নাটকৰ উৎকৰ্ষতাৰ এটা দশকঃ ''সহাৱস্থান’’ শীৰ্ষক বিষয়বস্তুৰে ২০২৩-২৪ বৰ্ষৰ দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ ঘোষণা কাহিলীপাৰাস্থিতি মডাৰ্ণ ইংলিছ স্কুলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 November 2023

নাটকৰ উৎকৰ্ষতাৰ এটা দশকঃ ''সহাৱস্থান’’ শীৰ্ষক বিষয়বস্তুৰে ২০২৩-২৪ বৰ্ষৰ দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ ঘোষণা কাহিলীপাৰাস্থিতি মডাৰ্ণ ইংলিছ স্কুলৰ

 

W7s news,,,,গুৱাহাটী, ৮ নৱেম্বৰঃ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক ৰোমাঞ্চকৰ যাত্ৰাৰ উদ্দেশ্য সন্মুখত ৰাখি ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা সগৌৰৱে ঘোষণা কৰিছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। চলিত বৰ্ষৰ ১১ নৱেম্বৰত মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই দৰ্শনীয় অনুষ্ঠান। যুৱ শিল্পীসকলৰ প্ৰতিভাৰ উন্মেষৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাখনে “সহাৱস্থান” শীৰ্ষক সময়োপযোগী বিষয়বস্তু প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকল উজ্বলি উঠিব পৰাকৈ এক অসাধাৰণ মঞ্চ প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে মডাৰ্ণ ইংলিছ স্কুলে।মডাৰ্ণ ইংলিছ স্কুলে জানিবলৈ দিয়া মতে, এই নাট প্ৰতিযোগিতাৰ মঞ্চত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক উল্লেখযোগ্য সমাৱেশ অনুষ্ঠিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ "সহাৱস্থান" বিষয়বস্তুৰ ওপৰত নিজৰ অনন্য দৃষ্টিভংগী অন্বেষণ আৰু প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব। এই বিষয়বস্তুটো ছাত্ৰ-ছাত্ৰীসকলক আনৰ সৈতে সুসমঞ্জস্যভাৱে জীয়াই থকা, বৈচিত্ৰ্যক আকোৱালি লোৱা আৰু আমাৰ আন্তঃসংযোগী পৃথিৱীখনে আগবঢ়োৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ সৈতে মোকাবিলা কৰাৰ তাৎপৰ্য্যৰ ওপৰত চিন্তা কৰিবলৈ উৎসাহিত কৰিবলৈ সযতনে বাছনি কৰা হৈছে।এই নাট প্ৰতিযোগিতাখনত ইতিমধ্যে গুৱাহাটীকে ধৰি অন্য প্ৰান্তৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। শ্বেমফোৰ্ড ফিউচাৰিষ্টিক স্কুল, মাৰিয়াজ পাব্লিক স্কুল, আৰ্মি পাব্লিক স্কুল, অসম জাতীয় বিদ্যালয়, কাজিৰঙা ইংলিছ একাডেমী, পূব গুৱাহাটী হাইস্কুল আৰু নিউ ফটাশিল হাইস্কুলে এই নাট প্ৰতিযোগিতাখনিৰ অংশ হোৱাৰ কথা স্পষ্ট কৰাৰ পিছতে বহু প্ৰত্যাশিত নাট প্ৰতিযোগিতাখনিলৈ উৎসাহ বৃদ্ধি পাইছে নাট্যপ্ৰেমীৰ।দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা সন্দৰ্ভত কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষ জোনালী


দাসে কয়, ''এইবাৰৰ আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাখনি আমাৰ বাবে অত্যন্ত বিশেষ, কিয়নো এইবাৰ আমি এই প্ৰত্যাশিত নাট প্ৰতিযোগিতাখনৰ দশম সংস্কৰণ অনুষ্ঠিত কৰিবলৈ ওলাইছো। বিগত এটা দশকৰ পৰা এই নাট প্ৰতিযোগিতাখনিৰ যাত্ৰা আমাৰ বাবে এতি ৰোমাঞ্চকৰ হৈ আহিছে। আমি আমাৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ ব্যতিক্ৰমী অভিনয়েৰে এই বৰ্ষপূৰ্তিটোক কেনেকৈ অবিস্মৰণীয় কৰি তুলিব সেয়া চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো।" উল্লেখযোগ্য যে, কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে বিগত এটা দশকত আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ আয়োজন কৰি গুৱাহাটীৰ অন্য বিদ্যালয়সমূহক আমন্ত্ৰণ জনাই বিদ্যালয়সমূহৰ মাজত নাট্য সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও মডাৰ্ণ ইংলিছ স্কুলে গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ সহযোগত ইতিমধ্যে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দক্ষ প্ৰশিক্ষকৰ সহায়ত কেইবাখনো বিদ্যালয়ত নাট্য কৰ্মশালাৰো আয়োজন কৰিছে।নতুন শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰাথমিক পৰ্যায়ৰ পৰাই তেওঁলোকক নাট্য কলাৰ দৰে শিক্ষাৰ সকলো দিশৰ সৈতে পৰিচয় কৰাই দিয়াটো প্ৰয়োজনীয়। আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ জৰিয়তে বিদ্যালয়খনে মৃদুলা বৰুৱা, নীলু চক্ৰৱৰ্তী, ভগীৰথী, নয়ন প্ৰসাদ, ৰবিজিতা গগৈ, সঞ্জীৱ হাজৰিকা, অৰুণ হাজৰিকা, চেতনা দাসৰ দৰে বিশিষ্ট অভিনেতা-অভিনেত্ৰীসকলক বিগত সময়ত সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here