গুৱাহাটী প্ৰেছ ক্লাবত 'কামৰূপী লোকগীতৰ দিন' উদযাপন' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 November 2023

গুৱাহাটী প্ৰেছ ক্লাবত 'কামৰূপী লোকগীতৰ দিন' উদযাপন'

 



W7s. news গুৱাহাটী: কামৰূপী লোকগীত  চৰ্চাকেন্দ্ৰ, অসমৰ উদ্যোগত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপী লোকগীতৰ দিন' উদ্ যাপন কৰা হয়। কামৰূপী লোকগীতৰ পথিকৃত পুৰুষোত্তম দাসৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি 'কামৰূপী লোকগীতৰ দিন' হিচাবে উদ যাপন কৰা অনুষ্ঠানৰ আৰম্ভণিতে কামৰূপী লোকগীতৰ পথিকৃত পুৰুষোত্তম দাসৰ প্ৰতিচ্ছবিৰ সন্মূখত শিল্পী ৰুমী শইকীয়াই বন্তি প্ৰজ্জ্বলন কৰে ।অনুষ্ঠানত কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ, অসমৰ প্ৰতিষ্ঠাপক সমম্বয়ক 'তুতুল মানৱ' নৱতম গ্ৰন্থ 'কামৰূপী লোকগীতৰ নেপথ্যত মধ্যযুগৰ কবি-গীতিকাৰ  উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ মূৰব্বী অধ্যাপক ড০ বিভা ভৰালীয়ে কয়-সংগীত সাধক প্ৰয়াত  পুৰুষোত্তম দাসৰ প্ৰতি প্ৰণাম জনাইছোঁ। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ, গায়কৰ লগতে বহু গুণৰ অধিকাৰী আছিল। তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি  কামৰূপী লোকগীতৰ দিন আয়োজন কৰা বাবে উদ্যোক্তাসকল ধন্যবাদৰ পাত্ৰ। অসমীয়া লোকসাহিত্যত লোকগীত সমূহ একক আৰু অনন্য।লোকগীতৰ মাধ্যমেৰে আমি মনোৰঞ্জন লাভ কৰো। কাৰণ ইয়াৰ সাংগীতিক মূল্যৰ লগতে নান্দনিক চেতনা আছে। এই সম্পৰ্কে গৱেষণা হোৱাৰ যথেষ্ট থল আছে। মধ্যযুগত নামনি অসমৰ ভাষাৰ মান্যতা আছিল। অষ্টাদশ শতিকাৰ পৰা কিছুমান কাৰকৰ বাবে নামনি অসমৰ ভাষাটোৰসমৰূপতা নোহোৱা হয়।  এটা মান্য ভাষা সদায় একে ৰূপত নাথাকিবও পাৰে। লোকগীতৰ  ভাষা হ'ল কামৰূপীয়া ভাষা। লোকগীত সমূহত লোকজীৱনৰ স্বাক্ষৰ নিহি:ত হৈ আছে। লোকগীতত লৈ এতিয়া নানা গৱেষণা হৈ আছে। উদ্যোক্তাসকলৰ এই প্ৰয়াসে আমাৰ সাংস্কৃতিক জীৱনত এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ'ব।'সভাত বিশিষ্ট কবি, সাংবাদিক বিপুল শৰ্মাই কামৰূপী লোকগীতৰ পথিকৃত পুৰুষোত্তম দাসৰ  অসমীয়া সংগীতৰ ক্ষেত্ৰত বৰ্ণাঢ‍্য অৱদান আৰু সাম্প্ৰতিক সময়ৰ অসমীয়া সংগীত শিল্পী  নিৰ্মাণৰ ক্ষেত্ৰত পুৰুষোত্তম দাসৰ অৱদানৰ বিষয়ে বিশদভাৱে কয়। নৱ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সভাপতিৰ ভাষণত তেওঁ-লোককৃষ্টি সংৰক্ষণৰ বিষয়ে কয়। তেওঁ লগতে ৰাজ্যৰ বিভিন্ন  ঠাইত লোককৃষ্টি সংৰক্ষণৰ বাবে যোৱা সময়ত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে বহলাই কয়। অনুষ্ঠানত কামৰূপী লোকগীত চৰ্চা, অসমৰ উপ-সভাপতিদ্বয় ডম্বৰুধৰ পাঠক নাৰায়ণ কলিতাই শুদ্ধৰূপত পৰিবেশন কৰাৰ লগতে কামৰূপী লোকগীতৰ প্ৰকৃত অৰ্থ জনা উচিত বুলি কয়।অনুষ্ঠানত বিশিষ্ট শিল্পী স্নেহলতা দাস,সিদ্ধেশ্বৰ ডেকা,হিতেশ্বৰ ডেকা,নাৰায়ণ কলিতা, ৰুমী শইকীয়া, কুসুম তালুকদাৰ, গৌতম কুমাৰ দাস আদিয়ে কামৰূপী লোকগীত পৰিবেশন কৰে।


অনুষ্ঠানত বহু সংখ‍্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here