গ্ৰাহকৰ বাবে এতিয়া আই চি ইৰ সামগ্ৰী কিনাৰ কোনো কাৰণ নাথাকিব।”


বিত্তীয় অফাৰ


ক্ৰেতাসকলে নিৰ্বাচিত ক্ৰেডিট কাৰ্ড, আৰু ক্ৰেডিট কাৰ্ডৰ ই এম আইত ৫,০০০ টকা পৰ্যন্ত ৰেহাই পাব পাৰে আৰু শূন্য ডাউন পেমেণ্ট, শূন্য-প্ৰচেছিং মাচুল, আৰু ৬.৯৯% পৰ্যন্ত কম সুতৰ হাৰৰ দৰে বিভিন্ন বিত্তীয় অফাৰ লাভ কৰিব।


শেহতীয়াকৈ অ'লাই পাঁচখন স্কুটাৰলৈ বৃদ্ধি কৰিছে ইয়াৰ এছ১ পৰ্টফলিঅ’ৰ পৰিসৰ। ১,৪৭,৪৯৯ টকা মূল্যৰ এছ১ প্ৰ’ (দ্বিতীয় প্ৰজন্ম) হৈছে প্ৰতিষ্ঠানটোৰ ফ্লেগশ্বিপ স্কুটাৰ আৰু এছ১ এয়াৰৰ মূল্য হৈছে ১,১৯,৯৯৯ টকা। বিভিন্ন পছন্দৰ ৰাইডাৰসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অ'লাই অতিৰিক্তভাৱে ইয়াৰ আই চি ই-কিলাৰ প্ৰডাক্ট, এছ১এক্সক  তিনিটা প্ৰকাৰত মুকলি  কৰিছে–এছ১এক্স+, এছ১ এক্স (3kWh), আৰু এছ১ এক্স (2kWh)।  এছ১ এক্স (3kWh) আৰু এছ১ এক্স (2kWh)ৰ বাবে সংৰক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব কেৱল ৯৯৯ টকাত। এছ১ এক্স (3kWh) আৰু এছ১ এক্স (2kWh) স্কুটাৰ দুখন ক্ৰমে ৯৯,৯৯৯ টকা আৰু ৮৯,৯৯৯ টকাত উপলব্ধ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here