এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ সময়চোৱাত ঘৰ, পাকঘৰ আৰু ঘৰৰ বাহিৰত ব্যৱহাৰ্য সামগ্ৰীসমূহৰ সমগ্ৰ শাখাত উত্তৰ-পূৱ ভাৰতে দ্ৰুতগতিত বৰ্ধিত হোৱা অঞ্চল হিচাপে আত্মপ্ৰকাশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 November 2023

এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ সময়চোৱাত ঘৰ, পাকঘৰ আৰু ঘৰৰ বাহিৰত ব্যৱহাৰ্য সামগ্ৰীসমূহৰ সমগ্ৰ শাখাত উত্তৰ-পূৱ ভাৰতে দ্ৰুতগতিত বৰ্ধিত হোৱা অঞ্চল হিচাপে আত্মপ্ৰকাশ


 এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত - ঘৰ, পাকঘৰ আৰু বাহ্যিক সামগ্ৰীসমূহৰ শিতানবোৰে অঞ্চলটোত ১.৬X বছৰ পিচত বছৰ ধৰি অধিক বৃদ্ধি পাই আহিছে

উত্তৰ-পূৱৰ গ্ৰাহকসকলে তেওঁলোকৰ উৎসৱমুখৰ বজাৰ কৰাৰ বাবে এমাজ’ন.ইন-ক গন্তব্যস্থান হিচাপে বাছি লোৱাৰ লগতে স্তৰ ৩ আৰু ইয়াৰ বাহিৰৰ চহৰসমূহে এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ সময়চোৱাত ৮০%-তকৈ অধিক অৰ্ডাৰত অৰিহণা যোগাইছে

এমাজ’ন.ইন-য়ে এই উৎসৱৰ বতৰত ভাৰতৰ শীৰ্ষ ব্ৰেণ্ডসমূহৰ সৈতে হোৱা সহযোগিতাৰ জৰিয়তে ১০০০-ৰো অধিক শ্বেডৰ অভ্যন্তৰীণ আৰু বাহিৰৰ ৰঙৰ বৈশিষ্ট্যযুক্ত এক বিস্তৃত পৰিসৰও মুকলি কৰিছে

ষ্টীলবাৰ্ড, এগৰ’, বাজাজ, হেভেলছ আৰু বছ হৈছে উত্তৰ-পূব অঞ্চলৰ সমগ্ৰ গৃহ, পাকঘৰ আৰু ঘৰৰ বাহ্যিক অঞ্চলত প্ৰয়োগৰ বাবে উপলব্ধ সামগ্ৰীবোৰৰ শিতানত পছন্দৰ ব্ৰেণ্ড



W7s news গুৱাহাটী:  এমাজ’ন.ইন-য়ে বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেল যোগে ঘোষণা কৰে যে ৱাটাৰপ্ৰুফিং উৎপাদ, প্ৰাইমাৰ, এনামেল, পেইন্টিং সঁজুলি, মাস্কিং টেপ আৰু ড্ৰপ চীট ক’ভাৰকে ধৰি একাধিক অত্যাৱশ্যকীয় সামগ্ৰীবোৰৰ লগতে ঘৰ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় ১০০০-ৰো অধিক শ্বেডযুক্ত অভ্যন্তৰীণ আৰু বাহিৰৰ ৰঙৰ এক বিস্তৃত পৰিসৰ মুকলি কৰা হৈছে৷

-গ্ৰাহকসকলক ৰঙৰ শ্বেড কল্পনা আৰু তুলনা কৰাত সহায় কৰিবলৈ এমাজ’ন-য়ে পেইণ্ট ফাইণ্ডাৰ টুল আৰু এটা কেলকুলেটৰও প্ৰৱৰ্তন কৰিছে যাতে গ্ৰাহকসকলে প্ৰয়োজনীয় ৰঙৰ পৰিমাণ অনুমান কৰাত সহায়ক হৈ পৰাৰ জৰিয়তে অপচয় এৰাই চলিব পাৰে৷

এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ কালচোৱাত উত্তৰ-পূৱ অঞ্চলটোৱে সমগ্ৰ গৃহ, পাকঘৰ আৰু ঘৰৰ বাহ্যিক অংশৰ প্ৰয়োজনীয় সামগ্ৰী শাখাত এই উৎসৱৰ বতৰত ১.৬X-তকৈ অধিক বছৰে বছৰে সম্পন্ন কৰা বাঢ়নেৰে সৈতে প্ৰচণ্ড অৰিহণা যোগাইছে৷ গ্ৰাহকসকলে এতিয়াও ইয়াৰ সৰ্বোত্তমখিনি প্ৰাপ্ত কৰি লোৱাৰ লগতে ৰন্ধন সঁজুলিসমূহ আৰু খাদ্যৰ পৰিৱেশন কৰা সামগ্ৰীসমূহত নূন্যতম ৫০% ৰেহাই, ইলেক্ট্ৰিক স্কুটাৰ আৰু বাইকবোৰৰ ওপৰত ৪০% পৰ্যন্ত ৰেহাইৰ লগতে পাকঘৰত ব্যৱহাৰ্য্য সঁজুলিসমূহৰ ওপৰত ৭০% পৰ্যন্ত ৰেহাই, দীপাৱলীৰ লাইট আৰু গৃহসজ্জাৰ সামগ্ৰীবোৰত ৮০% পৰ্যন্ত ৰেহাই লাভ কৰাৰ লগতে ক্ৰীড়া সঁজুলিসমূহৰ ওপৰত নূন্যতম ৪০% ৰেহাইৰ দৰে আৰু বহুতো সুবিধা এই এমাজ’ন-ৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ফাইনেল ডে-সমূহৰ সময়ত প্ৰাপ্ত কৰি ল’ব পাৰে৷

এই উপলক্ষে মন্তব্য কৰি এমাজ’ন ইণ্ডিয়াৰ সঞ্চালক কে এন শ্ৰীকান্ত-য়ে কয়, ‘‘ভাৰতৰ এখন আটাইতকৈ পছন্দৰ বজাৰ হিচাপে আমি উৎসৱৰ বতৰত এক ব্যতিক্ৰমী গ্ৰাহক অভিজ্ঞতা প্ৰদানৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ৷ উত্তৰ-পূৱ অঞ্চলটোৱে বিশিষ্ট স্থান দখল কৰি থকাৰ লগতে ঘৰ, পাকঘৰ আৰু ঘৰৰ বাহিৰত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ শিতানত ১.৬X বছৰ পিচত বছৰ ধৰি অধিক বৃদ্ধি পাই আহিছে৷ অঞ্চলটোৰ পৰা উত্থিত চাহিদাসমূহ পূৰণৰ বাবে আমি আমাৰ সামৰ্থ্য গঢ়ি তুলিছো আৰু গুৱাহাটীত ২০% অৰ্ডাৰ ১ দিনৰ ভিতৰত ডেলিভাৰী কৰা হৈছে৷ তদুপৰি, আমাৰ মূল্যৱান গ্ৰাহকসকলৰ উদীয়মান চাহিদাসমূহ পূৰণ কৰি আমি ১,০০০+ শ্বেডৰ অভ্যন্তৰীণ আৰু ঘৰৰ বাহিৰৰ ৰঙৰ বৈশিষ্ট্যসমূহেৰে সৈতে এক বিস্তৃত বাছনি মুকলি কৰিছো যিবোৰ তেওঁলোকৰ দুৱাৰমুখতে সুবিধাজনকভাৱে ডেলিভাৰী কৰা হ’ব যাতে তেওঁলোকে এই মঙ্গলকৰ উৎসৱৰ সময়চোৱাত নিজৰ ঘৰসমূহ উন্নীত কৰি তুলিব পাৰে’’৷

ইয়াত এমাজ’ন.ইন-ৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৱ অঞ্চলত পৰ্যবেক্ষণ কৰা ঘৰ, পাকঘৰ আৰু ঘৰৰ বাহ্যিক অংশৰ ব্যৱহাৰ্য্য সামগ্ৰীসমূহৰ বিভাগবোৰৰ কেতবোৰ ধাৰা দিয়া হৈছে:সুচলতা হৈছে এমাজ’ন.ইনৰ সম্ভাৰসমূহৰ মূল: এমাজ’ন ইণ্ডিয়াৰ ঘৰ, পাকঘৰ আৰু ঘৰৰ বাহিৰত ব্যৱহাৰ্য্য সামগ্ৰীবোৰৰ বাবে উত্তৰ-পূৱ হৈছে এটা মূল অঞ্চল আৰু এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলৰ সময়চোৱাত বছৰ বছৰ ধৰি ১.৬ গুণতকৈ অধিক হাৰত বৃদ্ধি পাই আহিছে৷ নতুন গ্ৰাহকসকলৰ সংখ্যা বৃদ্ধি পোৱা শীৰ্ষ চহৰসমূহৰ ভিতৰত আছে গুৱাহাটী, আইজল আৰু শ্বিলং৷ অঞ্চলটোৰ চাৰিওঁদিশৰ স্তৰ ৩ আৰু ইয়াৰ বাহিৰৰ চহৰসমূহে উৎসৱৰ সময়ছোৱাত ৮০%-তকৈ অধিক অৰ্ডাৰত অৰিহণা যোগাইছে৷ এই বছৰ এমাজ’ন.ইন-য়েও ডেলিভাৰী কৰা অৰ্ডাৰসমূহৰ পৰিমান ৩গুণ বৃদ্ধি পোৱাৰ বিষয়ে প্ৰতিবেদন দিছে৷

শীৰ্ষ ব্ৰেণ্ডসমূহৰ প্ৰতি প্ৰেম: পানী বিশুদ্ধকৰণ, তুলী আৰু ইস্ত্ৰীসমূহৰ দৰে মূল শ্ৰেণীসমূহৰ মাজেৰে বছৰৰ পিচত বছৰ জুৰি আকৰ্ষণীয়ভাৱে বৃদ্ধিৰ সৈতে উত্তৰ-পূৱৰ গ্ৰাহকসকলৰ মাজত ঘৰৰ সুচলতা আৰু উপযোগিতা উন্নত কৰাৰ প্ৰতি আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ এই অঞ্চলটোত ষ্টীলবাৰ্ড, এগৰ’, বাজাজ, হেভেলছ আৰু বছ-ৰ দৰে শীৰ্ষ ব্ৰেণ্ডসমূহৰ প্ৰতি প্ৰবল পছন্দ বিদ্যমান৷ তদুপৰি এগৰ’ হাই প্ৰেচাৰ ৱাশ্বাৰ, মিল্টন স্পিন মপ আৰু বাজাজ ৱাটাৰ হিটাৰবোৰ গ্ৰাহকসকলৰ মাজত


পৰম প্ৰিয় সামগ্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে৷

গ্ৰহ আৰু স্থায়িত্বৰ প্ৰতি প্ৰৱণতা: সমগ্ৰ অঞ্চলটোত বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধি পাই আহিছে৷ অসমত ৩০০-ৰো অধিক পিনকোডত ভীডা, এম্পেৰে, অ’কায়া, ৰিভ’ল্টৰ পৰা আগবঢ়োৱা ইলেক্ট্ৰিক বাইকৰ লগতে স্কুটাৰসমূহ উপলব্ধ৷ এই অঞ্চলৰ গ্ৰাহকসকলে লগতে সৌৰ সামগ্ৰীসমূহৰ বাবে এমাজ’নক নিজৰ পছন্দৰ গন্তব্যস্থান হিচাপে বাছি লৈছে৷ উত্তৰ-পূৱ অঞ্চলত সৌৰজাতীয় সামগ্ৰীৰ চাহিদা বছৰৰ পিছত বছৰ জুৰি ১২৮% বৃদ্ধি পোৱাৰ লগে লগে নাগালেণ্ড আৰু অসমত বছৰ পৰা বছৰলৈ ২০০% চাহিদা বৃদ্ধি পোৱা দেখা গৈছে৷ অসমৰ ১.৬কে-তকৈ অধিক গ্ৰাহকে এইবাৰ এমাজ’ন-ৰ জৰিয়তে ক্ৰয় কৰা চ’লাৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব৷

গ্ৰাহকসকলে ডিআইওৱাই ভাল পায়: পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰাৰ সৈতে উত্তৰ-পূৱ অঞ্চলত বেকিং সঁজুলি, ডিআইওৱাই আচবাব আৰু বহুবোৰৰ লগতে ১০০০-তকৈওঁ অধিক শ্বেডৰ ৰং, স্প্ৰে কেন আৰু সঁজুলি কিটসমূহকে ধৰি তেওঁলোকৰ ডিআইওৱাই প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে পণ্যবোৰৰ বিস্তৃত বাচনিৰ সুবিধা উপলব্ধ হৈ আছে৷


বিক্ৰেতাসকলৰ লগতে গ্ৰাহকসকলৰ দৃষ্টিকোণৰ পৰাও উত্তৰ-পূৱ হৈছে এমাজ’ন.ইন-ৰ বাবে এক গুৰুত্বপূৰ্ণ অঞ্চল৷ ১৪ লাখ বিক্ৰেতাৰ ভিতৰত প্ৰায় ১১,০০০-তকৈ অধিক বিক্ৰেতা এই অঞ্চলটোৰ পৰা অহাৰ লগতে এমাজ’ন.ইন-ৰ ধ্যান কেন্দ্ৰিত হৈ আছে তেওঁলোকৰ বাবে অনলাইন বিক্ৰী সুচল আৰু অধিক উৎপাদনশীল কৰি তোলাৰ ওপৰত৷ বছৰ পিছত বছৰ ধৰি এমাজ’ন-য়ে সমগ্ৰ ভাৰতত এক শক্তিশালী বাস্তৱ আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত বিনিয়োগ কৰি আহিছে আৰু উত্তৰ-পূৱ অঞ্চলৰ অসমত এটা শ্ৰেণীবিভক্তকৰণ কেন্দ্ৰৰ লগতে এটা পৰিপূৰ্ণকৰণ কেন্দ্ৰৰ উপৰিওঁ এমাজ’নৰ মালিকানাধীন আৰু অংশীদাৰযুক্ত শতাধিক ডেলিভাৰী ষ্টেচন আছে৷ আন্তঃগাঁথনিৰ এই বিনিয়োগে উত্তৰ-পূৱৰ বিক্ৰেতাসকলক দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকলক যোগান ধৰাত সহায় কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here