ইউ এছ টি এমত সাধাৰণ অধিবেশন আৰু সৰ্বভাৰতীয় বিদ্যালয় মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 October 2023

ইউ এছ টি এমত সাধাৰণ অধিবেশন আৰু সৰ্বভাৰতীয় বিদ্যালয় মহোৎসৱ

 



W7s news. গুৱাহাটী


: মেঘালয়ৰ ইউনিভাৰ্চিটি অৱ চায়েঞ্চ এণ্ড টেকন'লজি (

ইউ এছ টি এম)ত ১৬ অক্টোবৰৰত দা ইউনাইটেড স্কুল অৰ্গেনাইজেচনৰ (ইউ এছ অ') ৰ উদ্যোগত ৬১ সংখ্যক  

সাধাৰণ অধিবেশন আৰু সৰ্বভাৰতীয় বিদ্যালয় মহোৎসৱৰ আয়োজন কৰা হৈছে। শনিবাৰে 

ইউ এছ অ' ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ইউ এছ অ'ৰ  

সচিব প্ৰধান নীনা জৈনে। তেওঁ লগতে কয়-ভাৰতৰ শিক্ষাৰ্থীসকলক বিশ্বৰ বিভিন্ন বিদ্যালয়ৰ বিষয়ে জ্ঞান দিয়াৰ লগতে ৰাষ্ট্ৰ সংঘৰ পৰীক্ষাত কেনেদৰে অৱতীৰ্ণ হ'ব পাৰি সেই বিষয়ে আভাষ দিয়া হ'ব।

তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে সামাজিক দায়বদ্ধতা বিষয়ে আভাষ দিয়া হ'ব। এই উপলক্ষে বিভিন্ন প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। প্ৰতিযোগিতা সমূহৰ ভিতৰত থাকিব চিত্ৰাংকন প্রতিযোগিতা, একক নৃত্য, গীত আৰু দলীয় নৃত্য, প্ৰতিযোগিতা, একক অভিনয় আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইদৰে অবধিবেশনখনত উপস্থিত থাকিব লগীয়া  বহু কেইগৰাকী প্ৰতিনিধিয়ে বিশ্বজনীন আৰু সামাজিক বিষয়ত বক্তৃতা প্ৰদান কৰিব।


 এই মহোৎসৱত দেশৰ ৩০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত অসমৰ ৪-৫ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিব। এই অধিবেশন আৰু মহোৎসৱৰ জৰিয়তে জ্ঞান, সম্প্ৰীতি আৰু সাংস্কৃতিক বৈচিত্ৰ‍্যত অধিক গুৰুত্ব দিয়া হ'ব। লগতে ভৱিষ্যতৰ শিক্ষা আৰু সামাজিক দায়বদ্ধতাৰ সম্ভাৱণীয়তাক এক নতুন মাত্ৰা দিয়া হ'ব।' 

সংবাদমেলত ইউনাইটেড স্কুল  অৰ্গেনাইজেশ্যন  সংস্হাটোৰ গুৱাহাটীৰ সম্পাদক প্ৰধান অশ্বিনী কুমাৰ শৰ্মাই কয়-

ৰাষ্ট্ৰসংঘৰ পৰীক্ষা সম্পৰ্কে আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক অৱগত কৰিবলৈ তথা সজাগ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ দেশৰ শিক্ষাৰ্থীসকলে যাতে বিদেশৰ সকলো গুৰুত্বপূৰ্ণ খবৰ, তথ্য লাভ কৰিব পাৰে তাৰে প্ৰয়াস কৰিছোঁ।'

সংবাদ মেলত ইউ এছ অ'ৰ

 প্ৰতিষ্ঠাপক সদস্য বিজয় কুমাৰ উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here