গুৱাহাটীত দূৰ্গা পূজাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিশেষ স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 31 October 2023

গুৱাহাটীত দূৰ্গা পূজাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিশেষ স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

 

দুৰ্গা পূজা সমিতিৰ মাজত  অনুষ্ঠিত হ'ব স্বচ্ছতা 

প্ৰতিযোগিতা


প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিব লাগিব পূজা সমিতি সমূহে-মেয়ৰ মৃগেন শৰণীয়া



দেৱলী নিশা ২ বজাৰ পৰা পুৱা ৫-৬বজাৰ ভিতৰত আমি গুৱাহাটীখন পৰিস্কাৰ কৰিম


দেৱলীৰ সময়ত কলপুলিৰ ব্যৱসায় কৰা সকলক অনুৰোধ তেওঁলোকে বিক্রী নোহোৱা কলপুলিবোৰ লৈ যোৱাৰ ব্যৱস্হা কৰক-মেয়ৰ মৃগেন শৰণীয়া




 W7s news গুৱাহাটী: গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা দূৰ্গা পূজাৰ বাবে  গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বিশেষ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। গুৱাহাটীৰ দুৰ্গা পূজা সমিতিৰ মাজত ২০ অক্টোবৰৰ পৰা  অনুষ্ঠিত হোৱা 'স্বচ্ছতা' প্ৰতিযোগিতাৰ ফলাফল সমূহ মঙলবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলতযোগে ঘোষণা কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।  তেওঁ  কয়-এই প্ৰতিযোগিতাৰ বাবে প্লাষ্টিক ব্যৱহাৰ সম্পূৰ্ণৰূপে।পূজা সমিতি সমূহে নিষিদ্ধ কৰিব লাগিব, পূজামণ্ডপৰ লগতে মণ্ডপৰ চৌদিশ পৰিষ্কাৰ কৰিব লাগিব, ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগিব দেৱীৰ ভোগ খোৱা প্লেট সমূহো যাতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰে তাৰ বাবে আমি কিছু নীতি নিৰ্দেশনা ধৰি দিছিলোঁ। আমি ৱাৰ্ড সমূহৰ পৰা পূজা কমিটিৰ তালিকা প্ৰস্তুত কৰিছিলোঁ। এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে ১০ হাজাৰকৈ টকা ২৫ খন পূজা সমিতিয়ে লাভ কৰিলে। সেইদৰে দ্বিতীয় পুৰস্কাৰ হিচাপে ৭ হাজাৰকৈ টকা ৫০ খন পূজা সমিতিয়ে লাভ কৰিলে। তৃতীয় পুৰস্কাৰ হিচাপে ৫ হাজাৰকৈ টকা ১০০ খন পূজা সমিতিয়ে লাভ কৰিলে।আমি মুঠতে ১৭৫ খন পূজা কমিটীক পুৰস্কৃত কৰিম। লগতে মানপত্ৰও প্ৰদান কৰা হ'ব। এই পুৰস্কাৰ সমূহ ৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত প্ৰদান কৰিম। অনুষ্ঠানত আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য মন্ত্ৰীক আমন্ত্ৰণ জনাইছোঁ। প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ২৫ খন পূজা সমিতিৰ ভিতৰত তিনিখন হ'ল-


 ৰেষ্ট কেম্প কালিবাৰী, মালিগাঁও কালিবাৰী (এফ এফ ৰেলৱে মুখ্য কাৰ্যালয়ৰ সমীপত), নৱজাগৰণৰ ক্লাব ধীৰেণপাৰা। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত ৫০ খন পূজা সমিতিৰ তিনিখন হ'ল -একাউন্স কলনী দুৰ্গা পূজা, কামাখ্যা নগৰ দুৰ্গা পূজা, ষ্টেচন কলনী দুৰ্গা পূজা। সেইদৰে  তৃতীয় পুৰস্কাৰ হিচাপে পুৰস্কাৰ লাভ কৰা ১০০ খন পূজা সমিতিৰ তিনিখন হৈছে ক্ৰমে আমেৰিকান কলনী দুৰ্গা পূজা, কামাখ্যা কলনী দুৰ্গা পূজা, মালিগাঁও এক নম্বৰ গেট দুৰ্গা পূজা।আমাৰ এই প্ৰতিযোগিতাত কোনো কাউঞ্চিলাৰ জড়িত হোৱা নাছিল। নিৰীক্ষণৰ বাবে থাকিব সুকীয়াকৈ তৃতীয় পক্ষৰ লোক, এজেন্সি আৰু স্বেচ্ছাসেৱী সংগঠন আছিল। আমাৰ মূল উদ্দেশ্য হ'ল গুৱাহাটীখন স্বচ্ছ কৰি ৰখা।গুৱাহাটীৰ পুজাসমূহ এক সুন্দৰ পৰিবেশনত অনুষ্ঠিত হ'ব লাগে।আমাকো যাতে গুৱাহাটী বাসীয়ে সহযোগ কৰে তাৰে আশা কৰিলোঁ। গুৱাহাটীত অনুষ্ঠিত হোৱা  দুৰ্গা পূজাত স্বচ্ছতা বৰ্তাই ৰাখি গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তুলিবলৈ আমি গুৱাহাটীবাসীক আহ্বান জানিছিলোঁ। তদুপৰি দেৱালীৰ নিশা ২বজাৰ পৰা পুৱা ৫-৬বজাৰ ভিতৰত পৰিস্কাৰ কৰিম। কলপুলিৰ ব্যৱসায়ীসকলো অনুৰোধ জনালোঁ যাতে তেওঁলোকে বিক্রী কৰাৰ পাছত ৰৈ যোৱা কলপুলি যাতে নিজৰ সৈতে লৈ যায় সেইখিনি তেওঁলোকে যাতে লৈ যায় । সেইখিনিয়ে যথেষ্ট অৱর্জনাৰ সৃষ্টি কৰে।গুৱাহাটীৰ পৌৰ নিগৰম  প্ৰায় ৬০ টা এন জি অ' আছে যিয়ে  জাৱৰ প্রতিঘৰৰ পৰা  মাহেকত ৫০ টকাৰ বাবদ সংগ্ৰহ কৰে। তেওঁলোকৰ যাতে নিয়মীয়াকৈ গুৱাহাটীবাসীয়ে ৫০ টকাকৈ দিয়ে তাৰবাবে অনুৰোধ জনালোঁ। আমি অনাহাত সময়ত জাবৰৰ ক্ষেত্ৰত বহুতো ব্যৱস্হা গ্ৰহণ কৰিম। গুৱাহাটীখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত কৰক নিজৰ নিজৰ ৱাৰ্ডত ৰাইজে সহযোগ কৰক।কেইজনমান লোকৰ বাবে গুৱাহাটীখন লেতেৰা হৈ আছে। অতি শীঘ্ৰে গুৱাহাটীখনত ২০ হাজাৰ ষ্ট্ৰীট লাইট সংস্থাপন কৰা হ'ব। ইয়াৰ বাবে ৮৪ কৌটি টকা বৰ্তমান ধাৰ্য কৰা হৈছে যদিও এই ধনৰ পৰিমাণ।এশ কৌটিও হ'ব গৈ পাৰে। ইয়াৰ বাবে অন্তিম পৰ্যায়ত আছে নিবিদা প্ৰক্ৰিয়া। এই আঁচনি আগন্তক দুমাহৰ ভিতৰত কাৰ্যকৰী হ'ব। মূলত মহানগৰীত বৃদ্ধি পোৱা চুৰি -ডকাইটিৰ ঘটনা ৰোধ কৰিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here