সৃষ্টিশীলতাৰ বহি:প্ৰকাশ : জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজিয়ে আগবঢ়াইছে বাৰ্ষিক ডিজাইন বঁটা ২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 December 2023

সৃষ্টিশীলতাৰ বহি:প্ৰকাশ : জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজিয়ে আগবঢ়াইছে বাৰ্ষিক ডিজাইন বঁটা ২০২৩

 


W7s news গুৱাহাটী: জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ গুৱাহাটী শাখাই বছৰ বছৰ ধৰি বাৰ্ষিক ডিজাইন বঁটাৰ জৰিয়তে ইণ্টেৰিয়ৰ, ফেশ্বন আৰু জুৱেলাৰী ডিজাইনৰ ছাত্ৰ-ছাত্ৰীসকলৰ কলাত্মক সৃষ্টিৰাজি প্ৰদৰ্শন কৰি আহিছে। জে ডি বাৰ্ষিক ডিজাইন বঁটাৰ কাৰ্টেইন ৰেইজাৰ অনুষ্ঠানটো অনুষ্ঠিত হয় ১৫ ডিচেম্বৰ ২০২৩ ত আৰু ১৬ ডিচেম্বৰত অনুষ্ঠিত হয় ফেশ্বন শ্ব’ আৰু ইন্টেৰিঅ'ৰ প্ৰদৰ্শনী। জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি, গুৱাহাটীৰ এই ‌ঝধবহু-প্ৰত্যাশিত বাৰ্ষিক ডিজাইন বঁটাত সৃষ্টিশীলতা, উদ্ভাৱন আৰু নান্দনিকতা সকলোবোৰ একেলগে সামৰি লোৱা হয় ।


১৯৮৮ চনত  চন্দ্ৰকান্ত দলাল আৰু  আৰ.চি. দলালে প্ৰতিষ্ঠা কৰা এই শিক্ষা প্ৰতিষ্ঠানখনে ভৱিষ্যতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা আৰু বুদ্ধিমত্তা প্ৰকাশৰ মঞ্চ হিচাপে কাম কৰি আহিছে। উদ্যোগটোত ১৮টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰা জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি, গুৱাহাটী হৈছে ভাৰতৰ অন্যতম শীৰ্ষ ডিজাইন ইনষ্টিটিউট। গুৱাহাটীত ডিজাইন শিক্ষা প্ৰদান কৰা এনে ধৰণৰ প্ৰথম প্লেটফৰ্ম আছিল এই শিক্ষা প্ৰতিষ্ঠানখন। ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰা জে ডি গুৱাহাটীয়ে এতিয়াও অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো কলা আৰু ডিজাইন শিক্ষা খণ্ডৰ অগ্ৰণী হৈ আছে ।


অনুষ্ঠানটোত উপস্থিত থাকে  ৰূপাল দলাল (জে ডি ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক) আৰু  হৰ্ষ দলাল (জে ডি ইনষ্টিটিউটৰ সঞ্চালক)। দিনজোৰা এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত লগতে উপস্থিত থাকে গুৱাহাটী মহানগৰীৰ ডিজাইনিঙৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল। জুৰী সদস্যসকলৰ ভিতৰত আছিল শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালকসকলৰ লগতে পাৰিয়াতৰ ডিজাইনাৰ আৰু স্বত্বাধিকাৰী  অৰ্চনা তিৱাৰী আৰু আৰৰ ডিজাইনাৰ আৰু আকৃতিৰ স্থপতিবিদ আৰু গৰাকী ৰিতুল শৰ্মাৰ। শিক্ষাৰ্থীসকলক তেওঁলোকৰ শ্ৰেষ্ঠ কৰ্মৰাজি প্ৰদৰ্শন কৰাত অনুপ্ৰাণিত কৰিবলৈ ফেশ্বন আৰু ইণ্টেৰিয়ৰ ডিজাইনৰ আগশাৰীৰ ব্যক্তিত্বৰ লগতে উদ্যোগৰ বিশিষ্ট পেছাদাৰীসকলো উপস্থিত থাকে।


জে ডিৰ বাৰ্ষিক ডিজাইন বঁটা, ২০২৩ৰ থীম আছিল ‘INTERSECTION’ যিয়ে বিপৰীতমুখী আৰ্হিৰ দুটা সম্পূৰ্ণ বিপৰীত ধাৰণাক একত্ৰিত কৰি ব্যক্তিগতকৃত ধাৰণা প্ৰস্তুত কৰে।


বিভিন্ন উদ্ভাৱনীমূলক সৃষ্টি আৰু ধাৰণা প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰে ইণ্টেৰিয়ৰ ডিজাইনৰ ছাত্ৰ-ছাত্ৰীসকলে। এই প্ৰদৰ্শনীৰ অন্যতম উল্লেখযোগ্য সৃষ্টিৰ ভিতৰত আছিল পৰিৱেশ-অনুকূল বহনক্ষম সামগ্ৰীৰ পৰা নিৰ্মিত এটা দেৱাল ধাৰণা, যাৰ স্ব-শীতলতাৰ ক্ষমতা আছে।


ফেশ্বন শ্ব’ৰ আৰম্ভণিতে  সুমিতা দে ডেকা (জে ডি গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক)ৰ চমু ভাষণেৰে প্ৰতিষ্ঠানটোৰ কৃতিত্ব আৰু সকলো বৃত্তিমূলক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ ওপৰত আলোকপাত কৰা হয়। এই ফেশ্বন শ্ব’ত কিছুমান চমৎকাৰী কলাত্মক সৃষ্টি আৰু উদ্ভাৱনীমূলক ডিজাইনৰ ধাৰণা প্ৰদৰ্শন কৰা হয়। কাপোৰত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ, হাতেৰে ৰং কৰা আৰু গাঁঠিৰ অভূতপূৰ্ব কৌশল দেখিবলৈ পোৱা গৈছিল। এই কালেকচনৰ ভিতৰত উল্লেখযোগ্য আছিল ব্যৱহৃত ডেনিম আৰু হাতেৰে পেইন্ট কৰা গ্ৰেফিটি আৰ্টৱৰ্কত ব্যৱহাৰ কৰি প্ৰস্তুত কৰা  ডিজাইন। প্ৰতিটো কালেকচনেই সম্পূৰ্ণ পৃথক আছিল, যিসমূহে শিক্ষাৰ্থীসকলৰ কামৰ চিন্তাশীল মনক প্ৰদৰ্শন কৰিছিল।


এই ফেশ্বন শ্ব’ৰ পিছতে  ৰূপাল দলাল,  কমল বৰ্মন আৰু জে ডি গুৱাহাটীৰ সঞ্চালকসকলে উন্মোচন কৰে বাৰ্ষিক লুক বুক। ব্যতিক্ৰমী কাম কৰা ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ ডিজাইন, সবাতোকৈ উদ্ভাৱনীমূলক, বাণিজ্যিকভাৱে আটাইতকৈ কাৰ্য্যক্ষম আৰু ইন্টেৰিঅ’, ফেশ্বন আৰু গহনা ডিজাইনৰ শ্ৰেষ্ঠ গৱেষণাৰ দৰে বঁটা।


 ৰূপাল দালালে শিক্ষাৰ্থীসকলৰ বহনক্ষমতা আৰু পৰিৱেশ-অনুকূলভাৱে প্ৰস্তুত কৰা ডিজাইনৰ প্ৰচেষ্টাক প্ৰশংসাৰে উপচাই পেলায় । প্ৰতিটো কালেকচনৰ আঁৰত থকা কষ্ট আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যৱসায়ৰ কথা উল্লেখ কৰে  উশ্মিতা দে হাজৰিকাই (জে ডি গুৱাহাটীৰ সঞ্চালক)। শেষত বাৰ্ষিক ডিজাইন বঁটাৰ দিশত সামূহিক প্ৰচেষ্টাৰ আঁৰৰ সমগ্ৰ দলটোৰ পৰিচয় দি অনুষ্ঠানটোৰ সামৰণি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here