জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ ভাগেই দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 11 November 2023

demo-image

জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ ভাগেই দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা

Responsive Ads Here

 




দীপাৱলীত কলগছ জাতীয় আতচবাজীৰ পৰাই দুৰ্ঘটনাৰ ৭৫ শতাংশ লোক অগ্নিদগ্ধ হয়



W7s news গুৱাহাটী: ‘জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ ভাগেই দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা৷ আনহাতে দুৰ্ঘটনাত বলী হোৱা সৰহভাগেই হ’ল শিশু আৰু কিশোৰ৷’ এইদৰে কয়-  বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সম্পাদক তথা বিশিষ্ট চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই৷ শনিবাৰে  গুৱাহাটীৰ নেমকেয়াৰ হাস্প

তালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন  কৰি ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই লগতে কয়- দীপাৱলীত সংঘটিত এনে দুৰ্ঘটনাৰ বাবেই এইবাৰ ফটকাবিহীন দীপাৱলী উদ্‌যাপন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনালোঁ। দীপাৱলীৰ বিগত সময়ৰ তথ্য উল্লেখ কৰি ডাঃ শৰ্মাই কয় যে দীপাৱলীত কলগছ জাতীয় আতচবাজীৰ পৰাই দুৰ্ঘটনাৰ ৭৫ শতাংশ লোক অগ্নিদগ্ধ হয়৷ সেয়ে সাৱধানতাৰে দীপাৱলী উদ্‌যাপন কৰি পৰাপক্ষত ফটকা জাতীয় প্ৰদূষণকাৰী সামগ্ৰ নুফুটাকৈ সেউজ ফটকা ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহবান জনায়৷ ইফালে সংবাদ মেলত ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ বিগত দিনৰ পদক্ষেপৰ কথা সদৰী কৰি অগ্নিদগ্ধ লোকৰ ক্ষেত্ৰত লব লগা সাৱধানতাৰ কথা উল্লেখ কৰে৷ ইফালে বাৰ্ণ ইউনিটত ২০১০ ৰ পৰা ২০২২ চনলৈ ৪৫৫০ জন অগ্নিদগ্ধ লোক চিকিৎসাধীন হৈছে ইয়াৰে মৃত্যুৰ সংখ্যা ৪০৭ জন, সম্পূৰ্ণ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ১১৭৭ জন আৰু নিমজ চাল লৈ ঘৰলৈ ঘূৰি যোৱা ৰোগীৰ সংখ্যা শতকৰাত ৭৫ জন৷ সেইদৰে এনে দৰিদ্ৰ লোকৰ বাবে ফাউণ্ডেশ্যনে আৰ্থিক সাহায্য প্ৰদান কৰিও বহু লোকক চিকিৎসা প্ৰদান কৰি আহিছে৷ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই সংবাদ মেলত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা পোহৰৰ উৎসৱ দীপাৱলীক আমি পোহৰেৰে উদ্‌যাপন কৰো আহক বুলি সকলোকে আহবান জনায়৷ লগতে তেওঁ সাৱদানতাৰে দীপাৱলী উদ্‌যাপন কৰিলে সকলোৰে শুভ হ’ব বুলি উল্লেখ কৰি ৰাইজক সেউজ ফটকা ব্যৱহাৰ কৰিবলৈ আহবান জনায়৷ সংবাদ মেলত হাস্পতাখনৰ কাৰ্যবাহী সঞ্চালক, বিশিষ্ট চিকিৎসক ডাঃ মিহিৰ কুমাৰ বৰুৱাও উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *