*'ইন্দ্ৰধনু ৰাষ্ট্ৰীয় কলা উৎসৱ'ত দীপজ্যোতি-দীপাংকৰ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 November 2023

*'ইন্দ্ৰধনু ৰাষ্ট্ৰীয় কলা উৎসৱ'ত দীপজ্যোতি-দীপাংকৰ*


 

                                     


W7s news,,,,নতুন দিল্লী:   দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৩ আৰু ৪ নৱেম্বৰত 'ইন্দ্ৰধনু দিল্লী ২৩  ৰাষ্ট্ৰীয় কলা উৎসৱ' অনুষ্ঠিত হয়৷ নতুন দিল্লীৰ ত্ৰিৱেণী কলা সংগমত সুনয়না নামৰ সংস্থাটোৱে এই নৃত্য উৎসৱটিৰ আয়োজন কৰে৷ অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত হয় ওস্তাদ বিছমিল্লা খান যুৱ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা৷ দেশৰ কেইবাগৰাকীও বিশিষ্ট নৃত্য শিল্পী তথা নৃত্য সমালোচকে অনুষ্ঠানত অংশগ্ৰহণ কৰি উৎসৱটিৰ সৌষ্ঠৱ বঢ়ায়৷ উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত দীপজ্যোতি-দীপাংকৰে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি উপস্থিত কলাপ্ৰেমী সকলক আপ্লুত কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে দীপজ্যোতি-দীপাংকৰে মহাপুৰুষ মাধৱদেৱ বিৰচিত 'ব্ৰহ্মা আদি কৰি জীৱ যত' ঘোষাৰ আধাৰত তেওঁলোকৰ নৃত্যসংৰচনা 'মোক্ষ' পৰিৱেশন কৰে৷ সত্ৰীয়া নৃত্য যুটিয়ে মহাপুৰুষ শংকৰদেৱ বিৰচিত 'শুন শুন ৰে শুন' বৰগীতৰ আধাৰত তেওঁলোকৰ আন এটি নৃত্য সংৰচনা 'ৰঘুনাথ শৰণম' পৰিৱেশন কৰি কলাপ্ৰেমী সকলৰ ভূয়সী প্ৰশংসা লাভ কৰে৷ অনুষ্ঠানত মুম্বাইৰ ওডিছি নৃত্য শিল্পী নম্ৰতা মেহতা, কুচিপুড়ী নৃত্য শিল্পীদ্বয় ড° পশুমৰ্থি ভিথাল আৰু ড° ভাৰতী ভিথাল, ভৰতনাট্যম নৃত্য শিল্পী অনিল আয়াৰ, ওডিছী নৃত্য শিল্পী চাৰণ লৱেন, কথক নৃত্য গুৰু প্ৰৱীণ পৰিহাৰৰ নৃত্য দলে অংশগ্ৰহণ কৰি অনুষ্ঠান পৰিৱেশন কৰে৷ পদ্মশ্ৰী প্ৰতিভা প্ৰহ্লাদ, জয়ালক্ষ্মী ঈশ্বৰ, অভিনৱ নাগাজ্যোতি আৰু সংগীতা চেটাৰ্জীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটোৰ সঞ্চালনা কৰে দেশৰ প্ৰসিদ্ধ নৃত্য সমালোচক মঞ্জৰী সিনহাই৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here