লঘু উদ্যোগ ভাৰতী উত্তৰ-পূবৰ মহিলা সমিতিৰ দুদিনীয়া দীপাৱলী মেলাৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 November 2023

লঘু উদ্যোগ ভাৰতী উত্তৰ-পূবৰ মহিলা সমিতিৰ দুদিনীয়া দীপাৱলী মেলাৰ শুভাৰম্ভ

          




W7s news গুৱাহাটী:- লঘু উদ্যোগ ভাৰতী (উত্তৰ-পূৰ্বাঞ্চল)ৰ মহিলা সমিতিৰ উদ্যোগত ভ’কেল ফোৰ লোকেলৰ ৰূপায়ণত জূ-ৰোডস্থিত বৃন্দাবন গাৰ্ডেনত দুদিনীয়া দীপাৱলী মেলাৰ আয়োজন কৰা হৈছে।  অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই বন্তি প্ৰজ্বলনেৰে এই মেলা  শনিবাৰে উদ্বোধন কৰে।  লঘু উদ্যোগ ভাৰতী (উত্তৰ-পূব) মহিলা সমিতিৰ সভানেত্ৰী নেহা খাণ্ডেলৱালে আদৰণি ভাষণ প্ৰদান কৰে।  এই উপলক্ষে উদ্যোগ ভাৰতীৰ প্ৰাদেশিক সভাপতি ৰবি সুৰেকা, বিদায়ী সভাপতি মনোজ লুণ্ডিয়া, বিশেষ অতিথি চিশ্ময়া মিছনৰগুৰু মা অনন্যা চৈতন্য মঞ্চত উপস্থিত থাকে।  অনুষ্ঠানত অসম গৌৰৱ পদ্মশ্ৰী বঁটা লাভ কৰা হেম প্ৰভা চুতীয়াক মূগা আৰু এড়ি কাপোৰত  শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা, মাধৱ দেৱ বিৰচিত নামঘোষা, শ্ৰীম্ দ ভাগৱত


লিখাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।  প্ৰাক্তন সভাপতি মনোজ লুণ্ডিয়াই লঘু ভাৰতীৰ জন্ম আৰোহীৰ পৰা আজিলৈকে ইতিহাসৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে।  গ্ৰাম্য শিল্পী চেলৰ আহ্বায়ক তথা চাকি বিতৰণ কাৰ্যসূচীৰ মুৰব্বী অৰূপ পূজাৰীয়ে চাকি বিতৰণৰ বিষয়ে কয়।  এই মেলাত ৬২টা বিপনীত থলুৱা শিল্প সামগ্ৰী উপলব্ধ আছিল।  মুখ্য অতিথিগৰাকীয়ে একাংশ লোকক চাকি উপহাৰো বিতৰণ কৰে।  মহিলা সমিতিৰ  সম্পাদিকা ৰঞ্জন ভজনকাই ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here