W7s news,,,,গুৱাহাটী : মহানগৰীৰ মাছখোৱা আই টি এ সংস্কৃতিক প্ৰকল্পত শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজিৰ পৰা দুইদিনীয়া বাৰ্ষিক অনুষ্ঠানৰ "হাৰমনি ২০২৩" আৰম্ভনী হয়। উক্ত অনুষ্ঠাত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক আৰু সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিদ্যালয়খনৰ অধ্যক্ষ ৰীনা ভৌমিকে আদৰণি ভাষণ প্ৰদান কৰি কয় যে শ্ৰেণীকোঠাৰ চাৰিবেৰৰ ভিতৰত সীমাবদ্ধ নাথাকি শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে বহিঃ জগতৰ শিক্ষা অধিক প্ৰয়োজন আছে। বিদ্যালয়খনৰ সভাপতি পৱন কুমাৰ আগৰৱালাই শিক্ষাৰ্থীসকলক তেওঁৰ অনুপ্ৰেৰণামূলক কথাৰে অনুপ্ৰাণিত কৰে।অনুষ্ঠানটোত বিদ্যালয়ৰ আলোচনী "শিশু জ্যোতি"ৰ ২৫ তম সংস্কৰণ মুকলি কৰা হয়। পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে বিদ্যালয়খনৰ বিভিন্ন কাৰ্যকলাপৰ এক মনোৰম দৃশ্য প্ৰদৰ্শন কৰা হয়। ২০২২ বৰ্ষৰ শীৰ্ষস্থানপ্ৰাপ্ত সকলক শৈক্ষিক বঁটা প্ৰদান কৰা হয়।আনহাতে বিগত বৰ্ষত উৎকৃষ্ট শিক্ষা প্ৰদান কৰা একাংশ শিক্ষকক সম্বধনা জনোৱা হয়। হাৰমনি ২০২৩ শীৰ্ষক অনুষ্ঠানটোত ভক্তিৰ পৰা আৰম্ভ কৰি দেশপ্ৰেম, ৰাষ্ট্ৰীয় একত্ৰীকৰণ, সামাজিক সমস্যাসমূহ পৌৰাণিক নাটকৰ জৰিয়তে অতীতৰ স্মৃতি স্মৰণ কৰা হয়।একেদৰে "পৰিৱেশ সংৰক্ষণ" বিষয়ৰ ওপৰত এটা মাইম শ্ব' উপস্থাপন কৰা হয়। বিদ্যালয়খনৰ উপাধ্যক্ষ সৰ্বাৰী দাসে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Post Top Ad
Responsive Ads Here
Wednesday, 22 November 2023
Home
-গুৱাহাটী
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুইদিনীয়া বাৰ্ষিক অনুষ্ঠানত "হাৰমনি ২০২৩" আৰম্ভনি
শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুইদিনীয়া বাৰ্ষিক অনুষ্ঠানত "হাৰমনি ২০২৩" আৰম্ভনি
Tags
# -গুৱাহাটী
# -গুৱাহাটী ব্যৱসায়-বাণিজ্য
Share This
About W7S News
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
Labels:
-গুৱাহাটী,
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment