ডেইজী শ্বাহে গুৱাহাটীত মুকলি কৰিলে মাণিক চান্দ জুৱেলাৰ্ছৰ ষষ্ঠখন বিলাসী বিপণী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 November 2023

ডেইজী শ্বাহে গুৱাহাটীত মুকলি কৰিলে মাণিক চান্দ জুৱেলাৰ্ছৰ ষষ্ঠখন বিলাসী বিপণী

 

W7s news গুৱাহাটী


: আগশাৰীৰ গহণা প্রতিষ্ঠান মাণিক চান্দ জুৱেলাৰ্ছে আজি গুৱাহাটীত নিজৰ আন এখন ফ্লেগশ্বিপ ষ্ট'ৰ উদ্বোধন কৰি নিজৰ পৰিসৰ বৃদ্ধি কৰিছে। এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ মোহময়ী অভিনেত্রী ডেইজী শ্বাহ। এই প্ৰান্তত তেওঁলোকৰ ৬ষ্ঠ ষ্ট'ৰ আৰু গুৱাহাটীত ৪ৰ্থ ষ্ট'ৰ মুকলি অনুষ্ঠানত বলীউডৰ মোহময়ী অভিনেত্রীগৰাকীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। 

মাণিক চান্দ জুৱেলাৰ্ছৰ এম ডি কৃষাণ কুমাৰ ছোনীৰ লগতে মাণিক চান্দৰ আন সদস্যসকলে ডেইজী স্বাহক উষ্ম আদৰণি জনায়। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বিপনীখন পৰিদৰ্শন কৰে।  বিপনীখন পৰিদৰ্শন কৰাৰ পিছত তেওঁ বিপনীখনৰ আকৰ্ষণীয় ভিতৰভাগ আৰু সুন্দৰ গহনা সংগ্ৰহৰ প্ৰশংসা কৰে।প্ৰথমবাৰলৈ গুৱাহাটী ভ্ৰমণ আৰু ষ্ট'ৰৰ সমৃদ্ধিৰ বিষয়ে মন্তব্য কৰি অভিনেত্রী ডেইজী শ্বাহে কয় যে “মাণিক চান্দ জুৱেলাৰ্ছৰ যাত্ৰাৰ এই স্মৰণীয় মুহূৰ্তৰ অংশ হ'বলৈ পাই মই আনন্দিত হৈছোঁ। ষ্ট'ৰৰ ভিতৰৰ অংশ যথেষ্ট আধুনিক আৰু গহণাৰ সংগ্ৰহসমূহো যথেষ্ট ট্ৰেণ্ডি। ইয়াৰ গহণাবোৰ সঁচাকৈয়ে ধুনীয়া। সকলো বয়সৰ লোকে নিঃসন্দেহে মাণিক চান্দ জুৱেলাৰীৰ এক্সক্লুছিভ গহণা ক্ৰয় কৰিব পাৰিব।"ষ্ট'ৰখনৰ আড়ম্বৰপূৰ্ণ অভ্যন্তৰীণ অংশই বিশ্ব মানদণ্ডৰ নান্দনিকতা আৰু বিলাসীতাৰ এক প্ৰমাণ - ইয়াত দৃষ্টিনন্দন লাইটিং, প্রিমিয়াম ইটালিয়ান মাৰ্বলৰ মজিয়া গাঁৱলীয়া শৈল দেৱাল, জাকজমক কাঠৰ আচবাব আৰু ধাতৱীয় ফিটিংছ প্ৰদৰ্শন কৰা হৈছে। এই ব্ৰেণ্ডটোৱে নিশ্চিতভাৱে শীর্ষস্থানীয় গ্রাহক সেৱাৰ প্ৰতি দায়বদ্ধতাৰে বিলাসী বজাৰ অভিজ্ঞতাক নতুন যাত্ৰা প্ৰদান কৰিছে।এই গ্রেণ্ড উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মাণিক চান্দ জুৱেলাৰৰ নিষ্ঠাৱান পৃষ্ঠপোষকসকলে বিশেষকৈ ডিজাইনৰ বিশাল শৃংখলৰ শলাগ লয় আৰু প্ৰশংসাৰে উপচাই পেলায়। ৫৫০০ বৰ্গফুটতকৈ অধিক স্থানজুৰি বিস্তৃত গুৱাহাটীৰ এই আউটলেটত অজস্র ডিজাইন প্ৰদৰ্শন কৰা হৈছে। প্রত্যেকটো হলমার্কযুক্ত সোণ আৰু প্ৰমাণিত হীৰা নিখুঁতভাৱে তৈয়াৰ কৰা হৈছে । এই এক্সক্লুছিভ ষ্টত বিভিন্ন ধৰণৰ গহণা যেনে- গোল্ড, কুণ্ডন, জাদাও, এণ্টিকিউ, ইটালীয়ান, তুর্কী আৰু ডাইমণ্ড গহণাৰ লগতে নিজৰ ব্ৰেণ্ড ভেল্যুৰ অনন্য ৰূপৰ সামগ্রীও লাভ কৰিব ।ব্ৰেণ্ডটোৰ লোকাচাৰৰ ওপৰত বক্তব্য ৰাখি কৃষাণ কুমাৰ ছোনীয়ে কয় যে, ব্ৰেণ্ড হিচাপে আমাৰ মূল লক্ষ্য হৈছে আমাৰ প্ৰিয় পৃষ্ঠপোষকসকলৰ হাতৰ মুঠিত প্রিমিয়াম গহণা তুলি দিয়া। বহুৱে গুৱাহাটীৰ ভিতৰত আমাৰ বৰ্তমানৰ আউটলেটসমূহলৈ যথেষ্ট দূৰত্ব অতিক্ৰম কৰিছে বুলি স্বীকাৰ কৰি আমি তেওঁলোকৰ ওচৰত থকাৰ লক্ষ্য ৰাখিছোঁ। গুৱাহাটীত আমাৰ চতুৰ্থখন ষ্টৰ মুকলি হোৱাৰ লগে লগে আমি কেৱল সম্প্রসাৰিত হোৱাই নহয় লগতে বজাৰৰ অভিজ্ঞতা বৃদ্ধি কৰিছো। আমি লোৱা প্ৰতিটো পদক্ষেপ তেওঁলোকৰ বাবে। "এই বিশাল শুভাৰম্ভৰ জৰিয়তে মাণিক চান্দ জুৱেলাৰ্ছে গহণা ডিজাইনৰ ক্ষেত্ৰত উৎকৃষ্ট সমাদৰ আৰু বিলাসী বজাৰ অভিজ্ঞতাক গ্ৰাহকৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here