গুজৰাটৰ উদ্যোগ মন্ত্ৰীৰ সৈতে আলোচনা
W7s news,,,গুৱাহাটী: নতুন দিল্লীত আজি অনুষ্ঠিত "ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট" ২০২৪ শীৰ্ষক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম তথা উত্তৰ-পূৱৰ যুৱ উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই। উত্তৰ-পূৱৰ পৰা উদ্যোগপতি ড০ ধানুকাই উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলটোকে প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেইবাজনো মন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত ৰাজধানী দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত হয় "ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট" ২০২৪ শীৰ্ষক মতবিনিময় অনুষ্ঠান। অসম তথা উত্তৰ পূৱৰ যুৱ উদ্যোগপতি ড০ ধানুকাৰ লগতে সমগ্ৰ দেশৰ বহু প্ৰখ্যাত উদ্যোগপতি আৰু প্ৰভাৱশালী ব্যক্তি সকল উক্ত মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত মত বিনিময় অনুষ্ঠানত ড০ ধানুকাই গুজৰাটৰ উদ্যোগ, অসামৰিক বিমান পৰিবহন, গ্ৰামোন্নয়ন, শ্ৰম আৰু নিয়োগ মন্ত্ৰী বলৱন্তসিংহ ৰাজপুতৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত ড০ ধানুকাই উত্তৰ-পূব আৰু গুজৰাটৰ মাজত বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰখন কি দৰে আৰু অধিক শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰত বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰী ৰাজপুতে গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঔদ্যোগিক খণ্ডত সামগ্ৰিক বিকাশৰ বাবে ড০ ধানুকাৰ ধাৰণা আৰু পৰামৰ্শক প্ৰশংসা কৰে। আনহাতে ২০২৪ৰ ১০, ১১ আৰু ১২ জানুৱাৰীত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হবলগীয়া দশম "ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট" ২০২৪ শীৰ্ষক অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰখ্যাত উদ্যোগপতি, বিনিয়োগকাৰী, উদ্ভাৱক, কৰ্পোৰেট, নীতি আৰু মতামত নিৰ্মাতাৰ লগতে বিশিষ্ট কূটনীতিবিদে অংশগ্ৰহণ কৰিব।
No comments:
Post a Comment