শ্বাইন এণ্ড টাজ নৰ্থ ইষ্ট' ত শ্ৰেষ্ঠ গীতিমা দাস* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 December 2023

শ্বাইন এণ্ড টাজ নৰ্থ ইষ্ট' ত শ্ৰেষ্ঠ গীতিমা দাস*


 


*w7s news,,,গুৱাহাটী, ১৫ ডিচেম্বৰ*: চতুৰ্থ বাৰৰ বাবে আয়োজিত 'শ্বাইন এণ্ড টাজ নৰ্থ ইষ্ট' প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ জীয়ৰী গীতিমা দাসে ৷ যোৱা ১০ ডিচেম্বৰত মহানগৰীৰ ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহত মিষ্টাৰ, মিছ, মিছেছ আৰু কিড্ছ - এই চাৰিটা শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল ৷ মহানগৰীৰ ভৰলুমুখ নিৱাসী বীৰেন দাস আৰু ললিতা দাসৰ একমাত্ৰ জীয়ৰী গীতিমাই মিছেছ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে ৷ 'সাগৰিকা ফিল্ম এণ্ড এন্টাৰটেইনমেন্ট'ৰ বেনাৰত সাগৰিকা ৰয়ে আয়োজন কৰা এই অনুষ্ঠানত কে'ক বনোৱা, আৰ্ট আৰু নৃত্যৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল ৷ উত্তৰ-পূৰ্ৱাঞ্চলৰ ৯০ গৰাকী প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷ বলীউডৰ অভিনেতা অমিত পাচ'ৰী আৰু মডেল-অভিনেত্ৰী শিৱাংগী ৰয় অনুষ্ঠানটোত চেলিব্ৰিটি গেষ্ট হিচাপে উপস্থিত থাকে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here