ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ১৫০০ ইন্দ্ৰধনুষ মহিলাৰ সৈতে ‘দিৱালী অব জয়’ উদযাপন একজো নোবেলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 November 2023

ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ১৫০০ ইন্দ্ৰধনুষ মহিলাৰ সৈতে ‘দিৱালী অব জয়’ উদযাপন একজো নোবেলৰ

 

 



W7s news,,,,অসম, ১০ নৱেম্বৰ, ২০২৩: সমগ্ৰ ভাৰতে দীপাৱলী উদযাপন কৰাৰ সময়তে ডিউলাক্স পেইণ্টছ প্ৰস্তুতকৰ্তা একজো নোবেল ইণ্ডিয়াই ভাৰতৰ গ্ৰাম্য অঞ্চলত এক শক্তিশালী আৰু বৈচিত্ৰময় ভৱিষ্যতৰ ছবি অংকন কৰা ইন্দ্ৰধনুষ মহিলাসকলৰ শক্তিক উদযাপন কৰিছে।২০২১ত একজো নোবেল ইণ্ডিয়াই ভাৰতৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলক ক্ষুদ্ৰ উদ্যোগীকৰণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্য লৈ আৰম্ভ কৰিছিল প্ৰজেক্ট ইন্দ্ৰধনুষ । অসমৰ এখন গাঁৱৰ পৰা আৰম্ভ হোৱা এই সামাজিক পদক্ষেপ এতিয়া অসম, পশ্চিম বংগ, তামিলনাডু, হাৰিয়ানা, মধ্যপ্ৰদেশ, আৰু কৰ্ণাটক, এই ছখন ৰাজ্যৰ ৫০০ খন গাঁৱৰ মহিলাক উপকৃত কৰিবলৈ সম্প্ৰসাৰিত হৈছে। এই পদক্ষেপৰ প্ৰেৰণাদায়ক প্ৰভাৱৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি একজো নোবেল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজীৱ ৰাজগোপালে কয়, "দীপাৱলীৰ আনন্দৰ উৎসৱৰ সময়ত প্ৰজেক্ট ইন্দ্ৰধনুষে ভাৰতৰ গ্ৰাম্য অঞ্চলত অধিক বহনক্ষম ভৱিষ্যত পোহৰাই তোলাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাত আমি গৌৰৱবোধ কৰিছোঁ । ৰঙৰ সজ্জাগত প্ৰয়োগ আৰু উদ্যোগীকৰণৰ প্ৰশিক্ষণৰ ৰূপত মহিলাসকলক প্ৰয়োজনীয় পেইন্ট ন’-হাউ, সম্পদ আৰু বৃত্তিমূলক দক্ষতা প্ৰদান কৰি প্ৰকল্প ইন্দ্ৰধনুষে তৃণমূল পৰ্যায়ত আশা, সৱলীকৰণ, আৰ্থিক স্বাবলম্বিতাৰ সুযোগৰ দোৱাৰ মুকলি কৰিছে ।”


এইপৰ্যন্ত প্ৰজেক্ট ইন্দ্ৰধনুষে ৩৪ হাজাৰ গ্ৰাম্য মহিলাক ৰং ব্যৱসায়ৰ নতুন জীৱিকাৰ সুযোগ সম্পৰ্কে সজাগ কৰি তুলিছে। গ্ৰামাঞ্চলৰ ১৫০০ৰো অধিক মহিলাই এতিয়া বৃত্তিগতভাৱে প্ৰশিক্ষিত ইন্দ্ৰধনুষ পেইন্টাৰ হিচাপে লিংগ বৈষম্যক প্ৰত্যাহ্বান জনাইছে। স্বামীয়ে দৈনিক মজুৰিৰ কাম কৰা ৩৫ বছৰীয়া সোণতি ডেকাৰ দৰে বহুতৰে বাবে ৰঙৰ প্ৰতিটো টোপালত গভীৰ অৰ্থ লুকাই থাকে । অহা বছৰত তাই ছোৱালীজনীৰ কলেজীয়া শিক্ষাত সহায় কৰিব পৰাকৈ এই কামে তাইৰ সঞ্চয়ত অৰিহণা যোগাইছে ।প্ৰজেক্ট ইন্দ্ৰধনুষে লগতে ভাৰতৰ ৫০০ খন গাঁৱত প্ৰথমবাৰৰ বাবে ৩০০ৰো অধিক মহিলা পেইণ্ট উদ্যোগী সৃষ্টি কৰিছে। পূৰ্বে, গৃহিণী নাইবা ৰেচন, ষ্টেচনেৰী আদিকে ধৰি সৰু সৰু দোকান পৰিচালনা কৰি থকা অধিকাংশ ইন্দ্ৰধনুষ ৰং-উদ্যোগীয়ে এতিয়া অঞ্চলৰ ৰং উদ্যোগটোক ৰূপান্তৰিত কৰাৰ লগতে পৰিয়ালৰ বাবেও আৰ্থিক স্থিতিস্থাপকতা গঢ়ি তুলিছে।পশ্চিম বংগৰ পূব মিদনাপুৰ জিলাৰ কুলবেৰিয়া গাঁৱৰ ২৪ বছৰীয়া পল্লৱী বেৰাৰ কথাকে চাওক। উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচী (ই ডি পি)ৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত পল্লবীয়ে একজো নোবেলৰ সহযোগত নিজাকৈ ৰঙৰ দোকান আৰম্ভ কৰে। তাইৰ ৰঙৰ দোকানখনে তাইৰ গাঁও আৰু ওচৰৰ অঞ্চলত দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰিছে আৰু ইতিমধ্যে তাই পৰিয়ালৰ আৰ্থিক গতিপথ সলনি কৰিবলৈ সক্ষম হৈছে ।এই আত্মনিৰ্ভৰশীল ১০০% মহিলা পৰিচালিত পৰিৱেশতন্ত্ৰৰ চূড়ান্ত সংযোগ হৈছে ইন্দ্ৰধনুষ ডীলাৰশ্বিপ - ইন্দ্ৰধনুষ মহিলা পেইন্টাৰ আৰু সৰু দোকানৰ গৰাকীসকলৰ মাজৰ মূল সাঁকো ।অসমৰ দৰং জিলাৰ চিঙিমাৰী গাঁৱৰ আজিমা বেগমৰ এগৰাকী গৃহিণীৰ পৰা এগৰাকী সফল উদ্যোগীলৈ যোৱা যাত্ৰা সঁচাই হৃদয়স্পৰ্শী। দুটা দশক ধৰি পৰিয়ালৰ যত্ন লৈ থকা আজিমাই ৪২ বছৰ বয়সত ৰং উদ্যোগী হোৱাৰ সিদ্ধান্ত লয় । কন্যা মৰিয়মৰ ভাষ্যৰে আজিমাই এতিয়া মন মেলিলেই যিকোনো কামত সফল হ’ব পাৰিব বুলি গৌৰৱ আৰু আত্মবিশ্বাসী হৈ উঠিছে। লগতে দুয়োহাতেৰে সুযোগটো ধৰি ৰাখিছে তামিলনাডুৰ এটা মহিলা আত্মসহায়ক গোটৰ চাৰিজন উদ্যোগীয়ে। পূৰ্বে তেওঁলোকৰ গাঁৱত ব্লু কলাৰ নিৰ্মাণ শ্ৰমিক আছিল, তেওঁলোকে এতিয়া ৰং উদ্যোগত ৰোমাঞ্চকৰ নতুন ভৱিষ্যত গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here