শৰাইঘাটৰ যুদ্ধৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে ১৭ নবেম্বৰৰ পৰা দীপৰ বিলত " ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল " উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি সেনা আৰু অসম চৰকাৰৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 15 November 2023

demo-image

শৰাইঘাটৰ যুদ্ধৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে ১৭ নবেম্বৰৰ পৰা দীপৰ বিলত " ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল " উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি সেনা আৰু অসম চৰকাৰৰ

Responsive Ads Here

 

W7s news

IMG-20231116-WA0000

W7s news গুৱাহাটী: অসমৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা হিচাপে পৰিচিত আৰু অসমসহ দক্ষিণ পূৱ এচিয়াক মোগলৰ আধিপত্যৰ পৰা ৰক্ষা কৰা ১৬৭১ চনৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাজিত কৰাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় সেনাই যৌথভাৱে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ সমীপত দীপৰ বিলত ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ অধীনৰ ৰেড হৰ্ণচ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অহা ১৭ নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে  'ৰাইজিং ছান ৱাটাৰ ফেষ্ট -  ৰিভিষ্টিং শৰাইঘাট ২০২৩' শীৰ্ষক এক বিশেষ জলক্ৰীড়া মহোৎসৱ। ইয়াৰ বাবে বিগত প্ৰায় তিনি সপ্তাহ ধৰি  ভাৰতীয় সেনাই  দীপৰ বিলত অনুষ্ঠিত হবলগীয়া এই মহোৎসৱৰ স্থানখিনী পানীত চলাব পৰা বিশেষ বাহনৰে পানী মেটেকা, প্লাষ্টিক , পলিথিন জাতীয় সামগ্ৰী সমুহ চাফ - চিকুণ কৰাৰ লগতে একেলগে কেবা হাজাৰ মানুহে যাতে বহি মহোৎসৱ চাব পাৰে তাৰ বাবেও দিনে নিশাই কাম কৰি থকা পৰিলক্ষিত হৈছে। আনকি তাত অস্থায়ী ভাবে সেনাৰ এটা ছাউনীও স্থাপন কৰা হৈছে। ইফালে মাজতে মাত্ৰ এটা দিন বাকী থকা অবস্থাত মহোৎসৱখন যাতে সফলভাৱে সম্পন্ন কৰাৰ বাবে সেনা বাহিনীৰ উপৰিও অসম চৰকাৰৰ বিভিন্ন বিভাগে হাতে কামে নামি পৰা পৰিলক্ষিত হৈছে । আজি দিনৰ ভাগত সেনা বাহিনীৰ এটা উচ্চপদস্থ বিষয়াৰ দলৰ সৈতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বন আৰু পৰিবেশ বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী , বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱকে ধৰি মহোৎসৱখনৰ লগত জৰিত বিভিন্ন চৰকাৰী বিভাগৰ কেবাজনো বিষয়াই  সেনা বাহিনীৰ নাৱেৰে বিলখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত দলটোৱে বিলৰ যিখিনী অংশত মহোৎসৱখন অনুষ্ঠিত হব তাৰ বুজ লয়। উল্লেখ্য যে  শৰাইঘাটৰ যুদ্ধখন  ব্ৰহ্মপুত্ৰৰ পানীত হৈছিল আৰু নাৱেৰে মোগলক খেদি খেদি আহোম সেনাই হাদিৰা চকী পাৰ কৰি থৈ আহিছিল। তেনে এক প্ৰতিচ্ছবি জনমানসত তুলি ধৰাৰ লক্ষ্যৰে মহোৎসৱৰ লগত সংগতি ৰাখি দীপৰ বিলত নৌকা চালনা , ৰয়িং , মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া অনুষ্ঠিত হব। তেনেদৰে ১৭ নৱেম্বৰৰ পৰা বিয়লি প্ৰতিদিনে অনুষ্ঠিত হব বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান । উঠি অহা যুৱ প্ৰজন্মই অসম আৰু অসমীয়াৰ  ভাগ্য নিয়ন্তা স্বৰূপ শৰাইঘাট যুদ্ধখনৰ বিষয়ে যাতে ভালকৈ জানিব পাৰে তাক মহোৎসৱত প্ৰদৰ্শনৰ দিহা কৰা হৈছে বুলি জানিব পৰা গৈছে।  ইফালে দীপৰ বিলত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হবলগীয়া মহোৎসৱখনৰ প্ৰতি দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *