W7s news,,,,; গুৱাহাটীঃ গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে 'সহাৱস্থান’ শীৰ্ষক বিষয়বস্তুৰে সফল আয়োজন কৰে দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাখনৰ। মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ অপৰিসীম প্ৰতিভা আৰু সৃষ্টিশীলতাৰ উন্মেষ ঘটাই ১১ নৱেম্বৰ, ২০২৩ত মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত অনুষ্ঠিত হোৱা এই নাট্য প্ৰতিযোগিতাখনে মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় উপস্থিত নাট্যপ্ৰেমী দৰ্শকক। এই প্ৰতিযোগিতাখনত শ্বেমফোৰ্ড ফিউচাৰিষ্টিক স্কুল, গ্ৰীণ ভেলী পাব্লিক স্কুল, মাৰিয়া পাব্লিক স্কুল, আৰ্মি পাব্লিক স্কুল, অসম জাতীয় স্কুল, পূব গুৱাহাটী হাইস্কুল, নতুন ফটাশিল টাউন হাইস্কুল, মডাৰ্ণ ইংলিছ স্কুল আৰু কাজিৰঙা ইংলিছ একাডেমীকে ধৰি গুৱাহাটীৰ ৯ খন বিদ্যালয়ে অংশগ্ৰহণ কৰি দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰে।
এই নাট প্ৰতিযোগিতাখনৰ অনুষ্ঠানত অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান জগতৰ কেইবাগৰাকী সু-পৰিচিত ব্যক্তিকো সম্বৰ্ধ্বনা জনোৱা হয়। অনুষ্ঠানত অভিনেত্ৰী চেতনা দাস (বিশিষ্ট অতিথি), অভিনেত্ৰী ভ্ৰান্তি মেধি (মুখ্য অতিথি), জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তথা কণ্ঠশিল্পী বিদ্যাসাগৰ (অতিথি)ৰ লগতে বিচাৰকৰূপে উপস্থিত থাকি অভিনেতা বিজিত দেৱচৌধুৰী, অভিনেতা কিশোৰ ৰাজবংশী আৰু অভিনেত্ৰী প্ৰণামী বৰাই যুৱ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰাৰ লগতে অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। প্ৰতিযোগিতাখনৰ উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলক নাট্যকলাৰ জৰিয়তে নিজকে প্ৰকাশ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰা, সৃষ্টিশীলতা, দলবদ্ধ কাম আৰু আত্মপ্ৰকাশৰ বাবে অনুপ্ৰাণিত কৰা। ভিন্ন বয়সৰ অংশগ্ৰহণকাৰীসকলে নিজ নিজ সৃষ্টিশীলতাৰে বাৰেৰহণীয়া কাহিনী আৰু বিষয়বস্তুৰ উপস্থাপনৰ জৰিয়তে তেওঁলোকৰ নাট্য দক্ষতা আৰু নাট্যকলাৰ প্ৰতি থকা আগ্ৰহ প্ৰদৰ্শন কৰে।সন্মানীয় বিচাৰকৰ পেনেলৰ দ্বাৰা সুক্ষ্ম মূল্যায়নৰ পিছত প্ৰতিযোগিতাৰ ফলাফল নিৰ্ধাৰণ কৰা হয়। নাট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰাসকল হৈছে-
• শ্ৰেষ্ঠ নাট্য দলঃ মডাৰ্ণ ইংলিছ স্কুল (অৰণ্যত ৰাজসভা)
• প্ৰথম ৰানাৰ্ছ আপ দলঃ অসম জাতীয় বিদ্যালয় (আজি মোৰ জন্মদিন)
• দ্বিতীয় ৰানাৰ্ছ আপ দলঃ আৰ্মি পাব্লিক স্কুল (আখিৰ কাৰ বাবলু পাছ হো গয়া)
• শ্ৰেষ্ঠ অভিনেতাঃ গুঞ্জনগীত পৰাশৰ, অসম জাতীয় বিদ্যালয়
• শ্ৰেষ্ঠ অভিনেত্ৰীঃ অনুক্ষা শইকীয়া, মাৰিয়াছ পাব্লিক স্কুল
ইয়াৰ উপৰিও অসাধাৰণ ব্যক্তিগত প্ৰদৰ্শনৰ বাবে বিশেষ বঁটাৰ বাবে নিৰ্বাচিতসকল হৈছে-
• শ্ৰেষ্ঠ সহযোগী অভিনেতাঃ এলেক্স গডউইন নাৰ্জাৰী, কাজিৰঙা ইংলিছ একাডেমী
• শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীঃ দিগঙ্গনা মধুকূল্য, মডাৰ্ণ ইংলিছ স্কুল
• শ্ৰেষ্ঠ পৰিচালকঃ ৰাজীৱ ক্ৰ’ (মডাৰ্ণ ইংলিছ স্কুল, নাটক - অৰণ্যত ৰাজসভা)
• শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰঃ অসীম কৃষ্ণ বৰুৱা (অসম জাতীয় বিদ্যালয়, নাটক - আজি মোৰ জন্মদিন)
• শ্ৰেষ্ঠ হাস্য-ব্যংগ অভিনেতাঃ অভিজ্ঞান বসুমতাৰী (মডাৰ্ণ ইংলিছ স্কুল)
• জুৰী বঁটা
১) নতুন ফটাশিল টাউন হাইস্কুল (নাটক – মোক উশাহ ল’বলৈ দিয়া)
২) অভিনেতা - গীতাৰ্থ কলিতা (পূৱ গুৱাহাটী হাইস্কুল)
৩) অভিনেত্ৰী - প্ৰাৰ্থনা নাথ (আৰ্মি পাব্লিক স্কুল)
৪) হাস্য-ব্যংগ অভিনেতা - ৰিয়ান যোগী (মডাৰ্ণ ইংলিছ স্কুল)
কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে প্ৰতিযোগিতাত প্ৰদৰ্শিত উচ্চ স্তৰৰ প্ৰতিভাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয়, "দশম আন্তঃবিদ্যালয় নাটক প্ৰতিযোগিতাখনে এক সুন্দৰ সফলতা লাভ কৰিছে আৰু ইয়েই আমাৰ যুৱ অভিনেতাসকলৰ নিষ্ঠা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰিছে। নাট্য কলাৰ প্ৰতি এনে উৎসাহ দেখি মই আনন্দিত হৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰী বিদ্যালয়ক তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰিছোঁ। মঞ্চখন সঁচাই এক শক্তিশালী মাধ্যম আৰু এই শিক্ষাৰ্থীসকলে প্ৰমাণ কৰিছে যে তেওঁলোক সঁচাকৈয়ে অভিনয় জগতৰ ভৱিষ্যত।"মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰাই পৰিবেশ্য কলাৰ প্ৰচাৰ তথা শিক্ষাৰ্থীসকলক অনাগত বছৰবোৰত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ এই মহৎ পৰম্পৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি আশা কৰি
ছে।
No comments:
Post a Comment