ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস' পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 November 2023

ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস' পালন

 ‘




বিশ্বত ৫০ নিযুততকৈ অধিক ব্যক্তি মৃগীৰোগত আক্রান্ত, ভাৰতত ১০ নিযুততকৈ অধিক মৃগীৰোগী আছে'ঃ ডাঃ প্রসেনজিৎ ডেকা



ৰাজ্যত প্রায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্রান্ত




W7s news গুৱাহাটী : ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মৃগীৰোগৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে  জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই বছৰৰ ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ মূল বিষয়বস্তু হ'ল 'Step Up Against Stigma । যিকোনো বয়সৰ ব্যক্তিয়ে মৃগীৰোগত আক্ৰান্ত হ'ব পাৰে। প্ৰতিটো বয়সৰ ব্যক্তিৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসাও বেলেগ বেলেগ ধৰণৰ হয়। জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ প্রসেনজিৎ ডেকাই বুধবাৰে  সাংবাদিকসকলক সম্বোধি কয় যে “মৃগীৰোগ অভিশাপ নহয়, সৰহ সংখ্যক মৃগীৰোগীৰে চিকিৎসা সম্ভব। মৃগীৰোগ হ'ল মগজুৰ এক ৰোগ। আমাৰ প্ৰায় অধিকসংখ্যক লোকেই মৃগীৰোগ বুলিলে কেবল ফিট হোৱাটোকে একমাত্র লক্ষণ বুলি ভাবে। কিন্তু প্রকৃতাৰ্থত মৃগীৰোগ মানে কেৱল এগৰাকী ব্যক্তি ফিট হোৱাতেই সীমাবদ্ধ নহয়। আমাৰ ৰাজ্যত প্রায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্রান্ত। কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ'ল আমাৰ অধিকসংখ্যক ৰোগীয়ে অচিনাক্ত অৱস্থাত আছে। যাৰ ফলত তেওঁলোক চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। এগৰাকী মৃগীৰোগীয়ে অন্য ১০ জন লোকৰ দৰে চাকৰি কৰিব পাৰে, খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে তথা বিয়া-বাৰু কৰাই সুস্থ জীৱন যাপন কৰিব পাৰে।"জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ মুখ্য কাৰ্যকৰী বিষয়া ডাঃ মইনুলাৰ ৰহমানে কয় “ ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিএনআৰচি হাস্পতালে ছয়মাইল শাখাত প্রতি বুধবাৰে এখনি মৃগীৰোগ চিকিৎসা ক্লিনিক আৰু এটি বিশেষ মৃগীৰোগ পেকেজৰো ঘোষণা কৰা হৈছে। এই পেকেজটোত মাথোঁ ২৭০০ টকাতে ৰোগীয়ে ইইজি (নিয়মিত), আৰবিএছ, হিম'গ্লবিন, ক্রিয়েটিনাইন পৰীক্ষা কৰাৰ লগতে পঞ্জীয়ন আৰু স্নায়ুৰোগ চিকিৎসকৰ পৰামৰ্শও লাভ কৰিব। উক্ত পেকেজটো ১৫ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ উপলব্ধ হ'ব। জনসাধাৰণৰ মাজত মৃগীৰোগৰ চিকিৎসা সহজলভ্য কৰি তুলিবলৈ এটি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। এই হেল্পলাইন নম্বৰটো হ'ল- ৬৯০১২২৪৫৬২।

এই হেল্পলাইন নম্বৰটোৰ সহায়ত মৃগীৰোগত আক্ৰান্ত ব্যক্তিসকলে জিএনআৰচি ছয়মাইলত উপলব্ধ মৃগীৰোগ সম্বন্ধীয় চিকিৎসা আৰু জৰুৰীকালীন সেৱাসমূহো তৎকালীনভাবে লাভ কৰিব পাৰিব।” ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰীত জিএনআৰচি ছয়মাইল শাখাত মৃগীৰোগৰ সৰ্বসেৱা কেন্দ্ৰটি মুকলি কৰা হৈছিল। এগৰাকী মৃগীৰোগীক সকলো সময়তে চিকিৎসা সেৱা প্রদান কৰিব পৰাকৈ অত্যাধুনিকসা-সুবিধাৰে সুসজ্জিত, প্রয়োজনীয় দক্ষ আৰু অভিজ্ঞ চিকিৎসক তথা চিকিৎসা সহযোগীৰে সমৃদ্ধকৈ এই মৃগীৰোগ সৰ্বসেৱা কেন্দ্রটি গঢ়ি তোলা হৈছে। লেভেল টু স্বীকৃতিপ্রাপ্ত আমাৰ এই মৃগীৰোগ সৰ্বসেৱা কোটিৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ ৰোগীসকলেও চিকিৎসা সেৱা লাভ কৰিব পাৰিব। সংবাদ মেলত জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুৰোগ পৰামর্শদাতা ডাঃ কিনছেন বাংঙাই জনাই যে মৃগীৰোগৰ ৪০ টাতকৈও অধিক লক্ষণ আছে। মৃগীৰোগৰ বিষয়ে চিকিৎসকৰ লগতে সৰ্বসাধাৰণ লোকেও মৃগীৰোগৰ লক্ষণসমূহৰ বিষ জনাটো অতি গুৰুত্বপূৰ্ণ। চিকিৎসকৰ লগতে সৰ্বসাধাৰণ ৰাইজে মৃগীৰোগৰ লক্ষণবোৰৰ বিষয়ে সংকতে জানিন পাৰিলে ৰোগীৰ চিকিৎসাও সোনকালে সম্ভব হ'ব। যথোপযুক্ত পৰীক্ষা-নিৰীক্ষা আৰু সঠিক দৰবৰ ভাৰততাে মৃগীৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়। আনহাতে, বাকী থকা ২৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত আমি ভিডি এম আৰ আই আৰু নিজৰ চাইক'লজীৰ মূল্যায়ন সহায় কৰা হয়।সংবাদমেলখনত জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ শল্য বিশেষজ্ঞ ডাঃ পৰাগজ্যোতি বৰ্মনে জনায় যে "মগজু একেটা অংশৰ পৰা বাৰে বাৰে চিজাৰৰ (মৃগীৰোগৰ এক লক্ষণ উৎপত্তি হৈ থকা বুলি প্ৰমাণিত হ'লে অস্ত্ৰোপচাৰৰ দ্বাৰা সেই অংশটো কাটি পেলোৱা হয়। অস্ত্ৰোপচাবৰ দ্বাৰা মৃগীৰোগটো বহু ক্ষেত্ৰত নিৰাময় বা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। মৃগীৰোগৰ প্ৰকৃত উৎপত্তিস্থল আৰু কাৰণ সঠিক ৰূপত চিনাক্ত কৰিব পাৰিলেহে ৰোগী বিশেষে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয়।"বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা আমি অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ হৈ উঠিব পৰা ৰোগীসকলক চিনাক্ত কৰিব পাৰো। অস্ত্ৰোপচাৰৰ দ্বাৰা ১৫ শতাংশ মৃগীৰোগীক সুস্থ কৰি তুলিব পৰা যায়। মৃগীৰোগত আক্রান্ত শিশুৰ ক্ষেত্ৰত সময়োপযোগী চিকিৎসাৰ অভাৱত শিশু এটি মানসিক বিকাশ বাধাগ্রস্ত হ'ব পাৰে বুলি জনায় জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম গোৱেলে। জিএনআৰচি হাস্পতালৰ নিউৰ' ফিজিঅ'লজী বিভাগৰ পৰামৰ্শদাতা ডাঃ মৌচুমী চক্রবর্তীয়ে জানায় যে মৃগীৰোগ চিনাক্ত কৰিবলৈ জিএনআৰচি ছয়মাইল শাখাত বিভিন্ন প্ৰকাৰৰ ভিডিঅ' ইইজি কৰা হয়। এই ভিডিঅ' ইইজি জানাই ৰোগীৰ ৰোগ চিনাক্তকৰণ কৰা হয়। ফলত এই ৰোগ চিনাক্তকৰণৰ ভিত্তিতে চিকিৎসকসকলে ৰোগীক চিকিৎসা প্ৰদান কৰাত সুবিধা হয়। জিএনআৰচি ছয়মাইলৰ মনোবৈজ্ঞানিক বেদান্ত ফুকনে সংবাদমেলখনত উপস্থিত থাকি জনাই যে “মৃগীৰোগৰ ওপৰত থকা সমাজৰ ভ্ৰান্ত ধাৰণাসমূহ নাইকিয়া কৰি পৰিয়াল, আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱীয়ে ইতিবাচক চিন্তাধাৰাৰ ৰোগীগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ লগতে চিকিৎসকে প্ৰদান কৰা ঔষধ নিয়মিতভাবে সেৱন কৰি আৰু চিকিৎসকৰ লগত নিয়মিত পৰীক্ষা কৰাত ৰোগীগৰাকীক উৎসাহিত কৰিব লাগে। লগতে ৰোগীগৰাকীয়ে আনৰ নেতিবাচক মতামতলৈ গুৰুত্ব নিদি নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিবেশ কৰিব লাগে। চিকিৎসকৰ পৰা ৰোগীগৰাকীয়ে নিয়মিত পৰামৰ্শ লৈ থাকিলে মৃগীৰোগীৰ মনোবল বৃদ্ধি হোৱাত যথেষ্ট পৰিমাণে অৰিহনা যোগায়।"জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ স্নায়ুরোগ বিশেষজ্ঞ ডাঃ বিবেকানন্দ লাহনে জনায় যে 'মৃগীৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে সংবাদ মাধ্যমেই জনগণক সচেতন কৰি তোলাৰ একমাত্ৰ মাধ্যম। ইয়ে পৰৱর্তী পৰ্যায়ত সমাজ নিৰ্মাণত সহায়ক হৈ উঠিব আৰু সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিখোৱাৰ জিএনআৰচিৰ যি উদ্দেশ্য তাক সফল কৰি তুলিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here