এপল' প্ৰটন কেঞ্চাৰ চেণ্টাৰে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ বাবে মুকলি কৰিছে চেণ্টাৰ অৱ এক্সেলেন্স - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 November 2023

এপল' প্ৰটন কেঞ্চাৰ চেণ্টাৰে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ বাবে মুকলি কৰিছে চেণ্টাৰ অৱ এক্সেলেন্স




W7s news,,,গুৱাহাটী, ১৭ নৱেম্বৰ, ২০২৩: এপল' প্ৰটন কেঞ্চাৰ চেণ্টাৰে (এপিচিচি) মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ বাবে ইয়াৰ অভূতপূৰ্ব উৎকৰ্ষ কেন্দ্ৰ (CoE) উদ্বোধন কৰাৰ কথা ঘোষণা কৰিছে। কৰ্কট ৰোগৰ নিয়ন্ত্ৰণ আৰু অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰতি থকা এক সৰ্বাত্মক দৃষ্টিভংগীৰ যোগেদি, ৰোগীসকলক তেওঁলোকৰ কাৰ্যক্ষমতা তথা সৌন্দৰ্যবৰ্ধনৰ গুণ সংৰক্ষণ কৰি কৰ্কটৰোগ

বিজ্ঞানৰ সম্ভাৱ্য উৎকৃষ্ট ফলাফলসমূহ আগবঢ়াই, এপিচিচি-এ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতিত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে সাজু হৈছে।
সমগ্ৰ বিশ্বৰ 57.5% ঘটনা এছিয়াত সংঘটিত হোৱা এই মূৰ আৰু ডিঙিৰ কৰ্কটৰোগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক গুৰুত্বপূৰ্ণ উদ্বেগ। সমগ্ৰ বিশ্বজুৰি হোৱা সকলোধৰণৰ মূৰ আৰু ডিঙিৰ কৰ্কটৰোগৰ 30% ৰ বাবে দায়বদ্ধ ভাৰতবৰ্ষই ইয়াৰ এক গধুৰ বোজা বহন কৰে। 2018 বৰ্ষটোত, ভাৰতে মুখৰ কৰ্কট ৰোগৰ ফলত হোৱা 1,19,992 টা নতুন ঘটনা আৰু 72,616 টা মৃত্যুৰ ঘটনা নথিভুক্ত কৰিছিল, যাৰ ফলত দেশখনে "মুখৰ কৰ্কট ৰোগৰ ৰাজধানী" হোৱাৰ এক দুৰ্ভাগ্যজনক উপাধি লাভ কৰিছিল। এই উদ্বেগজনক অভিলেখৰ বাবে প্ৰায়ে কিছুমান অপুদ্ঘাত অভ্যাসক দোষাৰোপ কৰা হয়, যেনে ধঁপাত খোৱাটো আৰু মুখৰ কৰ্কট ৰোগৰ সৰ্বাধিক ঘটনাৰ লগত ধোঁৱাবিহীন ধপাত সেৱনৰ কথাটোৱেই জড়িত থাকে।পৰিস্থিতিটোৰ গাম্ভীৰ্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এপিচিচি-ৰ ৰেডিয়েশ্যন অংক'লজী বিভাগৰ স্তন, মূৰ আৰু ডিঙি শাখাটোৰ সঞ্চালক ডাঃ স্বপ্না নাংগিয়াই কয়, "ভাৰতত মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ বৰ বেছিকৈ হোৱাটো এক চিন্তাৰ কাৰণ, আৰু ইয়াৰ চিকিৎসাৰ বাবে এক বিশেষজ্ঞ তথা সংহত প্ৰচেষ্টাৰ বিশেষ প্ৰয়োজন। এপিচিচি-ৰ চেণ্টাৰ অৱ এক্সেলেন্স ফৰ হেড এণ্ড নেক কেঞ্চাৰ প্ৰতিষ্ঠানটো আমাৰ ৰোগীসকলৰ বাবে কাৰ্যকৰী আৰু ই সৌন্দৰ্যবৰ্ধনমূলক ফলাফলসমূহক অগ্ৰাধিকাৰ দিয়াৰ লগতে কৰ্কটৰোগ বিজ্ঞানৰ সম্ভাৱ্য উৎকৃষ্ট ফলাফলসমূহ আগবঢ়াবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।"
এপিচিচিৰ চাৰ্জিকেল অংক'লজীৰ মূৰ আৰু ডিঙিৰ কৰ্কটৰোগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ সন্দীপ দুৱৰাই কয়, "মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ ব্যৱস্থাপনা সদায়ে এক বহুমুখী প্ৰচেষ্টাৰ পদ্ধতি হৈ আহিছে।  এপিচিচি-ত, আমাৰ ওচৰত কেৱল আমাক সহায় কৰিবৰ বাবে সকলো ধৰণৰ অত্যাধুনিক প্ৰযুক্তি থকাই নহয়, তাৰ লগতে আমাৰ দলটোত আছে নিখুঁতভাৱে কাম কৰা, ৰোগীৰ সুস্থতাৰ বাবে লোৱা সকলো ধৰণৰ চিকিৎসাৰ সিদ্ধান্তৰ বাবে ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰা এক কৰ্মশক্তি। এপিচিচি-ত, আমি সম্পূৰ্ণ দলবদ্ধভাৱে কাম কৰাত বিশ্বাস কৰোঁ যিটো হৈছে আমাৰ এক বৈশিষ্ট্য।"কেন্দ্ৰটোৰ অত্যাধুনিক প্ৰযুক্তিসমূহৰ ভিতৰত আছে ৰবটিক্স অস্ত্ৰোপচাৰ, ভাৰ্চুৱেল পৰিকল্পনা আৰু 3ডি প্ৰিণ্টিং, ভইচ বক্স কৰ্কটৰোগৰ বাবে Co2 লেজাৰ, সম্ভাৱ্য ক্ষতিকাৰক কৰ্কট ৰোগৰ আগতীয়া নিৰ্ণয়ৰ বাবে নেৰ'-বেণ্ড ইমেজিং, হাই-এণ্ড এণ্ডোস্কোপিক ইনষ্ট্ৰুমেণ্টেশ্যন আৰু লাওখোলা-আধাৰিত টিউমাৰবোৰৰ বাবে নেভিগেশ্যন প্ৰণালী। 
কেন্দ্ৰটোৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বৰ্ণনা কৰোঁতে নিজৰ বক্তব্য ৰাখি এপিচিচিৰ চাৰ্জিকেল অংক'লজীৰ মূৰ আৰু ডিঙিৰ কৰ্কটৰোগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ নবীন হেডনে কয়, "এপিচিচি-ত আমাৰ দলটোত আছে ভালেসংখ্যক নিষ্ঠাবান পেছাদাৰী লোক যিসকলে মূৰ আৰু ডিঙিৰ কৰ্কটৰোগ ব্যৱস্থাপনা খণ্ডটোলৈ 100 বছৰৰো অধিক কালৰ এক সামূহিক নিদানিক অভিজ্ঞতা আনিছে। আমি অত্যাধুনিক প্ৰযুক্তিৰে সৈতে সুসজ্জিত, আৰু আমাৰ বহুমুখী প্ৰচেষ্টাই ৰোগীসকলে যাতে সৰ্বোচ্চ মানৰ শুশ্ৰূষা লাভ কৰে তাক নিশ্চিত কৰে।"এক সমন্বিত পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এপিচিচি-ৰ মেডিকেল অংক'লজীৰ মূৰ আৰু ডিঙিৰ কৰ্কটৰোগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ প্ৰসাদ ঈশ্বৰণে কয়, "আমাৰ দলটোত বিভিন্ন শাখাৰ বিশেষজ্ঞ আছে। তাৰ ভিতৰত আছে ৰেডিয়েশ্যন অংকলজিষ্ট, ৰবটিক চাৰ্জন, মেডিকেল অংকলজিষ্ট, পেথলজিষ্ট, ৰেডিঅ'লজিষ্ট, স্পীচ থেৰাপিষ্ট, থেৰানোষ্টিক্স/নিউক্লিয়াৰ মেডিচিন বিশেষজ্ঞ আৰু এনাস্থেচিয়ালজিষ্ট। এই বহুমুখী পদ্ধতিয়ে ৰোগীসকলক এক সৰ্বাত্মক তথা ব্যক্তিগতকৃত চিকিৎসা পৰিকল্পনা প্ৰদান কৰিবলৈ আমাক সুবিধা কৰি দিয়ে।"
এপিচিচি-য়ে কৰ্কট ৰোগৰ দৰে স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱা লোকসকলৰ বাবে সামগ্ৰিক সেৱা প্ৰদান কৰাটো নিশ্চিত কৰে। ই হৈছে এক সৰ্বাত্মক প্ৰচেষ্টা যি তেওঁলোকৰ শাৰীৰিক, আৱেগিক আৰু মানসিক সুস্থতাৰ সমস্যাবোৰ সমাধান কৰে। এই পদ্ধতিত বিভিন্ন ধৰণৰ বিশেষজ্ঞ সেৱা অন্তৰ্ভুক্ত থাকে, তাৰ ভিতৰত আছে চিকিৎসাৰ সময়ত সঠিক পুষ্টি নিশ্চিত কৰাৰ বাবে পথ্যমূলক সহায়, কথা-কোৱা আৰু গিলাৰ অসুবিধা থকা লোকসকলক সহায় কৰিবৰ বাবে গলাধঃকৰণ আৰু স্পীচ থেৰাপী। ইয়াৰ চাইকো-অংক'লজীৰ চিকিৎসকসকলে আৱেগিক সমৰ্থন প্ৰদান কৰে আৰু ৰোগ নিৰ্ণয়ৰ সৈতে মোকাবিলা কৰাৰ মানসিক দিশবোৰ সমাধান কৰে আনহাতে ফিজিঅ'থেৰাপী দলটোৱে শাৰীৰিক কাৰ্যক্ষমতা বৰ্তাই ৰখা বা উন্নত কৰাত নিৰলসভাৱে সহায় কৰে। নিৰাময় যে চিকিৎসা ব্যৱস্থাৰ উৰ্ধত সেই কথা প্ৰতীয়মান কৰি ৰোগীৰ শুশ্ৰূষাৰ আঁচনিত এই উপাদানবোৰ সংহত কৰি তোলাৰ যোগেদি, এপিচিচি-এ জীৱনৰ সামগ্ৰিক মানদণ্ড বৃদ্ধি কৰাৰ লগতে এক সুস্থতাৰ অনুভূতি প্ৰৱৰ্তন কৰে।
চেণ্টাৰ অৱ এক্সেলেন্স ফৰ হেড এণ্ড নেক কেঞ্চাৰ প্ৰতিষ্ঠানখনৰ শুভ আৰম্ভণিয়ে কৰ্কট ৰোগৰ চিকিৎসা উন্নত কৰি তোলা আৰু ৰোগীসকলৰ বাবে সম্ভাব্য সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদান কৰাৰ ক্ষেত্ৰত থকা এপিচিচি-ৰ প্ৰতিশ্ৰুতি পুনৰবাৰ সাব্যস্ত কৰে। ইয়াৰ অত্যাধুনিক প্ৰযুক্তি, অভিজ্ঞ বিশেষজ্ঞৰ দল আৰু অংক'লজিকেল তথা কাৰ্যকৰী সুস্থতা এই দুয়োধৰণৰ কল্যাণৰ প্ৰতি তথা নিষ্ঠাৰ জৰিয়তে, এপিচিচি-এ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ বিৰুদ্ধে নমা এই যুঁজখনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here