২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ইউৰোপীয়ান হায়াৰ এডুকেশ্যন ভাৰ্চুৱেল ফেয়াৰত অংশগ্ৰহণ কৰিব ২১ খন ইউৰোপীয় দেশৰ ৭৩ খন শৈক্ষিক প্ৰতিষ্ঠানে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 November 2023

২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ইউৰোপীয়ান হায়াৰ এডুকেশ্যন ভাৰ্চুৱেল ফেয়াৰত অংশগ্ৰহণ কৰিব ২১ খন ইউৰোপীয় দেশৰ ৭৩ খন শৈক্ষিক প্ৰতিষ্ঠানে

 

বিদেশত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় শিক্ষাৰ্থীয়ে https://study-europe.net/register ৰ জৰিয়তে বিনামূলীয়াকৈ লাভ কৰিব ৭০ খনৰো অধিক ইউৰোপীয় বিশ্ববিদ্যালয়ৰ সৈতে সংযোগ স্থাপনৰ সুযোগ


W7s news,,,গুৱাহাটী, : বিদেশত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় শিক্ষাৰ্থীসকলক ইউৰোপৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ সৈতে সংযোগ কৰিবলৈ অহা ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ইউৰোপীয়ান হায়াৰ এডুকেশ্যন ভাৰ্চুৱেল ফেয়াৰ (ইএইচইভিএফ) ইণ্ডিয়াৰ অষ্টম সংস্কৰণ। থ্ৰীডি ভাৰ্চুৱেল প্লেটফৰ্ম https://study-europe.net ৰ জৰিয়তে অনুষ্ঠিত হ’বলগীয়া এই ভাৰ্চুৱেল শৈক্ষিক মেলাত অংশগ্ৰহণ কৰিব ইউৰোপীয় সংঘৰ ২১খন সদস্য ৰাষ্ট্ৰৰ ৭৩ খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে।উল্লেখ্য যে, বিশ্বৰ ভিতৰতে কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাবে পৰিচিত ইউৰোপীয় উচ্চ শিক্ষাই ক্ৰমান্বয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। মহাদেশখনৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যইও আকৰ্ষিত কৰি আহিছে বিশ্বৰ অন্য প্ৰান্তৰ শিক্ষানুৰাগীসকলক। ইউৰোপীয় উচ্চ শিক্ষাৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী আৰু উচ্চ শিক্ষা গ্ৰহণৰ সপোনক বাস্তৱ ৰূপ দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলক সুযোগ প্ৰদান কৰি এই শৈক্ষিক মেলাত ইউৰোপৰ ১৪ খন আগশাৰীৰ বিশ্ববিদ্যালয়েও অংশগ্ৰহণ কৰিব।ভাৰতীয় শিক্ষাৰ্থীসকলে ইউৰোপীয় সংঘত সম্পূৰ্ণ পুঁজিৰে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে আবেদন কৰাৰ একাধিক সুযোগৰ ভিতৰত অন্যতম হৈছে ইৰাছমাছ মুণ্ডাছ যৌথ স্নাতকোত্তৰ কাৰ্যসূচী। ইয়াৰ উপৰিও ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ আৰু বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ্থীসকলৰ বাবে নিজাকৈ বৃত্তিমূলক কাৰ্যসূচী আগবঢ়াই ইউৰোপীয় দেশত উচ্চ শিক্ষাক সুলভ কৰি তুলিছে।


ইউৰোপীয় দেশৰ উচ্চ শিক্ষাৰ ভাৰ্চুৱেল মেলাৰ অষ্টম সংস্কৰণত উচ্চাকাংক্ষী ভাৰতীয় শিক্ষাৰ্থীসকলে নিম্নোক্ত বিষয়সমূহ সন্দৰ্ভত স্পষ্টতা আৰু তথ্য লাভ কৰিবলৈ সক্ষম হ’বঃ

• ইউৰোপীয় সংঘ তথা ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে ইৰাছমাছ+ৰ জৰিয়তে আৰু ৰাষ্ট্ৰীয় কাৰ্যসূচী তথা ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা আগবঢ়োৱা বৃত্তিৰ সুযোগ; বৃত্তিৰ বাবে আবেদন কৰাৰ পদক্ষেপসমূহ

• উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইউৰোপলৈ যাব বিচাৰিলে কিদৰে প্ৰস্তুতি চলাব লাগিব।

• ইউৰোপীয় সংঘত উচ্চ শিক্ষা গ্ৰহণৰ পিছত নিয়োগৰ সম্ভাৱনা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here