পহিলা নৱেম্বৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৮ সংখ্যক আন্তৰ্জাতিক গুৱাহাটী বাণিজ্য মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 31 October 2023

পহিলা নৱেম্বৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৮ সংখ্যক আন্তৰ্জাতিক গুৱাহাটী বাণিজ্য মেলা

 


W7s news গুৱাহাটী : গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত পহিলা নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ২৮ সংখ্যক আন্তৰ্জাতিক গুৱাহাটী বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ এছ'চিয়েশ্যন অৱ আছাম (আইটিএফএএ)ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে আইটিএফএএ, এন ই আৰৰ উপ-সভাপতি ৰাজেশ দাসে। তেওঁ লগতে কয়-  ৩ নৱেম্বৰৰ আবেলি ৪ বজাত গুৱাহাটী বাণিজ্য মেলাৰ স্থানত অসমৰ ছয়গৰাকী বিশিষ্ট ব্যক্তি- ডাঃ নোমল বৰা, নেলী আহমেদ, অৰুণ শৰ্মা, সঞ্জীৱ নাৰায়ণ, শ্বেখ ব্ৰাদাৰ্ছ আৰু সঞ্জীব সভাপণ্ডিতক গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা প্ৰদান কৰা হ'ব। সেইদিনাই মেলাখন আনুষ্ঠানিকভাবে মুকলি কৰা হ'ব। এই মেলাৰ লগত সংগতি ৰাখি চিত্ৰাংকণ, আধুনিক নৃত্য আৰু ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিজয়ী সকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব।' মেলাখনত টাটা মটৰ্ছ, ভাৰতীয় উদ্যোগ বিকাশ প্ৰতিষ্ঠান (ইডিআইআই)য়ে অংশগ্ৰহণ কৰিব। এভন ফিটনেছ সামগ্ৰী, তৰু'ছ  উদ্যোগ, কামাখ্যা নাৰ্চাৰী, প্ৰেষ্টিজ, পদম বুকচ, ফাৰ্নিচাৰ হাব, ট্ৰাইফেড, কুটচিনা, হিন্দৱেৰ, এম্বিচন মালয়েচিয়ান কোকাৰী আৰু মেলামাইন, গিফ্টাচিও, ফুটৱেৰ, পাঞ্জাৱ হস্ততাঁত, মায়া ইলেক্ট্ৰনিক্স, স্মাৰ্ট চেভ, পেচন কাৰ্পেট, এম এম চিল্ক, ৰয়েল উড ফাৰ্নিচাৰ, ৰাজস্থানী আচাৰ, গুজৰাটি নমকিন, জয়পুৰ টেক্সটাইল, গাজক, কিৰমানিয়া কাশ্মীৰ হস্ততাঁত, উত্তৰ প্ৰদেশ হস্ততাঁত, পুতলা, আয়ুৰ্বেদিক সামগ্ৰী। থাই সামগ্ৰী, আফগানিস্তান, বাংলাদেশৰ জামদানি শাৰী আৰু আন বহুতো সামগ্রী উপলব্ধ হ'ব। মেলাখনত এনএছআইচি আৰু ডিচি (হস্তশিল্প)ৰ দুটা বিশাল পেভিলিয়ন থাকিব য'ত সমগ্ৰ দেশৰ উদ্যোগীসকলে অংশগ্ৰহণ কৰিব। এই মেলাত প্ৰায় ২০০ বিপণীয়ে অংশগ্ৰহণ কৰিব। মেলাৰ প্ৰৱেশ পত্ৰৰ মূল্য ৩০ টকা ধাৰ্য কৰা হৈছে। এন এছ আই চি,এমএছএমই, ডিচি (হস্তশিল্প) টেস্ক্সটাইল মন্ত্ৰালয়, দ্য আছাম ট্ৰিবিউন আৰু অসম বাণিজ্য প্ৰচাৰ সংস্থা (এটিপিঅ')ৰ সহযোগত অনুষ্ঠিত হ'ব লগীয়া মেলাত সকলোৰে উপস্থিতি কামনা কৰিলোঁ।' সংবাদ মেলত আইটিএফএএ, এন ই আৰৰ সম্পাদকদ্বয় ৰাজীৱ দাস,মিত দাস, কোষাধ্যক্ষ প্ৰবীণ ঠাকুৰ


উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here