বিশ্ব মান দিৱস উপলক্ষ্যে ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ তৰফৰ পৰা আন্তঃ মহাবিদ্যালয় অনুষ্ঠানৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 7 October 2023

বিশ্ব মান দিৱস উপলক্ষ্যে ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ তৰফৰ পৰা আন্তঃ মহাবিদ্যালয় অনুষ্ঠানৰ আয়োজন

 

W7s news,,,গুৱাহাটী, ৭ অক্টোবৰ : বিশ্ব মান দিৱসৰ পূৰ্বসূৰী হিচাপে আজি বিআইএছ, গুৱাহাটী শাখা কাৰ্যালয়ে এনজিঅ' অংশীদাৰ এনইএইডৰ সহযোগত শুৱালকুছিস্থিত এছবিএমএছ মহাবিদ্যালয়ত এলানি আন্তঃমহাবিদ্যালয় অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোৰ অংশ হিচাপে মহাবিদ্যালয়খনত শ্লোগান লিখন, পোষ্টাৰ অংকন আৰু সমসাময়িক ভাষণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

বিশ্ব মান দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে, এখন উন্নত পৃথিৱীৰ বাবে সামূহিক দৃষ্টিভংগী- এছডিজি-৩ৰ অন্তৰ্ভুক্তকৰণ। প্ৰতিযোগিতাসমূহৰ বিজয়ীসকলক অহা ১৪ অক্টোবৰ তাৰিখে বিশ্ব মান দিৱসৰ মূল অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব।ইয়াৰোপৰি, যুৱ সংযোগ কাৰ্যসূচীৰ এক অংশ হিচাপে শিক্ষাৰ্থীসকলে কোৱালিটী কানেক্ট এপত অন্তৰ্ভুক্ত ভিডিঅ' এটা বজাই তেওঁলোকৰ পৰিচিত ব্যক্তিসকলৰ মাজত প্ৰমাণিত সামগ্ৰীৰ বিষয়ে সজাগতা বিয়পাব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ মতামত দাখিল কৰিব বুলি আশা কৰা হৈছে।


অনুষ্ঠানৰ আয়োজক এছবিএমএছ মহাবিদ্যালয়ৰ উপৰি বামুন্দী মহাবিদ্যালয়, পূব বংশৰ মহাবিদ্যালয়, পচৰীয়া; ৰামদিয়াস্থিত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও প্ৰতিযোগিতাসমূহত উৎসাহেৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here