এন এছ এ টিত চিটিৰ শীৰ্ষ স্থানপ্ৰাপ্তসকলক সম্বৰ্ধনা নাৰায়না কোচিং ইনষ্টিটিউট গুৱাহাটীৰ (নাৰায়ণ স্কোলাষ্টিক এপ্টিটিউট টেষ্টৰ ১৮ম সংস্কৰণ (NSAT 2023) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 November 2023

এন এছ এ টিত চিটিৰ শীৰ্ষ স্থানপ্ৰাপ্তসকলক সম্বৰ্ধনা নাৰায়না কোচিং ইনষ্টিটিউট গুৱাহাটীৰ (নাৰায়ণ স্কোলাষ্টিক এপ্টিটিউট টেষ্টৰ ১৮ম সংস্কৰণ (NSAT 2023)

 




W7s news গুৱাহাটী: জে ই ই/নীটৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান গুৱাহাটীৰ নাৰায়না কোচিং ইনষ্টিটিউটে  ঘোষণা কৰে নাৰায়না স্কোলাষ্টিক এপ্টিটুড টেষ্ট (NSAT 2023)ৰ ১৮ সংখ্যক সংস্কৰণৰ ফলাফল ।

শিক্ষাৰ্থীক সবল কৰি তোলা আৰু শৈক্ষিক উৎকৰ্ষতাক উদগনি যোগোৱাৰ কৰাৰ এক লিগেচিৰ সৈতে এন এছ এ টি ২০২৩য়ে আন এক উল্লেখযোগ্য যাত্ৰাৰ দিশে অগ্ৰসৰ হৈছে ।  সমগ্ৰ দেশৰ যুৱ শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰতিভাক উৎসাহিত কৰা, পুৰস্কৃত কৰা আৰু পথ প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এক বহু প্ৰত্যাশিত এই বাৰ্ষিক বৃত্তি পৰীক্ষাই সপ্তম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান, সমালোচনাত্মক চিন্তাৰ দক্ষতা আৰু তেওঁলোকৰ সমনীয়াৰ মাজত সমস্যা সমাধানৰ ক্ষমতা পৰীক্ষা কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ এক মঞ্চ হিচাপে কাম কৰে । চহকী ইতিহাস আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি অটল দায়বদ্ধতাৰে এন এছ এ টিয়ে অবিৰামভাৱে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ প্ৰকৃত সম্ভাৱনাক প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰি আহিছে।

NSAT 2023 ত ১ কোটি টকাতকৈ অধিক নগদ ধনৰ বঁটা প্ৰদান কৰি ব্যতিক্ৰমী প্ৰতিভাক পুৰস্কৃত কৰি ছাত্ৰ-ছাত্ৰীক উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত  কৰা হয় আৰু এই ক্ষেত্ৰত আজি এন এছ এ টিৰ ২৮ গৰাকী চিটি টপাৰৰ আটাইকেইজনক নাৰায়ণ ইনষ্টিটিউটৰ  গুৱাহাটী শাখাত পুৰস্কৃত কৰা হয় ।

এই বছৰ NSAT 2023 ত ২.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ দেখিবলৈ  পোৱা যায় আৰু গুৱাহাটী চহৰৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি NSAT পৰীক্ষাত শীৰ্ষ ১০০ ৰ ভিতৰত AIR দখল কৰাটো আমাৰ বাবে গৌৰৱৰ কথা ।

নাৰায়না ই-টেকনো স্কুল গুৱাহাটীৰ অধ্যক্ষ শ্ৰীমতী এন ছিৰীশাই পুৰস্কাৰ আৰু মেধা প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে শীৰ্ষ স্থান প্ৰাপ্ত সকলো ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় ।  এই গৌৰৱময় মুহূৰ্ত মনৰ ভাৱ প্ৰকাশ কৰি প্ৰতিষ্ঠানটোৰ শাখা প্ৰবন্ধক শ্ৰীযুত গেব্ৰিয়েল ৰাভাই চহৰৰ চেম্পিয়নসকলৰ শলাগ লয় আৰু কয় যে সৰ্বভাৰতীয় পৰ্যায়ৰ এন এছ এ টি পৰীক্ষাত গুৱাহাটীৰ পৰা উজলি উঠাত এয়া আমাৰ লগতে অভিভাৱকৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ।

চাৰিটা  দশকৰ লিগেচিৰে নাৰায়না শিক্ষানুষ্ঠানসমূহে প্ৰতি বছৰে নতুন নতুন মাপকাঠী নিৰ্ধাৰণ কৰি আহিছে ।  প্ৰতিষ্ঠানটোৱে উচ্চমানৰ শিক্ষা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰে আৰু তেওঁলোকৰ ব্যক্তিগত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here