অ’পিডি প্ৰদানৰ বাবে মহানগৰীৰ সঞ্জীৱনী হাস্পতালৰ সৈতে অংশীদাৰিত্ব স্থাপন লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপ ইণ্ডিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 November 2023

অ’পিডি প্ৰদানৰ বাবে মহানগৰীৰ সঞ্জীৱনী হাস্পতালৰ সৈতে অংশীদাৰিত্ব স্থাপন লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপ ইণ্ডিয়াৰ


 


W7s news,,,গুৱাহাটীঃ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ মালিগাঁৱত অৱস্থিত সঞ্জীৱনী হাস্পতালৰ সৈতে চিকিৎসামূলক মিত্ৰতা গঢ়ি তুলিছে কৰ্কট ৰোগীৰ বাবে কাম কৰি অহা লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপ ইণ্ডিয়া নামৰ ন্যাসটোৱে। হাস্পতালখনৰ সৈতে লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপ ইণ্ডিয়াৰ এই সহযোগিতাই দেশৰ সুনামধন্য চিকিৎসালয়ৰ পৰা বহিঃৰোগী বিভাগ (অ’পিডি) আৰু অস্ত্ৰোপচাৰ কক্ষ (অ’টি)ৰ বাবে চিকিৎসকক উত্তৰ-পূৰ্বাঞ্চললৈ আনি ৰাইজৰ স্বাস্থ্য আৰু সুস্বাস্থ্য নিশ্চিত কৰিব। এই উপলক্ষ্যে লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপ ইণ্ডিয়াৰ মুৰব্বী ডাঃ ছামিম খানে আৰ্তসকলক সুলভ খৰচত উন্নত চিকিৎসা প্ৰদান কৰাৰ লক্ষ্যৰে গুৱাহাটীলৈ অধিক চিকিৎসকক অনাৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা কৰ্কট ৰোগীৰ বাবে সুলভ মূল্যৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে ন্যাসটোৱে।সঞ্জীৱনী হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত কয়, "এই কৌশলগত অংশীদাৰিত্বৰ বাবে আমি লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ১৭ নৱেম্বৰত সঞ্জীৱনী হাস্পতালত আমাৰ দুটা বিশেষ অ'পিডি অনুষ্ঠিত হ’ব, য’ত গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতালৰ অংক’লজী বিভাগৰ ডাঃ স্বৰূপা মিত্ৰ আৰু দিল্লীৰ মেক্স ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ নেফ্ৰ’লজী আৰু ইউৰ’লজী বিভাগৰ ডাঃ ৱাহিদ জামান উপস্থিত থাকিব। এই অ’পিডিয়ে নিশ্চিতভাৱে গুৱাহাটীবাসীক উপকৃত কৰিব।’’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here