এক অভূতপূৰ্ব আনন্দময় সংগীত যাত্ৰাৰ বাবে সাজু হওক গুৱাহাটীবাসী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 November 2023

এক অভূতপূৰ্ব আনন্দময় সংগীত যাত্ৰাৰ বাবে সাজু হওক গুৱাহাটীবাসী

 গুৱাহাটীলৈ আহি আছে সংগীতৰ মহানায়ক অনুভ জৈন, মহানগৰীত কাছা বাকাৰ্ডি অন ট্যুৰৰ সংগীত সন্ধ্যাৰ আয়োজন বাকাৰ্ডিৰ


অন্যথা

দুনাই নাপাব সংগীতৰ মায়াজালত এটা ৰাতি পাৰ কৰাৰ সুযোগ  


W7s news,,,, নৱেম্বৰ, ২০২৩, গুৱাহাটীঃ বাকাৰ্ডি এক্সপেৰিয়েন্সৰ পৃষ্ঠপোষকতাত অহা ৫ নৱেম্বৰত গুৱাহাটী মহানগৰীত সংগীতৰ লহৰ তুলিবলৈ সাজু হৈছে কাছা বাকাৰ্ডি অন ট্যুৰে। বহু প্ৰত্যাশিত কাছা বাকাৰ্ডি অন ট্যুৰত অংশগ্ৰহণ কৰিব প্ৰখ্যাত গায়ক-গীতিকাৰসকলে। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰসিদ্ধ সংগীতজ্ঞ অনুভ জৈন। ৫ নৱেম্বৰত গ্ৰীণউড ৰিজ’ৰ্টত হৃদয় আলোড়িত কৰিব পৰা এই সুৰৰ সন্ধিয়া অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে বাকাৰ্ডি এক্সপেৰিয়েন্সে। চহকী ঐতিহ্য আৰু গীতৰ লহৰত বিমুগ্ধ হ’বপৰা সংগীতপ্ৰেমীৰ বাবে পৰিচিত গুৱাহাটী মহানগৰীত এই সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে উত্তম স্থান হিচাপে বিবেচিত কৰিছে বাকাৰ্ডি এক্সপেৰিয়েন্সে। ''প্ৰতিজন শ্ৰোতাৰ আৱেগৰ কথা কোৱা কণ্ঠশিল্পী-গীতিকাৰ’’ হিচাপে পৰিচিত অনুভ জৈনে ইতিমধ্যে তেওঁৰ গীতৰ কথা আৰু সুৰেৰে বিমুগ্ধ কৰি ৰাখিছে প্ৰতি মাহে এক কোটিৰো শ্ৰোতাক। তেওঁৰ 'গুল’, 'অলগ আছমান’, 'মিশ্ৰী’ আৰু শেহতীয়া মুক্তিপ্ৰাপ্ত 'অন্তৰীক্ষ’ৰ দৰে হিট গীতে ইতিমধ্যে দৰ্শকৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সমাদৰ।ব্ৰেণ্ড বাকাৰ্ডিৰ জ্যেষ্ঠ প্ৰবন্ধক সমীক্ষা ইউনিয়ালে অনুষ্ঠানটোৰ বিষয়ে নিজৰ উৎসাহ ব্যক্ত কৰি কয়, "গুৱাহাটী চহৰখনত থকা ৰুচিসম্পন্ন সংগীতপ্ৰেমীসকলৰ বাবে আমি অনুভ জৈনক গুৱাহাটীলৈ আনিবলৈ অতি আগ্ৰহী হৈ পৰিছোঁ। অনুষ্ঠানটো ঘোষণা কৰাৰ পিছৰে পৰা স্থানীয় সংগীতপ্ৰেমীসকলৰ মাজত যি উৎসাহ দেখিবলৈ পোৱা গৈছে সেয়া আমিও উপলব্ধি কৰিব পাৰিছোঁ। ৰাইজৰ সঁহাৰি একেবাৰে অসাধাৰণ, সেয়ে আমি কাছা বাকাৰ্ডি অন ট্যুৰৰ জৰিয়তে চহৰখনলৈ এনে সংগীত অভিজ্ঞতা আৰু অধিক আনিবলৈ অত্যুৎসাহী হৈ পৰিছোঁ।’’উল্লেখ্য যে, ভাৰতৰ পঞ্জাৱ নিৱাসী ২৮ বৰ্ষীয় অনুভ জৈনে সামাজিক মাধ্যমত প্ৰথমে আলোড়ন তুলি পৰৱৰ্তী সময়ত বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় শিল্পী হিচাপে পৰিগণিত হৈ পৰে। প্ৰথমতে তেওঁ 'বাৰিশ্বে’ গীতটোৰ জৰিয়তে সংগীতপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে। ইতিমধ্যে এই গীতটো স্পটিফাই মিউজক এপত ১০ কোটিৰো অধিক বাৰ শুনা হৈছে। এই গীতটোৰ পিছতে ইণ্ডি সংগীত জগতত সুদৃঢ় হৈ পৰে অনুভ জৈনৰ স্থান। তেওঁৰ সাফল্যই বিশ্বজুৰি অলেখ অনুৰাগীৰ সৃষ্টি কৰাৰ লগতে তেওঁৰ গীতসমূহক প্ৰতিটো একাউষ্টিক প্লেলিষ্টত জনপ্ৰিয় কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here