১৯-২১ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্য্সূচীৰে অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্টৰ ষষ্ঠ সংস্কৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 November 2023

১৯-২১ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্য্সূচীৰে অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্টৰ ষষ্ঠ সংস্কৰণ


 


W7s news গুৱাহাটী ,  : অৰুণাচল প্ৰদেশৰ জোলাঙৰ কোৰো হাপ্পা নদীদ্বীপৰ নৈসৰ্গিক পৰিৱেশত ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্টৰ ষষ্ঠ সংখ্যক সংস্কৰণ। মঙলবাৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ মুখ্য কাৰ্যবাহী বিষয়া য়ানা নগোবা চাকপুৱে। তেওঁ লগতে কয়-  অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে কাম কৰি অহা পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থা ওৱান অৰুণাচলৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই ফেশ্বন উৎসৱৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ অৰুণাচল প্ৰদেশৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত পেমা খাণ্ডুৱে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। তদুপৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে বুলি আশা কৰিছোঁ।য়ানা নগোবাৰ দুৰদৰ্শী পদক্ষেপৰ অংশ নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্টৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ শিল্পী আৰু শিপিনীসকলৰ অন্তৰ্ভুক্তি, সৱলীকৰণ আৰু জীৱনৰ মান উন্নত কৰাৰ দিশত পদ্ধগতিভাৱে একাধিক প্ৰয়োগিক অধ্যয়ন চলোৱা। এই অনুষ্ঠানত শিল্পী আৰু শিপিনীসকলৰ অভিনৱ সৃষ্টিসমূহো উপস্থিত সকলৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব। এই ৩ দিনীয়া ফেশ্বন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰায় ৩০ গৰাকী ডিজাইনাৰ আৰু শিপিনীয়ে। এই বহু প্ৰত্যাশিত ফেশ্বন অনুষ্ঠানটোৰ বিষয়ে উৎসাহ ব্যক্ত কৰি ওৱান অৰুণাচলৰ অধ্যক্ষ জোৰাম টাটে সংবাদ মেলত কয়, “নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য’ আৰ্টিছানছ মুভমেণ্টৰ জৰিয়তে আমি শিপিনীসকলৰ আদৰ্শ চিনাক্তকৰণ, শিপিনী সমাজৰ মাজত আত্মসন্মান গঢ়ি তোলা, তেওঁলোকৰ দক্ষতাৰ বিকাশৰ লগতে তেওঁলোকৰ অনন্য প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদানৰ প্ৰয়াস কৰি আহিছোঁ। আমাৰ সৈতে জড়িত হৈ থকা বেচৰকাৰী সংস্থাসমূহৰ বহুমূলীয়া সহযোগত আমি নিৰন্তৰ দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে অঞ্চলটোৰ শিপিনী আৰু ডিজাইনাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ শিল্পকৰ্মৰ প্ৰচাৰৰ বাবে কাম কৰিছোঁ। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমি তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা, উন্নত জীৱিকা নিশ্চিত কৰা, তেওঁলোকৰ শ্ৰমক মৰ্যাদা প্ৰদান কৰা আৰু বিশ্বব্যাপী বজাৰ সংযোগৰ সৈতে এক শক্তিশালী ব্ৰেণ্ড উপস্থিতি স্থাপন কৰাৰ প্ৰয়াস কৰিছোঁ।”নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ ষষ্ঠ সংস্কৰণ শিল্পী আৰু শিপিনীৰ সমাবেশৰ প্ৰতীক হিচাপে উজ্বলি উঠাৰ লগতে বিশেষভাৱে সক্ষম আৰু সাধাৰণ, উভয় শিপিনীক সমান সুযোগ প্ৰদানৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিছে। এই অনুষ্ঠান কেৱল ফেশ্বনৰ ক্ষেত্ৰখনতে সীমাবদ্ধ নহয়; বৰং বিভিন্ন খণ্ডৰ শিপিনী উদ্যোগীসকলৰ বাবে উদ্যোগৰ উন্মেষ আৰু সজাগতাৰ বাবে এক শক্তিশালী অনুঘটক হিচাপেও কাম কৰি আহিছে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বৰ উইকৰ ষষ্ঠ সংস্কৰণত আকৰ্ষণীয় কৰ্মশালা, সৰ্বাংগীন দক্ষতাৰ প্ৰতি উৎসৰ্গিত আলোচনা চক্ৰ তথা মডেল, কাৰুশিল্পী আৰু শিল্পীৰ দ্বাৰা আয়োজিত ৰেম্প শ্ব’ৰ দৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ বিশেষ সংস্কৃতি আৰু বিস্ময়কৰ পৰম্পৰাক উদযাপনৰ বাবে এই অনুষ্ঠান আয়োজন কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here